অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নামচাঙৰ অন্তেষপুৰ (গ্ৰন্থ)

নামচাঙৰ অন্তেষপুৰ হৈছে লেখক সৌম্যদ্বীপ দত্তৰ এখন প্ৰকৃতি বিষয়ক কিতাপ য'ত দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ আন্দোলনৰ বিষয়ে বৰ্ণনা আগবঢ়োৱা হৈছে।

হালনাগাদ: ৩১ মে’ ২০২৪ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নামচাঙৰ অন্তেষপুৰ হৈছে লেখক সৌম্যদ্বীপ দত্তৰ এখন প্ৰকৃতি বিষয়ক কিতাপ য'ত দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ আন্দোলনৰ বিষয়ে বৰ্ণনা আগবঢ়োৱা হৈছে।১

লেখকৰ পৰিচয়

লেখক সৌম্যদ্বীপ দত্ত হৈছে প্ৰকৃতিপ্ৰেমী সংগঠন 'নেচাৰ্চ বেকন'ৰ সঞ্চালক। ইয়াৰোপৰি দত্তই প্ৰকৃতি সজাগতামূলক সাহিত্য ৰচনা কৰে। প্ৰকৃতি সুৰক্ষাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০২৩ চনত অসম চৰকাৰে তেঁওক অসম গৌৰৱ বঁটা প্ৰদান কৰে।২ সৌম্যদ্বীপ দত্তই পৰিৱেশ সংৰক্ষণৰ ধাৰণাক আন্দোলনৰ পৰ্যায়লৈ আগুৱাই নিয়ে। সৌম্যদ্বীপ দত্তৰ সাহিত্য ৰচনাৰ অন্য এটা দিশ হ'ল নেচাৰ্চ বেকনৰ সাংগঠনিক প্ৰয়োজনত কিতাপ ৰচনা, কাৰণ সংগঠন কৰ্মী বা প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন পূৰণৰ বাবে কিতাপৰ অভাৱ। আনহাতে সাধাৰণ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰাই তেওঁৰ কলমৰ মূল উদ্দেশ্য। সৌম্যদ্বীপ দত্তৰ কিতাপ ৰচনাৰ দিশটো হৈছে পৰিৱেশ আন্দোলনৰ লগত জড়িত।৩ সাংগঠনিক প্ৰয়োজনতো দত্তই গ্ৰন্থ ৰচনা কৰিছে।

গ্ৰন্থখনৰ মূল কথা

অৰণ্যক নি:স্বাৰ্থ ভাৱে ভাল পোৱাৰ এক প্ৰামাণ্য দলিল হ'ল 'নামচাঙৰ অন্তেষপুৰ'। য'ত লেখক সৌম্যদ্বীপ দত্তই বৰ্ণনা কৰিছে কেইবা বছৰ জোৰা সংগ্ৰামী পৰিক্ৰমাৰ। যিয়ে শেষত "দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান" হিচাপে পৃথিৱীৰ মানচিত্ৰত স্বীকৃতি পাবলৈ সক্ষম হৈছে। উজনি অসমত যুগ-যুগ ধৰি সমৃদ্ধ হৈ থকা বৰ্ষাৰণ্য ধ্বংসৰ মুখৰপৰা উদ্ধাৰ কৰিবলৈ চলোৱা সংগ্ৰামৰ কথা কেৱল অসমবাসীয়েই নহয়, সমগ্ৰ দেশৰ প্ৰতিজন পৰিবেশ সচেতন ব্যক্তিৰ জ্ঞাত। জয়পুৰ, আপাৰ দিহিং, ডিৰক এই তিনিখন সংৰক্ষিত বনাঞ্চলক একত্ৰিত ভাৰে অভয়াৰণ্য ঘোষণা কৰিবলৈ সৌম্যদ্বীপ দত্তৰ নেতৃত্বত নেচাৰ্চ বেকনে ব্যাপক আন্দোলন সূচনা কৰিছিল। বৰ্ষাৰণ্যখনক অভয়াৰণ্যৰ মৰ্যাদা দিবলৈ চৰকাৰক হেঁচা প্ৰদান কৰাৰ লগতে অসমৰ লোক সকলক সচেতন কৰি তুলিবলৈ নেচাৰ্চ বেকনে ব্যাপক সংগ্ৰাম চলাইছিল। এই সংগ্ৰাম কিন্তু সুস্থ ৰূপত আগবঢ়া নাছিল। পদে পদে বাধা বিঘিনি, বৃহৎ মাফিয়াৰ প্ৰলোভন, আমোলা বিষয়াৰ অনেক ষড়যন্ত্ৰ, অপপ্ৰচাৰ, আনকি প্ৰাণৰ অনিশ্চয়তাৰ মাজত চলিছিল বৰ্ষাৰণ্য সংৰক্ষণৰ বাবে সংগ্ৰাম। এই সংগ্ৰামৰ ফলস্বৰূপেই ১১১.১৯ বৰ্গ কিলোমিটাৰ অৰণ্যক চৰকাৰে অভয়াৰণ্যৰ মৰ্যাদা দিবলৈ বাধ্য হয় ২০০৪ চনত, বহুবছৰ জোৰা প্ৰচেষ্টাৰ অন্তত। নামচাঙৰ অন্তেষপুৰ গ্ৰন্থত এই আন্দোলনৰ সমগ্ৰ বৰ্ণনা কৰিছে লেখকে।১

আলোচনা আৰু মন্তব্য

"নামচেঙৰ অন্তেষপূৰ গ্ৰন্থখন সৌম্যদ্বীপ দত্তৰ উল্লেখযোগ্য গ্ৰন্থ। দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ আন্দোলনৰ দলিলস্বৰূপ "নামচেঙৰ অন্তেষপুৰ।" সকলো দিশৰ পৰাই উন্নত আৰু সুখপাঠ্য গ্ৰন্থখনে পাঠকৰ হৃদয়ত যে সাঁচ বহুৱাই গৈছে তাত কোনো সন্দেহ নাই।১

তথ্যসূত্ৰ

  1. ↑ অনামিকা বৰুৱা. (১৪ ছেপ্তেম্বৰ ২০১৩). নামচাঙৰ অন্তেষপুৰ. সাহিত্য ডট অৰ্গ
  2. ↑ (১৩ ফেব্ৰুৱাৰী ২০২৪). Assam Gaurav award bestowed to 17 personalities in various fields. ইণ্ডিয়া টুডে এন ই
  3. ↑ ভাস্কৰ ভূঞা. (১৯ ফেব্ৰুৱাৰী ২০২০). চৰাই পৰ্যবেক্ষণৰ অনুপম হাতপুথি. সাহিত্য ডট অৰ্গ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামচাঙৰ অন্তেষপুৰ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪২১৯৬৪ (৩১ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।