অসমীয়া গ্ৰন্থ
৩৮৪ প্ৰবন্ধ
-
জ্যোতি দ্বিভাষিক অভিধান
জ্যোতি দ্বিভাষিক অভিধান (ইংৰাজী: Jyoti Divashik Abhidhan) ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা সংকলিত এখন ইংৰাজী-অসমীয়া দ্বিভাষিক সমাৰ্থক অভিধান৷ অভিধানখন পোনপ্ৰথমবাৰৰ বাবে ১৯৯০ চনত প্ৰকাশিত হৈছিল৷ অভিধানখনত ৬০,০০০ তকৈও অধিক ইংৰাজী শব্দ আৰু এক লাখতকৈও অধিক অসমীয়া শব্দ সন্নিৱিষ্ট হৈছে৷ অভিধানখন গুৱাহাটী…
-
নিৰ্ম্মল ভকত
নিৰ্ম্মল ভকত উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ। উপন্যাসখনত সামৰণিকে ধৰি মুঠ ২৬টা অধ্যায় আছে। 'নিৰ্ম্মল ভকত' উপন্যাসৰ কাহিনী সৃষ্টিৰ অন্তৰালৰ মূল কাৰণ হৈছে মানৰ আক্ৰমণ আৰু অত্যাচাৰ। নিৰ্ম্মল ভকত দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত,তেওঁৰ সোঁৱৰণিত জিলিকি উঠিছে মানৰ আক্ৰমণৰ পটভূমি।
-
পাটকাইৰ ইপাৰে মোৰ দেশ
পাটকাইৰ ইপাৰে মোৰ দেশ (Patkair Ipare Mor dex) হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
পৃথিৱীৰ অসুখ
পৃথিৱীৰ অসুখ (Prithivir Oxukh) হৈছে অসমৰ সাহিত্যিক, গল্পকাৰ তথা ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ গল্প সংকলন। ষোল্লটা গল্প সন্নিৱিষ্ট হোৱা এই গল্প সংকলনখনি ১৯৭৯ চনত প্ৰকাশিত হৈছিল। সংকলনটিৰ বাবে তেখেতে ১৯৮০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
ফেৰেংগাদাও
ফেৰেংগাদাও (Ferengadao) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে।
-
ফৰিংবোৰে বাটৰ কথা জানে
ফৰিংবোৰে বাটৰ কথা জানে (Pharingbore Bator Katha Jane) কিতাপখন কবি সমীৰ তাঁতীৰ দ্বাৰা ৰচিত এখন কাব্য গ্ৰন্থ। ২০২৪ বৰ্ষত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিত কবিৰ ৪২টা কবিতা সংকলিত হৈছে।
-
বিলাতৰ চিঠি
বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ (১৯০৯ চন) পৰা প্ৰকাশ হয়।
-
ভাষা-বিজ্ঞানৰ ভূমিকা
ভাষা-বিজ্ঞানৰ ভূমিকা ভাষা বিষয়ক মৌলিক গ্ৰন্থখনৰ ৰচক হ'ল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮০ চনৰ ডিচেম্বৰ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল মণিকূট প্ৰকাশ। প্ৰথম সংখ্যা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী সময়ত বহু কেইটা সংস্কৰণ প্ৰকাশ হৈছে। শেহতীয়া সংস্কৰণ প্ৰকাশ হৈছে ২০১৫ চনত।
-
ভাষাবিজ্ঞান উপক্ৰমণিকা
ভাষাবিজ্ঞান উপক্ৰমণিকা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ। লিখক অৰ্পণা কোঁৱৰ। প্ৰথম প্ৰকাশ হয় ২০০২ চনত। প্ৰকাশক বনলতা। গ্ৰন্থখনত ভাষাৰ তাৎপৰ্য, ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা, ভাষা চৰ্চা আৰু অধ্যয়নৰ ইতিহাস, ভাষাতত্ত্ব, ভাষাবিজ্ঞান, ব্যাকৰণ, ভাষাবিজ্ঞানৰ পৰিধি, ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান,…
-
মৌতম
মৌতম হৈছে ২০১১ চনত প্ৰকাশিত এখন গ্ৰন্থ। লিখক মৃণাল তালুকদাৰে একেলগে বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীসকলৰ উদ্দেশ্য, সমস্যা, চৰকাৰৰ সৈতে শান্তি স্থাপন আদি বিষয় সমূহ সন্নিৱিষ্ট কৰিছে। সেয়ে লিখকে এই গ্ৰন্থখনক উপন্যাসৰ সলনি বুৰঞ্জী বুলিহে উল্লেখ কৰিছে।
-
যাকেৰি নাহিকে উপাম
