নতুন কবিতা অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন। সম্পাদক মহেন্দ্ৰ বৰা। সঙ্কলনটোৰ প্ৰথম প্ৰকাশ হয় ১৯৫৬ চনত।১ গ্ৰন্থখন মূলতঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ নিৰ্বাচিত সংকলন।
গ্ৰন্থ বিৱৰণ
নতুন কবিতা পুথিখনত সৰ্বমুঠ ২০জন অসমীয়া নিৰ্বাচিত কবিৰ কবিতা সংকলিত হৈছে। আগকথা লিখিছে মহেন্দ্ৰ বৰাই। গ্ৰন্থখনৰ নিৰ্বাচিত কবিসকল হৈছে- দেৱকান্ত বৰুৱা, হেম বৰুৱা, নৱকান্ত বৰুৱা, হৰি বৰকাকতি, অজিৎ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা, অমলেন্দু গুহ, হোমেন বৰগোহাঞি, বীৰেশ্বৰ বৰুৱা, দিনেশ গোস্বামী, ৰাম গগৈ, পবিন্দ্ৰ বৰা, প্ৰফুল্ল ভূঞা, নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বীৰেন বৰগোহাঞি, মাণিক গগৈ, সুশীল শৰ্মা, চৈইদুদ্দিন আহমদ। প্ৰতিজন নিৰ্বাচিত কবিৰ তিনিটাৰ পৰা আৰম্ভ কৰি ৮, ৯টা পৰ্যন্ত কবিতা সন্নিৱিষ্ট কৰা হৈছে।
নতুন কবিতাই পঞ্চাশৰ দশকৰ আধুনিক অসমীয়া কবিতাৰ ধাৰাটোক প্ৰতিফলিত কৰিছিল। এই ধাৰাটোৱে মুকলি কৰা পথতেই আছে ফুল তৰা গান’ৰ কবি আৰু কাব্যকৃতিৰ আলোচনা। দৰাচলতে নিজ দেশৰ ভৌগোলিক পৰিধি পাৰ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰাচীন (ওমৰ, হাফেজ, মোগল ৰাজদৰবাৰৰ কবিসকল) আৰু আধুনিক (ৰাইনাৰ মাৰিয়া ৰিল্কে, ডাইলান টমাছ) কবিসকলৰ কাব্য ধাৰণাৰ সৰস বৰ্ণনা দি মহেন্দ্ৰ বৰাই তেওঁৰ অধ্যয়নৰ বিশালতা আৰু গভীৰতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। পাতনিত লেখকে নিজেই কৈছে ‘ফুল তৰা গান’ ‘মোৰ পাৰ-বাগৰ যৌৱনৰ ৰচনা। সেয়ে উচ্ছাসপ্ৰৱণ ভাবানুভূতিৰ বাবে প্ৰবন্ধসমূহৰ সকলোটিত সমান পৰিপূৰ্ণ গভীৰতা নাই। ঠায়ে ঠায়ে ৰম্য ৰচনাৰ ভঙ্গিমাও আছে। যিসময়ত এই পুথিখন ৰচিত হৈছিল সেই সময়ত অসমীয়া পাঠক সমাজক বিশ্ব কাব্যসাহিত্যৰ আভাস দিব পৰা গ্ৰন্থ প্ৰায় নাছিল।
তথ্যসূত্ৰ
- ↑ মহেন্দ্ৰ বৰা. (২০০৮). নতুন কবিতা. বনলতা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুন কবিতা” প্ৰবন্ধৰ সংশোধন ২৫৩৬৩৩ (৮ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।