অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চলচ্চিত্ৰৰ ৰসাস্বাদন

চলচ্চিত্ৰৰ ৰসাস্বাদন (Chalachitrar Rakhachadan) হৈছে অসমৰ লেখক আৰু চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ দ্বাৰা লিখিত আৰু পূৰ্বায়ণ প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী ভাষাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰি যুগুত কৰা এই গ্ৰন্থখনত মুঠতে…

হালনাগাদ: ২ মে’ ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

চলচ্চিত্ৰৰ ৰসাস্বাদন (Chalachitrar Rakhachadan) হৈছে অসমৰ লেখক আৰু চলচ্চিত্ৰ সমালোচক উৎপল দত্ত (অভিনেতা)ৰ দ্বাৰা লিখিত আৰু পূৰ্বায়ণ প্ৰকাশন গোষ্ঠীৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ ১ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী ভাষাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰি যুগুত কৰা এই গ্ৰন্থখনত মুঠতে দহটা প্ৰবন্ধ আছে৷ গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল ২০১৯ চনৰ ডিচেম্বৰ মাহত৷ ২৩

সমালোচকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: উৎপল দত্ত (লেখক)'উৎপল দত্ত' এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। তেওঁ বিনোদনধৰ্মী মাহেকীয়া আলোচনী 'বিস্ময়' আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চলচ্চিত্ৰজগত বিষয়ক সাংস্কৃতিক আলোচনী 'ৰূপকাৰ'ৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পিছলৈ তেওঁ আকাশবাণী গুৱাহাটীত যোগদান কৰে। তেওঁৰ এখন গ্ৰন্থ '২৪ ফ্ৰেমছ' (২০০৮) আকাশবাণী গুৱাহাটীত অনুষ্ঠান হিচাপে প্ৰচাৰিত হৈছিল।৪ তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। তেওঁ চলচ্চিত্ৰম গোষ্ঠীৰ অধ্যক্ষ আৰু চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক।

গ্ৰন্থৰ নেপথ্য

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগকে প্ৰমুখ্য কৰি অসমৰ ভালেমান শিক্ষানুষ্ঠানত লেখক-সমালোচক উৎপল দত্তক চলচ্চিত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাই থকা হৈছিল৷ সেই ভাষণবোৰ প্ৰস্তুত কৰিবলৈ উৎপল দত্তই নিজাকৈ কিছুমান লেখা যুগুতাবলগীয়া হৈছিল৷ তেনেধৰণৰ লেখা আৰু পৰিয়ালবৰ্গ তথা আত্মীয়ৰ পৰামৰ্শ মানি দত্তই উক্ত গ্ৰন্থখন লিখিবলৈ প্ৰেৰণা পায়৷ গ্ৰন্থখন লিখিবলৈ তেখেতক প্ৰয়োজন হয় প্ৰায় তিনি বছৰ৷ গ্ৰন্থখন কলেজীয়া ছাত্ৰৰ পঠন-উপযোগী হোৱাকৈ লিখি উলিওৱা হৈছে৷ উল্লেখ্য যে, লেখকৰ মতে-এইখন চলচ্চিত্ৰৰ ৰসাস্বাদন সম্পৰ্কীয় প্ৰাথমিক কিতাপ৷ গ্ৰন্থৰ পাতনিত লেখকগৰাকীয়ে কৈছে -চলচ্চিত্ৰৰ দৰে এটি আপাত দৃষ্টিত সৰল, কিন্তু নিৰ্মাণৰ দিশৰ পৰা অতি জটিল কলা মাধ্যম এটিৰ ৰস আহৰণ কৰাটো কিছু পৰিমাণে কষ্টকৰ কাম৷ ...... এই কথাবোৰৰ এটি প্ৰাথমিক ধাৰণা দিয়াৰ উদ্দেশ্যে আগত ৰাখিয়েই এই কিতাপখন প্ৰস্তুত কৰা হৈছে৷ ৫

