অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কাব্য-কুসুম

গুণাভিৰাম বৰুৱাৰদ্বাৰা সংকলিত 'কাব্য-কুসুম' (১৮৮৪) অসমীয়া সাহিত্যৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। ই কেৱল এটা কবিতা সংকলনেই নহয়, বৰঞ্চ আধুনিক অসমীয়া সাহিত্যৰ শৈশৱকালত পুৰণি আৰু নতুনৰ মাজত এক সেতু স্বৰূপ।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৬ ৭০২ শব্দ · ৪ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

গুণাভিৰাম বৰুৱাৰদ্বাৰা সংকলিত 'কাব্য-কুসুম' (১৮৮৪) অসমীয়া সাহিত্যৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। ই কেৱল এটা কবিতা সংকলনেই নহয়, বৰঞ্চ আধুনিক অসমীয়া সাহিত্যৰ শৈশৱকালত পুৰণি আৰু নতুনৰ মাজত এক সেতু স্বৰূপ। পণ্ডিত গুণাভিৰাম বৰুৱাৰদ্বাৰা সংকলিত 'কাব্য - কুসুম' ৰ প্ৰথমভাগ অসমীয়া কবিসকলৰ গ্ৰন্থৰপৰা উদ্ধৃত এখন পদাৱলী। কবিতাৰ ৭৫ নং বৰ্ণৱালিস‌ ষ্ট্ৰীটৰ বাঙ্গালা যন্ত্ৰত শ্ৰী নলিনীমোহন দাসৰদ্বাৰা এই গ্ৰন্থখনি মুদ্ৰিত হৈছিল।

"কাব্য-কুসুম"ৰ পাতনি-

ঊনৈছ শতিকাৰ শেষভাগত অসমীয়া ভাষা-সাহিত্যই এটা সংগ্ৰামী কাল পাৰ কৰিছিল। সেই সময়ত আধুনিক পাঠ্যপুথিৰ অভাৱ আছিল তীব্ৰ। গুণাভিৰাম বৰুৱাই উপলব্ধি কৰিছিল যে আধুনিক প্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰিবলৈ হ’লে আমাৰ চহকী কাব্য পৰম্পৰাৰ সৈতে তেওঁলোকক পৰিচয় কৰাই দিয়াটো প্ৰয়োজন। এই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ বিভিন্ন ঠাইৰপৰা দুষ্প্ৰাপ্য পুৰণি পুথিৰ পদ্যসমূহ সংগ্ৰহ কৰি 'কাব্য-কুসুম' সংকলন কৰিছিল।

গুণাভিৰাম বৰুৱাই 'কাব্য - কুসুম' ৰ প্ৰথম অংশতে উল্লেখ কৰিছে যে তেওঁ অশেষ কষ্টৰে বিভিন্ন ঠাইৰপৰা অসমীয়া পদ্য সংগ্ৰহ কৰি তাৰে কোনো কোনো অংশ এই পুথিত উদ্বৃত কৰিছে। হৰিবিলাস আগৰৱালাৰ পুৰণি পুথি প্ৰকাশ কৰাত অত্যন্ত আগ্ৰহ থকাৰ বাবে গুণাভিৰাম বৰুৱাই ' কাব্য - কুসুম ' গ্ৰন্থখন তেওঁলৈ আগবঢ়াইছে। গ্ৰন্থখনৰ প্ৰথম ভাগত অসমীয়া কবি কেইজনমানৰ কবিতাৰ পৰিচয় পোৱা যায়। আন আন কবিসকলৰ পুথি সংগ্ৰহ কৰিবলৈ যত্ন কৰি থকাৰ কথাও বৰুৱাই গ্ৰন্থখনত উল্লেখ কৰিছে। সেই সময়ৰ পঢ়াশলীয়া পুথিৰ অভাৱ ' কাব্য - কুসুম ' পুথিয়ে কিছু পৰিমাণে পূৰণ কৰিছিল। নগাঁৱৰ টেক্স বুক কমিটীয়ে এই পুথিখন পাথ্যপুথিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছিল বুলি উল্লেখ পোৱা যায়।

