জয়ন্তীয়া বুৰঞ্জী গ্ৰন্থখনৰ প্ৰথম সম্পাদনা কৰিছিল সূৰ্য্যকুমাৰ ভূঞাই ১৯৩৭ চনত৷১ গ্ৰন্থখনত আহোম ৰজা-মহাৰজা আৰু জয়ন্তীয়া ৰজাৰ মাজৰ সামাজিক যোগসূত্ৰ, লেন-দেন, চিঠি-পত্ৰৰ আদান-প্ৰদান তথা ৰাজনিতিক, কূটনৈতিক সম্পৰ্কৰ বিৱৰণ আছে৷ আহোম ৰজা প্ৰতাপ সিংহৰ সময়ৰপৰা শিৱ সিংহৰ সময়লৈকে ৰাজনৈতিক বুৰঞ্জী এইখন গ্ৰন্থত সন্নিৱিষ্ট হৈছে৷ সৰ্বমুঠ ১৩টা অধ্যায় আছে আৰু ওপৰঞ্চি অধ্যায়ত ৭টা লেখা সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখনত ৰজা-মহাৰজাসকলৰ বহুবোৰ চিঠি সংকলিত হোৱাৰ সমান্তৰালভাৱে বিভিন্ন সময়ত বিভিন্ন উপলক্ষত পঠোৱা চিঠি-পত্ৰবোৰৰ প্ৰসংগ আৰু ইয়াৰ চমু বিৱৰণ আছে৷ ‘জয়ন্তীয়া বুৰঞ্জী’খন এখন কটকী বুৰঞ্জী৷ অৰ্থাৎ কটকীয়ে চিঠি-পত্ৰ আদান-প্ৰদান কৰাৰ সবিশেষ এই বুৰঞ্জীত সন্নিৱিষ্ট হৈ আছে৷ ২
ৱিৱৰণ
আহোম যুগত এজন ৰজাই আন এজন ৰজালৈ বিভিন্ন কাৰণত বহুবোৰ চিঠি প্ৰেৰণ কৰিবলগীয়া হৈছিল৷ এই বুৰঞ্জীখনত তেনে বহুবোৰ চিঠি একাদিক্ৰমে সংৰক্ষিত হৈ আছে৷ চিঠিসমূহৰ মাজত আহোম ৰাজত্বৰ বিভিন্ন ৰজা-মহাৰজা আৰু জয়ন্তীয়া ৰজাসকলৰ মাজত মাজৰ সম্পৰ্ক, যোগসূত্ৰ, আশে, পৰামৰ্শ, অভিযোগ আদি সম্পৰ্কে জানিব পাৰি৷ সেইদৰে সমসাময়িক সমাজখনৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দৃষ্টিভংগী, মতবিৰোধ, মতান্তৰ, মনান্তৰ আদি সম্পৰ্কেও জানিব পাৰি৷২ স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ দিনত (সমসাময়িক জয়ন্তা ৰজা যশমত্ত, সময়– ১৬৪৮-১৬৬৩ খৃষ্টাব্দ) যশমত্ৰ ৰজালৈ জয়ধ্বজ সিংহৰ পত্ৰ, নৰ্ত্তঙ্গীয়া ৰজা মাণিকসিংহলৈ স্বৰ্গদেৱৰ পত্ৰ, স্বৰ্গদেৱলৈ জয়ন্তা ৰজাৰ প্ৰীতি পত্ৰ, স্বৰ্গদেৱলৈ নত্তঙ্গীয়া ৰজাৰ পত্ৰ আদি সন্নিৱিষ্ট হৈছে৷১
বাহ্যিক সংযোগ
ইণ্টাৰনেট আৰ্কাইভত ‘জয়ন্তীয়া বুৰঞ্জী’
তথ্যসূত্ৰ
- ↑ সূৰ্যকুমাৰ ভূঞা. (২০১২). আগকথা. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ
- ↑ সূৰ্যকুমাৰ ভূঞা. Jayantia Buranji. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ. পৃ. ২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্তীয়া বুৰঞ্জী (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৩৮৬৪১ (২১ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।