গ্ৰন্থখনৰ বিষয়বস্তু

গ্ৰন্থখনৰ বিষয়বস্তুৱে চিনেমাৰ নিৰ্মাণশৈলীৰ কেতবোৰ দিশ সাঙুৰি লৈছে৷ চলচ্চিত্ৰৰ সংজ্ঞা-নিৰূপণকে ধৰি চলচ্চিত্ৰৰ লগত জড়িত পৰিচালনা, চিত্ৰগ্ৰহণ, শব্দ আদি বৈশিষ্ট্যবোৰ গ্ৰন্থখনত আলোচিত হৈছে৷ গ্ৰন্থৰ শেষৰফালে লেখকে দেশ-বিদেশৰ মুঠ এশখন চিনেমাৰ স্ব-নিৰ্বাচিত তালিকাৰে এখন চাবলগীয়া এশখন চিনেমাৰ তালিকা প্ৰস্তুত কৰিছে৷ উল্লেখ্য যে, এইসমূহ চিনেমাৰ ভিতৰত অসমীয়া ভাষাত নিৰ্মিত চাৰিখন ছবিয়ে ঠাই পাইছে৷ সেইকেইখন হৈছে-ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ অনিৰ্বাণ (চলচ্চিত্ৰ) আৰু অগ্নিস্নান, অতুল বৰদলৈৰ কল্লোল (চলচ্চিত্ৰ), আৰু ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)৷ ৬

সময়ৰেখাত চিনেমা শীৰ্ষক লেখাটোত লেখকে ১৮৮০ চনত গতিশীল বস্তুৰ ফটো তুলিব পৰা ব্যৱস্থাটোক সময়ৰেখাৰ প্ৰাৰম্ভত স্থান দিছে৷ আৰু ২০০৩ চনত থ্ৰি ডি ফিল্মৰ ব্যাপক প্ৰসাৰত এই সময়ৰেখা শেষ কৰা হৈছে৷

গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা মূল বিষয়সমূহ হৈছে-

(১) চলচ্চিত্ৰৰ সংজ্ঞা

(২) চলচ্চিত্ৰৰ নিৰ্মাণ পদ্ধতি

(৩) চলচ্চিত্ৰৰ সংজ্ঞা

(৪) চিত্ৰনাট্য

(৫) চিত্ৰগ্ৰহণ

(৬) শব্দ

(৭) চলচ্চিত্ৰ আৰু সাহিত্য

(৮) চলচ্চিত্ৰ আৰু অন্য কলা মাধ্যমৰ সম্বন্ধ

(৯) পৰিচালনা

(১০) সামৰণি

ইয়াৰ উপৰি গ্ৰন্থখনত সংযোজন হিচাপে সময়ৰেখাত চিনেমা, মিজ-অন-চেন, এশখন চাবলগীয়া ছবি শীৰ্ষক অনুচ্ছেদকেইটা যোগ কৰা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ Patar, Dhiraj. (2020). সাহিত্য আৰু চিনেমাঃ অসমৰ প্ৰেক্ষাপটত এটি আলোচনা।. Sampriti
  2. ↑ দত্ত, উৎপল. (২০১৯). চলচ্চিত্ৰৰ ৰসাস্বাদন. পূৰ্বায়ণ প্ৰকাশন. ISBN ৯-৭৮৮১৯৪-৩৮৭৯৭৮
  3. ↑ Chalachitrar Rakhachadan চলচ্চিত্ৰৰ ৰসাস্বাদন উৎপল দত্ত. Scientia Book Shop
  4. ↑ AIR Guwahati to premier Utpal Datta's 24 Frames radioandmusic.com, 29 November 2008
  5. ↑ দত্ত, উৎপল. (২০১৯). চলচ্চিত্ৰৰ ৰসাস্বাদন. পূৰ্বায়ণ প্ৰকাশন. পৃ. কৃতজ্ঞতাৰে একাষাৰ. ISBN ৯-৭৮৮১৯৪-৩৮৭৯৭৮
  6. ↑ দত্ত, উৎপল. (২০১৯). চলচ্চিত্ৰৰ ৰসাস্বাদন. পূৰ্বায়ণ প্ৰকাশন. পৃ. ১০৫-১১৫. ISBN ৯-৭৮৮১৯৪-৩৮৭৯৭৮

সম্পৰ্কিত শ্ৰেণী

সমালোচনাঅসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চলচ্চিত্ৰৰ ৰসাস্বাদন” প্ৰবন্ধৰ সংশোধন ৬০৩৮৯৮ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।