চেনাবৰ সোঁত (Senabor Xoot) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত এখনি উপন্যাস। উল্লেখযোগ্য যে এইখন তেখেতৰ প্ৰথম উপন্যাস। উপন্যাসখন ১৯৭২ চনত প্ৰকাশিত হৈছিল। ১৯৬৪ চনৰ পৰা তেখেতে অসমীয়া দৈনিক কাকত দৈনিক অসমত ধাৰাবাহিকভাৱে এই উপন্যাসখন লিখি আছিল।১২
ঔপন্যাসিকাৰ চমু পৰিচিতি
মূল প্ৰবন্ধ: মামণি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামী (১৯৪২-২০১১) হৈছে জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।
গ্ৰন্থখনৰ চমু বিৱৰণ
উপন্যাসখনত ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিকসকলৰ জীৱন-ধাৰণৰ এক চিত্ৰ অংকন কৰা হৈছে। চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰিবলৈ ওলোৱা এখন দলঙৰ নিৰ্মাণ কৰ্তৃপক্ষ আৰু তাৰ শ্ৰমিক পক্ষৰ মাজত সূত্ৰপাত হোৱা সংঘাত আৰু শোষণ এই উপন্যাসখনৰ মূল আধাৰ।১২
তথ্যসূত্ৰ
- ↑ চেনাবৰ সোঁত মোৰ প্ৰথম উপন্যাস: মামণি ৰয়ছম গোস্বামী. জীৱন এনেদৰেই
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০২. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেনাবৰ সোঁত” প্ৰবন্ধৰ সংশোধন ২৫০৩৯০ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।