যাকেৰি নাহিকে উপাম (Jakeri Nahike Upaam) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক ড॰ লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখনক অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাসৰ মৰ্যাদা দিয়া হয়।
-
লাম্বাদা নাচৰ শেষত
লাম্বাদা নাচৰ শেষত অসমীয়া গল্পকাৰ, প্ৰবন্ধকাৰ, কলা-সমালোচক, শিল্পকলাৰ গৱেষক আৰু অধ্যাপিকা মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। ১৯৯৮ চনত সৰস্বতী প্ৰকাশনৰ পৰা প্ৰকাশিত সংকলনখনত লেখিকাৰ মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহ প্ৰান্তিক, গৰীয়সী আদি আলোচনীত প্ৰকাশিত হৈছিল।
-
লাহৰী
লাহৰী হৈছে পদ্মনাথ গোহাঞিবৰুৱা দ্বাৰা ৰচিত এখন উপন্যাস। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। গোহাঞি বৰুৱাৰ দ্বিতীয়খন উপন্যাস আৰু শেষ উপন্যাস হ’ল লাহৰী। ই এখন মিলনাত্মক উপন্যাস।
-
শীতৰ বতাহ আৰু বৰষুণ
শীতৰ বতাহ আৰু বৰষুণ (Xeetor Botah Aru Boroxun) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহত প্ৰকাশিত হৈছিল। অসমীয়া প্ৰকাশন গোষ্ঠী বান্ধৱে গ্ৰন্থখন প্ৰকাশ কৰে।
-
শৱ কটা মানুহ
শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰি লিখা এখন অসমীয়া ভাষাত ৰচিত উপন্যাস। উপন্যাসখনৰ ৰচক য়েছে দৰজে ঠংচি। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে এই উপন্যাসখন সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত।
-
সমালোচনা কলা আৰু সাধনা
সমালোচনা কলা আৰু সাধনা (ইংৰাজী: Samalochana Kala Aru Sadhana, ২੦২৪) সমালোচক আৰু অনুবাদক আনন্দ বৰমুদৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে প্ৰকাশ পোৱা এখন সংকলন গ্ৰন্থ৷ গ্ৰন্থখনৰ সম্পাদক হ’ল কল্যাণ ভূঞা আৰু প্ৰকল্প ৰঞ্জন ভাগৱতী৷
-
সাউদ আৰু অন্যান্য গল্প
সাউদ আৰু অন্যান্য গল্প হৈছে গল্পকাৰ অৰূপ কুমাৰ নাথৰ এক গল্প সংকলন। ২০০৭ চনত প্ৰথম প্ৰকাশিত এই গল্প সংকলনখনত তেৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। সাউদ আৰু অন্যান্য গল্প হ'ল নাথৰ দ্বিতীয়খন গল্প সংকলন। ২০১০ চনত মুনীন বৰকটকী বঁটা লাভ কৰা এই সংকলনটিৰ ২০২১ চনত আঁক-বাক প্ৰকাশনে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে।
-
সুগন্ধি পখিলা
সুগন্ধি পখিলা অসমৰ এগৰাকী কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত লিখা মুঠ ১৩৮ টা কবিতা ইয়াত সন্নিৱিষ্ট হৈছে।
-
১৯৬২ (গ্ৰন্থ)
১৯৬২ সাংবাদিক মৃণাল তালুকদাৰে ৰচনা কৰা এখন গ্ৰন্থ। ২০১৩ চনৰ ছেপ্তেম্বৰ মাহত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল। লিখকে একেলগে ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত ১৯৬২ৰ ভাৰত-চীনৰ যুদ্ধৰ কথা বৰ্ণনা কৰিছে।
-
অদম্য শক্তি
অদম্য শক্তি ২০১১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি (অনুবাদ) বঁটা বিজয়ী গ্ৰন্থ। ২০০৬ চনত প্ৰকাশিত ড॰ এ পি জে আব্দুল কালামৰ "ইন্ডমিটেব্ল্ স্পিৰিট" নামৰ গ্ৰন্থখনৰ অনুবাদ হৈছে অদম্য শক্তি। গ্ৰন্থখনৰ অনুবাদক সুৰেশ শৰ্মা।
-
অনুবাদ: তত্ত্ব আৰু প্ৰয়োগ (গ্ৰন্থ)