সংকলনৰ গঠন আৰু অন্তৰ্ভুক্ত বিষয়-বস্তু

এই গ্ৰন্থখন কলিকতাৰ বাঙ্গালা যন্ত্ৰত মুদ্ৰিত হৈছিল। গুণাভিৰাম বৰুৱাই ইয়াক হৰিবিলাস আগৰৱালালৈ উৎসৰ্গা কৰিছিল, কাৰণ আগৰৱালাই পুৰণি পুথি প্ৰকাশৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ দেখুৱাইছিল। গ্ৰন্থখনত সন্নিৱিষ্ট কবিতা তথা পদ্যসমূহক মূলত নৈতিক শিক্ষা আৰু আধ্যাত্মিকতাৰ আধাৰত নিৰ্বাচন কৰা হৈছিল। ইয়াৰ মাজত উল্লেখযোগ্য কিছুমান হ’ল:

  • ঈশ্বৰ ভক্তি:- ভগৱানৰ প্ৰতি থকা অকৃত্ৰিম বিশ্বাস আৰু ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰা কবিতা।
  • প্ৰতিজ্ঞা পালন:- সমাজত নৈতিকতা আৰু চৰিত্ৰ গঠনৰ উদ্দেশ্যে এনেধৰণৰ বিষয়-বস্তু নিৰ্বাচন কৰা হৈছিল।
  • পৌৰাণিক কাহিনী:- শুক্ৰ পুৰোহিতৰ কাহিনীৰ দৰে কিংবদন্তিমূলক পদ্যবোৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল।

"কাব্য-কুসুম"ত সন্নিৱিষ্ট কবিতা -

গ্ৰন্থখনত থকা পুৰণি অসমীয়া পদ্য সমূহ হ'ল - " ঈশ্বক ভক্তি ", 'প্ৰতিজ্ঞা পালন ', ' শুক্ৰ পুৰুহিতৰ ভক্তি ', ' দুষ্টৰ মিত্ৰতা বিষম ', ' বব্ৰুবাহ‌ন ৰজাৰ সভাঘৰ ', ' দ্ৰৌপদীৰ বিলাপ ', ' হানি পূৰণ ঋণ শোধ নৱনাৰায়ণ ৰজাৰ বিদ্ৰোৎ সাহীতা ', ' অৰ্জুন বব্ৰবাহ যুদ্ধ ', ' অশ্বমেধ যজ্ঞ ', ' মহাভাৰত অনুবাদকৰ নিবেদন ', ' কুম্ভকৰ্ণৰ নিদ্ৰা ভংগ ', ' ৰাৱণ বধ ', ' শ্ৰী কৃষ্ণৰ মিথি গমন ', ' কুৰুক্ষেত্ৰ যজ্ঞ ', 'কবি আনন্দ কন্দলীৰ ' সাধু ইচ্ছা ', ' স্তুতি ', ' শংকৰদেৱৰ বংশাৱলী ', ' মাধৱদেৱ ', ' কলি যুগৰ আচাৰ ', ' কৃষ্ণ আৰু জাম্বুৱন্তৰ যুদ্ধ ', ' নৰনাৰায়ণ বা মল্লদেব ৰাজা ', ' মল্লদেব ৰাজাৰে পাঠানৰ যুদ্ধ ', ' উষা অনিৰুদ্ধৰ ভোজন ', ' কাৰ্য সম্পাদনৰ পূৰ্বে বৃথা আশা কৰা অযুগুত '। মাধৱদেৱ বিৰচিত ' ভক্তি - ৰত্নাৱলী ', শংকৰদেৱৰ অষ্টম স্কন্ধ ভাগৱতৰ ' বলিছলন ' খণ্ড, ' অমৃতমথন ', হৰিবৰ বিপ্ৰৰ ' বব্ৰুবাহনৰ যুদ্ধ ', অনন্ত কন্দলীৰ মহাভাৰত উদ্যোগ পৰ্ব, ৰাম সৰস্বতীৰ মহাভাৰতৰ পুষ্পাহৰণ বনপৰ্বৰ, শ্ৰী ধৰ কন্দলিৰ মহাভাৰতৰ অশ্বমেধপৰ্ব, মাধৱ কন্দলীৰ ৰামায়ণৰ লংকা কাণ্ড, অনন্ত কন্দলীৰ দশম স্কন্ধ ভাগৱতৰ শেষ খণ্ড, মাধৱদেৱৰ ঘোষা গদাধৰ বা লক্ষ্মীদেৱৰ শংকৰ চৰিত্ৰ, শংকৰদেৱৰ কীৰ্তন স্যামন্ত হৰণ, শ্ৰী চন্দ্ৰ ভাৰতীৰ কুমাৰ হৰণ, শংকৰদেৱৰ ত্ৰয়োত্ৰিংশতম ভটিমাৰপৰা গুণাভিৰাম বৰুৱাই পদসমূহ উদ্ধৃত কৰিছে।

