অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

তৃতীয়ত্বৰ গল্প

তৃতীয়ত্বৰ গল্প (Tritiyattar Galpa) অসমীয়া গল্পকাৰ, কলা সমালোচক, অধ্যাপিকা তথা গৱেষিকা আৰু মুনীন বৰকটকী বঁ‌টা বিজয়ী মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। সংকলনখন ২০০৭ চনত লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰি উলিয়ায়। এই সংকলখনিত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা কন্দলীৰ মুঠ আঠটা গল্প সন্নিৱিষ্ট কৰা হৈছে।

হালনাগাদ: ২৩ জুলাই ২০২২ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

তৃতীয়ত্বৰ গল্প (Tritiyattar Galpa) অসমীয়া গল্পকাৰ, কলা সমালোচক, অধ্যাপিকা তথা গৱেষিকা আৰু মুনীন বৰকটকী বঁ‌টা বিজয়ী মৌচুমী কন্দলীৰ এখন অসমীয়া গল্প সংকলন। সংকলনখন ২০০৭ চনত লয়াৰ্ছ বুক ষ্টলে প্ৰকাশ কৰি উলিয়ায়।১ এই সংকলখনিত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা কন্দলীৰ মুঠ আঠটা গল্প সন্নিৱিষ্ট কৰা হৈছে।

গল্পকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মৌচুমী কন্দলী

মৌচুমী কন্দলী সাহিত্য ৰচনাৰ লগতে শৈক্ষিক ক্ষেত্ৰখনতো জড়িত। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কালচাৰেল ষ্টাডিজ বিভাগৰ সহকাৰী অধ্যাপিকা।২ ১৯৯৮ চনত প্ৰকাশিত তেওঁৰ লাম্‌বাদা নাচৰ শেষত নামৰ প্ৰথমখন গল্প সংকলনৰ বাবে কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল।৩ তেওঁৰ গল্প ইংৰাজীৰ লগতে জাৰ্মান, হিন্দী, বাংলা, নেপালী, উড়িয়া, কাচী আদি ভাষালৈ অনুদিত হৈছে। ২০২২ চনত The Black Magic Women নামেৰে তেওঁৰ গল্পৰ ইংৰাজী অনুবাদ পেংগুইনৰ বেনাৰত প্ৰকাশিত হয়।৪

গল্পসমূহ

গল্প সংকলনটিত সন্নিৱিষ্ট আঠটা গল্প ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত গৰিয়সী, আজিৰ অসম, সাদিন শাৰদী, কথা গুৱাহাটী আদি বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত। গল্পসমূহ হৈছে:

  1. সেই চকুটো
  2. দলঙৰ ওপৰৰ কথোপকথন
  3. ৰাৱণ_১০২০@ফেণ্টাছীডটকম
  4. ব্ৰহ্মদৈত্য-ব্ৰহ্মজল
  5. স্নেহ-স্নেহ-স্নেহ
  6. এটা শৈল্পিক অথবা গাজাখুৰি গল্প
  7. নীলমোহন উঠা
  8. তৃতীয়ত্বৰ গল্প

