অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গছ আৰু অন্য কবিতা

গছ আৰু অন্য কবিতা (ইংৰাজী: Gas Aru Anya Kabita) হ’ল কবি, নিবন্ধকাৰ অনিৰ্বাণ দত্তৰ পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

গছ আৰু অন্য কবিতা (ইংৰাজী: Gas Aru Anya Kabita) হ’ল কবি, নিবন্ধকাৰ অনিৰ্বাণ দত্তৰ পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন৷ ২੦২৪ চনত পি.ডব্লিউ.এফ.-এ সংকলনটি প্ৰকাশ কৰে৷১

বিষয়বস্তু

কবিতা-সংকলনটিত মুঠ ঊনচল্লিছটা পাৰিপাৰ্শ্বিক কবিতা সন্নিৱিষ্ট হৈছে৷১ কবিতাসমূহত প্ৰধানকৈ বনানী ধ্বংস, জলবায়ু পৰিৱৰ্তন, উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত অবৰ্ণনীয় নিৰ্যাতন আদি বিভিন্ন বিষয়ে গুৰুত্ব পাইছে৷ সমালোচক ড੦ হীৰেন গোহাঁয়ে সংকলনটিৰ কবিতাখিনি সম্পৰ্কত কৈছে, “কবিয়ে ‘পাৰিপাৰ্শ্বিক কবিতা’ নাম দিয়া কবিতাবোৰ প্ৰকৃততে মানৱতাৰে সংকটৰ একোটা তিৰ্যক প্ৰকাশ৷”২ কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কবিতাখিনি সম্পৰ্কত এইদৰে মন্তব্য কৰিছে, “সংকলনটিৰ কবিতাবোৰত পাৰিপাৰ্শ্বিক চেতনা স্পষ্ট ৰূপত প্ৰকাশ পাইছে৷”৩

কবি-পৰিচয়

অনিৰ্বাণ দত্ত এগৰাকী কবি আৰু নিবন্ধকাৰ৷ তেওঁৰ কবিতা অসমৰ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷ তেওঁৰ সমসাময়িক সমাজ-ৰাজনৈতিক বিষয়ক নিবন্ধও নিয়মীয়াকৈ কাকত-আলোচনীত প্ৰকাশ পাই আহিছে৷ গছ আৰু অন্য কবিতা তেওঁৰ প্ৰথম কবিতা-সংকলন৷১ ইয়াৰোপৰি, ঢেঁকীয়াজুলিৰ ইতিবৃত্ত আৰু অন্যান্য (২০২২) আৰু এই মৌনতাৰ অৱসান হওক (২০২৩) তেওঁৰ দুখন মৌলিক গ্ৰন্থ৷

তথ্যসূত্ৰ

  1. ↑ গছ আৰু অন্য কবিতা, অনিৰ্বাণ দত্ত, পি.ডব্লিউ.এফ., ২੦২৪, ISBN 978-81-975772-4-6
  2. ↑ ‘লেছেৰি বোটলা’, ড੦ হীৰেন গোহাঁই, আমাৰ অসম, পৃষ্ঠা ৪, ২১ ফেব্ৰুৱাৰী, ২੦২৫, গুৱাহাটী৷
  3. ↑ ‘সাম্প্ৰতিক অসীমায় কবিতাত পাৰিপাৰ্শ্বিক চেতনা’, প্ৰকল্প ৰঞ্জন ভাগৱতী, অসমীয়া খবৰ, পৃষ্ঠা ৫, ৭ মাৰ্চ, ২੦২৫, গুৱাহাটী৷

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গছ আৰু অন্য কবিতা” প্ৰবন্ধৰ সংশোধন ৪৯৪৪১২ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।