অনুবাদঃ তত্ত্ব আৰু প্ৰয়োগ গ্ৰন্থখনৰ লিখক নীৰাজনা মহন্ত বেজবৰা। বনলতা প্ৰকাশনৰপৰা ২০০৯ চনত প্ৰকাশিত এই গ্ৰন্থখনত অনুবাদৰ সামগ্ৰিক ধাৰণা প্ৰদান কৰাৰ লগতে অনুবাদৰ স্বৰূপ, অনুবাদৰ পদ্ধতি, ভাষা-শৈলী, অনুবাদ আৰু সাংস্কৃতিক বিশেষত্ব, অনুবাদ সম্পৰ্কীয় অধ্যয়ন, মূল্যায়ন, অনুবাদৰ ইতিহাস, অনুবাদৰ…
-
অনুভৱৰ প্ৰতিধ্বনি
অনুভৱৰ প্ৰতিধ্বনি(Anuvobor Prottidhoni) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১১ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ প্ৰকাশক হৈছে আঁক-বাঁক। প্ৰথম প্ৰকাশৰ মূল্য এশ টকা।
-
অন্তৰীপ (উপন্যাস)
অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ১৯৭৯ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন ৰামধেনু নামৰ আলোচনীত তিনিটা সংখ্যাত তিনিছোৱা প্ৰকাশ পোৱাৰ পাছত লিখাৰ কাম বন্ধ হয়। প্ৰান্তিক নামৰ আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ সংখ্যাৰ পৰা সেই তিনিছোৱা আকৌ প্ৰকাশ হয়। তাৰপাছত লিখা কাম আৰম্ভ হয়।
-
অন্য যুগ অন্য পুৰুষ
অন্য যুগ অন্য পুৰুষ (Onyo Jug Onyo Purux) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৭০ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন তেখেতৰ সাহিত্যিক জীৱনৰ প্ৰথমখন উপন্যাস বুলি গণ্য কৰা হয়।
-
অভিযাত্ৰী
অভিযাত্ৰী (Ovijatri) হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি জীৱনীমূলক উপন্যাস। এই উপন্যাসখনত অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ খতিয়ান দাঙি ধৰা হৈছে। চন্দ্ৰপ্ৰভা শইকীয়ানী বিষয়ক প্ৰথমখন অসমীয়া উপন্যাস।
-
অল দ'জ ইয়েৰনিংছ্
অল দ'জ ইয়েৰিঙছ্(All Those Yearnings) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন চুটিগল্পৰ অনুবাদ সংকলন। বিশিষ্ট সাহিত্যিক দিলীপ বৰাৰ বাৰটা চুটিগল্প অসমীয়াৰ পৰা ইংৰাজীলৈ ময়ূৰ বৰাই অনুবাদ কৰি এইখন সংকলন প্ৰস্তুত কৰিছে।
-
অশান্ত ইলেকট্ৰন
অশান্ত ইলেকট্ৰন হৈছে সৌৰভ কুমাৰ চলিহাৰ এখন জনপ্ৰিয় গল্পপুথি। ১৯৬২ চনত প্ৰথম প্ৰকাশ পোৱা গল্প সংকলখন চলিহাই তেখেতৰ ভাগিন, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে।
-
অশোক বিজ্ঞান অভিধান
অশোক বিজ্ঞান অভিধান(Ashok Bigyan Obhidhan) হৈছে ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ মুখ্য সম্পাদনাত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশ হোৱা এখন অসমীয়া বিজ্ঞান অভিধান।
-
অসম আন্দোলনৰ তথ্যকোষ
অসম আন্দোলনৰ তথ্যকোষ অসম চুক্তি ৰূপায়ণ বিভাগ আৰু অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত দিগন্ত ওজাৰ দ্বাৰা সম্পাদিত এখন তথ্যকোষ৷ এই গ্ৰন্থখন ৬টা খণ্ডত প্ৰকাশিত৷ এই গ্ৰন্থৰ জৰিয়তে অসম আন্দোলনৰ সামগ্ৰিক খতিয়ান তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আগ্ৰহ আৰু অসম চুক্তি ৰূপায়ণ…
-
অসম শিশু সাহিত্য কোষ
অসম শিশু সাহিত্য কোষ হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ। মুখ্য সম্পাদক হিতেশ ডেকা আৰু সহকাৰী সম্পাদক দিগন্ত ওজা। সমগ্ৰ শিশু সাহিত্যৰ কোষৰ প্ৰকল্প তত্ত্বাবধায়ক প্ৰণৱ শইকীয়া আৰু প্ৰকল্প কাৰ্যবাহী জ্যোতি খাটনিয়াৰ।