অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গভীৰ আস্থাৰ গান

গভীৰ আস্থাৰ গান (Gabhir Aasthaar Gaan) হৈছে ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা সম্পৰ্কত ৰচিত এখন গ্ৰন্থ। ইয়াৰ ৰচয়িতা হৈছে 'যুক্তি বিকাশ সমিতি, অসম'ৰ অনলাইন আলোচনী 'মুক্ত চিন্তা'ৰ সম্পাদক ড° বৰ্ণালী দাস বৰুৱা।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২২ ৪৬৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

গভীৰ আস্থাৰ গান (Gabhir Aasthaar Gaan) হৈছে ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা সম্পৰ্কত ৰচিত এখন গ্ৰন্থ। ইয়াৰ ৰচয়িতা হৈছে 'যুক্তি বিকাশ সমিতি, অসম'ৰ অনলাইন আলোচনী 'মুক্ত চিন্তা'ৰ সম্পাদক ড° বৰ্ণালী দাস বৰুৱা। ২০২১ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ প্ৰথম খণ্ডৰ মুঠ পৃষ্ঠা ১৩৬ আৰু মূল্য ১৫০ টকা। লেখিকাই গ্ৰন্থখন এনেদৰে আগবঢ়াইছে "ভূপেন হাজৰিকাৰ সুবিশাল সত্তাক সুধাকণ্ঠ উপাধিৰে সংকীৰ্ণ কৰিব নোখোজা প্ৰতিজন সাংস্কৃতিক বিপ্লৱীলৈ গভীৰ আস্থাৰে..."। শিল্পী সমুদ্ৰ কাজল শইকীয়াই অংকন কৰা প্ৰচ্ছদৰ ভিত্তিক এনেদৰে নামাংকৃত কৰা হৈছে,"দুয়ো পাৰে কত মানুহ কত যে ইতিহাস"। কিতাপখনৰ আগকথা লিখিছে ড° হীৰেন গোহাঁয়ে। তেওঁ লিখিছে, "ভুপেন হাজৰিকাই এঠাইত মৃদু খেদ কৰা শুনিছিলোঁ যে অসমৰ গায়ক-গায়িকাই তেওঁ গানত কি কৈছিল তালৈ মন নিদি কেৱল তেওঁৰ গান গাইহে গ'ল। মই ভাবোঁ যে বৰ্ণালীৰ আলোচনাই এই দিশত পোহৰ পেলাই তেওঁৰ গানৰ গভীৰতৰ আৱেদন আমাৰ দৃষ্টিগোচৰ কৰিব। কথাংশক সাংগীতিক সমলে কেনেকৈ সমৃদ্ধ আৰু সূক্ষ্ম ৰূপ দি আমাৰ মনক অভিভূত কৰে, সেই অৰ্থবৈভৱৰ লগত আমাক একাত্ম কৰে, তাক তেওঁ ফঁহীয়াই দেখুৱাইছে। ই এক মৌলিক আৰু সুদক্ষ আলোচনা বুলি মোৰ ধাৰণা।"১

বিৱৰণ

ড° ভূপেন হাজৰিকাৰ গীতসমূহৰ পৰ্যালোচনা সম্বলিত কিতাপখন হৈছে এই পৰ্যালোচনাৰ প্ৰথম খণ্ড। মূল প্ৰবন্ধ আছে আঠটা। প্ৰবন্ধকেইটা হৈছে১ -

  1. নীল নদীৰ পাৰত ভূপেন হাজৰিকা: 'অতীতৰ বুৰঞ্জী'
  2. এটি গীতৰ ভ্ৰান্তি আৰু বাস্তৱ: 'অস্ত আকাশৰে সপোন ৰহণ সানি'
  3. দোলাভাৰীৰ কথাৰে: 'বৰ বৰ মানুহৰ দোলা'
  4. 'এন্ধাৰ কাতিৰ নিশাতে': শ্ৰোতাৰ অনুভূতিক জোকাৰি যোৱা এটি গীত
  5. কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে: 'চেনেহীৰ ফটা ৰিহা'
  6. মিছিছিপিৰ পৰা লুইতলৈ বৈ অহা এটি গীত: 'বিস্তীৰ্ণ পাৰৰে'
  7. ৰে'ল যাত্ৰাৰ মাজেৰে ভূপেন হাজৰিকা
  8. মুম্বাইৰ ৰঙীন বজাৰত ভূপেন হাজৰিকাৰ গানবোৰ

পৰিশিষ্টত সংযোগ কৰিছে 'গোপন ৰে'ল পথৰ গান' শীৰ্ষক এটি লেখা। লগতে আছে কেইটামান গীতৰ স্বৰলিপি, ষ্টাফ ন'টেচন। স্বৰলিপি সংযোজিত গীতসমূহ হৈছে - অতীতৰ বুৰঞ্জী, অস্ত আকাশৰে, দোলা হে দোলা, চেনেহীৰ ফটা ৰিহা আৰু বিস্তীৰ্ণ পাৰৰে। লগতে বৰ বৰ মানুহৰ দোলা আৰু বিস্তীৰ্ণ পাৰৰে গীত দুটিৰ ষ্টাফ ন'টেচন উল্লেখ কৰা আছে। উল্লেখযোগ্য যে প্ৰতিটো প্ৰবন্ধত আলোচিত গীতসমূহ পঢ়াৰ লগতে পাঠকে গানখিনি শুনি যাব পৰাকৈ কিউ আৰ ক'ড সংযোগ কৰা আছে। এই সম্পৰ্কে প্ৰবন্ধসমূহৰ আৰম্ভণিতে 'ভূমিকা' শীৰ্ষক একলমত লেখিকাই লিখিছে, "গান এটাৰ কথাংশৰ বিষয়ে যিমানেই গভীৰ বিশ্লেষণ নহওক লাগিলে সেই গান শ্ৰোতাৰ কাণেৰে সোমাই চেতনালৈ প্ৰৱাহিত নোহোৱালৈকে প্ৰকৃত উপলব্ধি নাহে। সেই উপলব্ধিৰ অবিহনে এনে বিশ্লেষণাত্মক অধ্যয়ন অসম্পূৰ্ণ হৈ ৰ'ব। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিটো লেখাতে মূল গীতটি আৰু প্ৰাসংগিকভাৱে আলোচনালৈ অহা সকলো গীতৰে এটি ক'ড সংযুক্ত কৰি দিয়া হৈছে।" কিতাপখনৰ শেষ পৃষ্ঠাত এই ক'ডৰ পৰা গানসমূহ শুনিবলৈ দিয়া কাৰিকৰী নিৰ্দেশনা সন্নিৱিষ্ট কৰা হৈছে।১

লেখকৰ চমু পৰিচয়

ড° বৰ্ণালী দাস বৰুৱা হৈছে এগৰাকী লেখিকা, সম্পাদিকা, সংগীত শিল্পী তথা যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি বিভাগৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰোