অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কামিনীকান্তৰ চৰিত্ৰ

কামিনীকান্তৰ চৰিত্ৰ ((১৮৭৭ খ্ৰীষ্টাব্দ)) অসমীয়া ভাষাৰ এখন গ্ৰন্থ৷ অৰুণোদয় যুগত খ্ৰীষ্টান মিছনেৰী এ কে গাৰ্নিয়ে এই গ্ৰন্থখন ৰচনা কৰিছিল৷ ডঃ প্ৰফুল্লদত্ত গোস্বামীয়ে এই গ্ৰন্থখন অসমীয়া ভাষাত পুনঃ সম্পাদনা কৰিছে৷

হালনাগাদ: ৮ জুলাই ২০২৫ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কামিনীকান্তৰ চৰিত্ৰ ((১৮৭৭ খ্ৰীষ্টাব্দ)) অসমীয়া ভাষাৰ এখন গ্ৰন্থ৷ অৰুণোদই যুগত খ্ৰীষ্টান মিছনেৰী এ কে গাৰ্নিয়ে এই গ্ৰন্থখন ৰচনা কৰিছিল৷ ডঃ প্ৰফুল্লদত্ত গোস্বামীয়ে এই গ্ৰন্থখন অসমীয়া ভাষাত পুনঃ সম্পাদনা কৰিছে৷

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: এ কে গাৰ্নি

এ.কে.গাৰ্নি (২৯ মে ১৮৫৪ - ১৯১০) আমেৰিকাত জন্মগ্ৰহন কৰা এগৰাকী খৃষ্টান পাদুৰী। এখেতে ১৮৭৪ চনত পাদুৰী জীৱন গ্ৰহন কৰে আৰু ১৮৭৬ চনত অসমলৈ আহি শিৱসাগৰৰ 'মিছন প্ৰেছ'ৰ দায়িত্ব গ্ৰহন কৰে।১ ১৮৮৩ চনত স্বদেশলৈ উভতি গৈ ২ বছৰ পাছত পুনৰাই অসমলৈ আহে। ১৯০৭ চনত অসমৰপৰা উভতি যায়। মূল হিব্ৰু ভাষাৰপৰা বাইবেলৰ 'অল্ড টেষ্টামেণ্ট'ৰ অসমীয়া ভাঙনিৰ কাম শেষ কৰে। ১৯০০ চনৰ শেষৰ ফালে এই ভাঙনিৰ কাম শেষ হয়। ১৯০৩ চনত ৮০৩ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ 'পুৰনি নিয়ম--Old Testament in Assamese' গ্ৰন্থ ছপা হৈ ওলায়। ইবাৰ আগতে ১৮৮৬ চনত 'যিহুছুৱা আৰু বিচাৰ কৰ্তাৰ পুথি' আৰু 'ৰুথৰ বিৱৰণ' নাম দি কিছু অংশ প্ৰকাশ কৰিছিল। ১৮৭৭ চনত 'এলোকেশী বেশ্যাৰ কাহিনী' নামৰ এম.ই. লেছ্‌লীৰ সৰু বাংলা উপন্যাস অসমীয়ালৈ ভাঙি প্ৰকাশ কৰে। উপন্যাস জাতীয় গ্ৰন্থ 'কামিনীকান্তৰ চৰিত্ৰ' প্ৰকাশ কৰে একেটা চনতে। ১৮৭৬-৭৯-চলৈ সম্ভৱত: 'অৰুণোদই'ৰ সম্পাদক আছিল। ডিব্ৰুগড়ৰপৰা 'দীপ্তি' নামেৰে এখন ধৰ্মালোচনী সম্পাদনা আৰু প্ৰকাশ কৰিছিল ১৯০৫ চনৰপৰা ১৯০৭ চনলৈ।[2]

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. (২০২১). এ কে গাৰ্নি. সঞ্জীৱন প্ৰকাশন. পৃ. ২৮২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিনীকান্তৰ চৰিত্ৰ” প্ৰবন্ধৰ সংশোধন ৫২২৯৪৫ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।