জীৱনে মোক কি দিলে(Jibone Muk Ki Dile) হৈছে অসমৰ বিশিষ্ট লেখক, শিক্ষাবিদ, অধ্যাপক ড০ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ এখন প্ৰবন্ধ সংকলন। গ্ৰন্থখন জীৱন বিষয়ক। ২০০৩ চনৰ অক্টোবৰ মাহত বনলতা প্ৰকাশনৰ পৰা প্ৰকাশিত গ্ৰন্থখনৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ হয় ক্ৰমান্বয়ে ২০০৯ চনৰ জানুৱাৰী আৰু ২০১২ চনৰ ছেপ্টেম্বৰ মাহত। মুঠ ৮৮ পৃষ্ঠাৰ গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মূল্য ৬০ টকা। ১
বিৱৰণ
কিতাপখনৰ আঁৰৰ কথাত লেখক প্ৰহ্লাদ কুমাৰ বৰুৱাই কিতাপখনৰ বিষয়বস্তু সম্পৰ্কে লিখিছে,"মানুহৰ জীৱন যেন এক অনন্ত গহ্বৰ।... ৰহস্যময় সময়ৰপৰা, কঠিন বাস্তৱৰ পৰা জীৱনে বিচিত্ৰ অভিজ্ঞতা আহৰণ কৰে। মনত,প্ৰাণত,চেতনাত, স্মৃতিত, সত্তাত অভিজ্ঞতাবোৰে প্ৰকাশৰ বাট বিচাৰি নিৰন্তৰ আস্ফালন কৰে, বিস্ফোৰণৰ বাবে জ্বালামুখী হৈ পৰে। বাছি বাছি কিছুমান অনুভৱক প্ৰকাশৰ স্বাধীনতা দিলোঁ। এইবোৰ কাৰ অনুভৱ? কেৱল মোৰেইনে? নে আনৰো?" কিতাপখনৰ সূচীপত্ৰ খন সূচীপত্ৰ বুলি নামাকৰণ নকৰি নাম দিয়া আছে অনুভৱৰ দিশবোৰ। কিতাপখনত মুঠ ১৪ টা প্ৰবন্ধ আছে। ১ প্ৰবন্ধসমূহ হৈছে, 'জীৱন এক কৰুণ প্ৰাৰ্থনা','জীৱনত আপোন বুলিনো কি আছে', 'জীৱনক লগ পাবৰ বাবেই জীৱন জোৰা ব্যাকুলতা', 'পুৰুষৰ জীৱনত নাৰী', 'পুৰুষে নাৰীৰ বাবে কি কৰে', 'জনপ্ৰিয়তা ধ্বংসৰ কাৰণো হ'ব পাৰে', 'আদৰ্শ জীৱন-দৃষ্টি নে অন্ধতা', 'হতাশাগ্ৰস্ততাও জীৱনৰ পাথেয় হ'ব পাৰে', 'শিক্ষকতাই মোক কি দিলে', 'মানুহ কিহেৰে জীয়াই থাকে', 'যৌৱন কেৱল উন্মাদনা নহয়','কেতিয়াবা আত্মহত্যা কৰিবৰ মন যায় নেকি', 'জীৱন আত্মপ্ৰৱঞ্চনা নহয়' আৰু 'জীৱনে মোক কি দিলে'।
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: প্ৰহ্লাদ কুমাৰ বৰুৱা
প্ৰহ্লাদ কুমাৰ বৰুৱা হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক। ২ ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত৩ শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা৪ ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়। স্নাতক পৰীক্ষা দিয়েই তিনিখনকৈ শিক্ষানুষ্ঠানত দুবছৰ শিক্ষকতা কৰি পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছিল। বিদ্যালয়,মহাবিদ্যালয়,বিশ্ববিদ্যালয় সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানতে শিক্ষকতা কৰা প্ৰহ্লাদ কুমাৰ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপকৰূপে ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল।৫
প্ৰহ্লাদ বৰুৱা এজন প্ৰচাৰবিমুখ ব্যক্তি আছিল। শিক্ষকতাৰ সমান্তৰালকৈ নীৰলে সাহিত্য-চৰ্চা কৰা বৰুৱাই কেইবাখনো আলোচনা-সমালোচনামূলক গ্ৰন্থ, জীৱন-বিষয়ক গ্ৰন্থ, শিশু গ্ৰন্থ আদি ৰচনা কৰি গৈছে। তেওঁ অসম সাহিত্য সভাৰ লগতো জড়িত এজন ব্যক্তি।২৫দেশ, জাতি, সমাজ, ভাষা-সাহিত্যৰ হকে কাম কৰা বৰুৱাই অসম আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। মৃত্যুৰ আগলৈকে সাহিত্য চৰ্চা অব্যাহত ৰখা সাহিত্যিক গৰাকীয়ে অসম ৰাজ্যৰ ভাষা-সাহিত্য আৰু সামাজিক ক্ষেত্ৰত অৱদান যোগাই গৈছে।৬
তথ্যসূত্ৰ
- ↑ ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা. (ছেপ্টেম্বৰ,২০১২). জীৱনে মোক কি দিলে. বনলতা
- ↑ মৌচম গগৈ. (২০০৬). সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন
- ↑ (২৬ আগষ্ট,২০১১). সাহিত্যিক-সমালোচক-শিক্ষাবিদ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ শেষকৃত্য সম্পন্ন. অসমীয়া প্ৰতিদিন
- ↑ ড° উষাৰাণী বৰুৱা. (২০০৬). সাগৰ সঙ্গমত, সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন. পৃ. ২৫৩,২৬৭
- ↑ ড° নগেন শইকীয়া. (২৭ আগষ্ট,২০১১). মোৰ ছাত্ৰ আৰু সহকৰ্মী প্ৰহ্লাদ বৰুৱা. জনসাধাৰণ
- ↑ (২৫ আগষ্ট,২০১১). গল্পকাৰ, সমালোচক ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ পৰলোক. আজিৰ দৈনিক বাতৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱনে মোক কি দিলে (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৮৯০৭৯ (৩১ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।