গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা অনূদিত এখনি সাধুকথাৰ পুথি৷ পুথিখনত বিশ্বৰ লোক-সাহিত্যৰ পাঁচটা ভিন্ন সাধু সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷ ১
লেখকৰ বিষয়ে
প্ৰণৱজ্যোতি ডেকা (১৯৩৯ - ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক। স্পষ্টবাদীৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য কৃতি। ২০২৩ বৰ্ষত তেওঁ ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷
গ্ৰন্থৰ চমু পৰিচয়
সাধুপুথিখনত সন্নিৱিষ্ট সাধুকেইটা হৈছে-
- মকৰাৰ সাধু (পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ সাধু)
- চোৰ সৰবজান (ব্ৰহ্মদেশৰ সাধু)
- ৰজাৰ কটোৱালৰ সাধু (কোৰিয়া দেশৰ সাধু)
- দুজন চোৰৰ সাধু (মিচৰীয় সাধু)
- গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত (চীনদেশীৰ সাধু) ১
তথ্যসূত্ৰ
- ↑ দত্ত, কৰবী. গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত -এখন মনোগ্ৰাহী কিতাপ. সাহিত্য ডট অৰ্গ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত” প্ৰবন্ধৰ সংশোধন ৪৮৭৮৪৪ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।