বিষয়বস্তু

সংকলনখনিৰ আঠোটা গল্পতে সামাজিক চেতনা আৰু জীৱন-দৰ্শনৰ ভাব দেখা যায়। সেই চকুটো নামৰ প্ৰথমটো গল্পত লেখিকাই সাম্প্ৰতিক সমাজত প্ৰচাৰ মাধ্যমসমূহে কৰা আবেগ-অনুভূতিৰ বাণিজ্যিকৰণৰ ফলত উদ্ভৱ হোৱা মানসিকতাৰ পৰিৱৰ্তনৰ বিষয়ে বৰ্ণনা কৰিছে। ৰিয়েলিটী শ্ব', নিউজ চেনেল আদিৰ টিআৰপিকেন্দ্ৰীক বাতৰি আৰু প্ৰদৰ্শনে স্বাভাৱিক মানৱীয় অনুভূতিৰ পৰিৱৰ্তন ঘটাই মানুহক কিদৰে দৰ্শনকামী কৰি তুলিছে সেয়াই ইয়াৰ মূলভাৱ। 'দলঙৰ ওপৰৰ কথোপকথন' নামৰ দ্বিতীয় গল্পটো এগৰাকী সন্তানসম্ভৱা নাৰীৰ মনোজগতত হোৱা আগন্তক সন্তানক লৈ চিন্তা-দুশ্চিন্তাৰ এক প্ৰতিফলন। নাৰীগৰাকীয়ে নিজৰ অভিজ্ঞতাৰে দেখা অন্যায়, জিঘাংসা আৰু ঘৃণাৰে ভৰা পৃথিৱীত নিজ সন্তানক জন্ম দিবলৈ শংকাবোধ কৰিছে। তেওঁ গৰ্ভস্থ সন্তানৰ সৈতে আলাপ কৰি আশা কৰিছে যে তেওঁৰ সন্তানে ভৱিষ্যতে অবাটে বাট ল'লেও তেওঁৰ সৈতে হোৱা বৰ্তমানৰ কথোপকথনে সন্তানটিক সঠিক পথলৈ ঘূৰাই আনিব।৫ ৰাৱণ_১০২০@ফেণ্টাছীডটকম নামৰ গল্পত লেখিকাই ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ ভাৰ্চুৱেল ৰিয়েলিটীত নিজৰ প্ৰকৃত পৰিচয় গোপনে ৰাখি কাল্পনিক জগতত সময় অতিবাহিত কৰাৰ এক প্ৰৱণতাৰ সৈতে বাস্তৱিকতাৰ তুলনা কৰিছে। ইয়াত 'ফেক একাউণ্ট'ৰ জৰিয়তে বিভিন্ন কাল্পনিক পৰিচয়েৰে অচিনাকি নাৰীৰ সৈতে আলাপত মগ্ন হোৱা চিত্ৰভানু মজুমদাৰ নামৰ এক চৰিত্ৰই উত্তেজনাৰ শীৰ্ষবিন্দুত স্বমেহন কৰিছে আৰু তেতিয়াই তেওঁ অনুধাৱন কৰিছে যে তেওঁ গঢ়ি লোৱা কাল্পনিক জগতখনৰ সলনি তেওঁৰ প্ৰকৃত হাতখনেহে তেওঁক এই বিষয়ত বাস্তৱিকতে যৌন ক্ষুধা নিবাৰণত সহায় কৰিছে।৫

মন্তব্য আৰু সমালোচনা

সংকলনখনিৰ 'দলঙৰ ওপৰৰ কথোপকথন' নামৰ গলটোৰ সন্দৰ্ভত ড° ধ্ৰুৱজ্যোতি বৰাই মন্তব্য কৰিছে যে,

"'দলঙৰ ওপৰৰ কথোপকথন' — এই গল্পটোত দেখা যায় এক অভিনৱ নিৰ্মাণ পদ্ধতি, অভিজ্ঞতাৰ লগতে মীথ, ৰূপক-প্ৰতীকৰ এক সুন্দৰ সংমিশ্ৰণ। এক চিৰন্তন থীম- মাত্ৰেইত্ব আৰু মাতৃত্বৰ স্বাভাৱিক আশংকাক কেন্দ্ৰত লৈ এক আধুনিক উপস্থাপনৰে মৌচুমীৰ এইটো এটা নিটোল গল্প- গল্প লেখক (লেখিকা) কথক, কিন্তু পাঠ কথকতা ভাৰাক্ৰান্ত নহয়। পাঠৰ আঁ‌ৰৰ পাঠত (ছাব-টেক্স) আছে জীৱনৰ প্ৰতি এক নিবিড় ভাল পোৱা আৰু এক বিশ্বজনীন মমত্ববোধৰ নিৰ্যাস।"১

তথ্যসূত্ৰ

  1. ↑ মৌচুমী কন্দলী. (২০০৭). তৃতীয়ত্বৰ গল্প. লয়াৰ্ছ বুক ষ্টল. পৃ. প্ৰচ্ছদ. ISBN 81-7331-138-2
  2. ↑ Moushumi Kandali. Tezpur University
  3. ↑ মৌচুমী কন্দলী. (২০০৭). লাম্‌বাদা নাচৰ শেষত. মা সৰস্বতী প্ৰকাশন. পৃ. প্ৰচ্ছদ
  4. ↑ The Black Magic Women (Stories from North-east India). penguin.co.in
  5. ↑ মৌচুমী কন্দলী. (২০০৭). তৃতীয়ত্বৰ গল্প. লয়াৰ্ছ বুক ষ্টল. পৃ. ১১-৪৭. ISBN 81-7331-138-2

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৃতীয়ত্বৰ গল্প” প্ৰবন্ধৰ সংশোধন ৩২৮৬৩৯ (২৩ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।