সাহিত্যিক মূল্যবোধ

'কাব্য-কুসুম'ৰ জৰিয়তে গুণাভিৰাম বৰুৱাই অসমীয়া সাহিত্যত **"সংকলন সাহিত্য"**ৰ (Anthology) ধাৰা এটি আৰম্ভ কৰিছিল। এই গ্ৰন্থখনৰ আলোচনাত্মক দিশসমূহ তলত উল্লেখ কৰা হ’ল:-

  • ভাষাৰ সুৰক্ষা:- ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমীয়া ভাষাৰ যি সংকট চলিছিল, তাৰ পিছত 'কাব্য-কুসুম'ৰ দৰে সংকলনে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষাৰ স্বকীয়তা আৰু কাব্যিক লালিত্যক পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।
  • শিক্ষা প্ৰসাৰ:- সেই সময়ত নগাঁৱৰ টেক্স বুক কমিটীয়ে ইয়াক পঢ়াশলীয়া পাঠ্যপুথি হিচাপে অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰপৰা বুজা যায় যে ই কেৱল সাহিত্যিক নহয়, বৰঞ্চ এক শৈক্ষিক আহিলা হিচাপেও গুৰুত্বপূৰ্ণ আছিল।
  • পুৰণি পৰম্পৰাৰ ৰক্ষণাবেক্ষণ:- শংকৰী যুগ আৰু পৰৱৰ্তী কালৰ কবিসকলৰ যিবোৰ কবিতা কালৰ সোঁতত হেৰাই যাব ধৰিছিল, বৰুৱাই সেইবোৰক লিপিবদ্ধ কৰি এক নতুন প্ৰাণ দিছিল।

গুণাভিৰাম বৰুৱাৰ দৃষ্টিত আধুনিকতা

যদিও এই সংকলনত পুৰণি পদ্য আছিল, গুণাভিৰাম বৰুৱাৰ দৃষ্টিভংগী আছিল আধুনিক। তেওঁ Assam-Bandhu আলোচনীৰ দৰেই 'কাব্য-কুসুম'তো অসমীয়া সমাজক বৌদ্ধিকভাৱে জাগ্ৰত কৰিব বিচাৰিছিল। তেওঁৰ বাবে সাহিত্য কেৱল মনোৰঞ্জনৰ মাধ্যম নাছিল, বৰঞ্চ ই আছিল সমাজ সংস্কাৰৰ এক পথ। গুণাভিৰাম বৰুৱাৰ 'কাব্য-কুসুম' আধুনিক অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। ই আমাক সোঁৱৰাই দিয়ে যে আমাৰ বৰ্তমানৰ সাহিত্যিক ভেটিটো পুৰণি কাব্য-পৰম্পৰাৰ ওপৰতে গঢ় লৈ উঠিছে। এই গ্ৰন্থখনে ঊনৈছ শতিকাৰ অসমীয়া সমাজত যি ভাষিক সচেতনতা আনিছিল, তাৰ প্ৰাসংগিকতা আজিও নুই কৰিব নোৱাৰি।১

তথ্যসূত্ৰ

কাব্য-কুসুম

প্ৰণেতা - বৰুৱা,গুণাভিৰাম

মুদ্ৰক - শ্ৰী নলিনীমোহন দাসৰ দ্বাৰা মুদ্ৰিত বাঙ্গালা যন্ত্ৰত, কলিকতা,৭৫ নং কৰ্ণৱালিস ষ্ট্ৰীট

সময় - ১৮০৬

তথ্যসূত্ৰ

  1. ↑ আসাম বন্ধু

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাব্য-কুসুম” প্ৰবন্ধৰ সংশোধন ৬০০৬৩৪ (১৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।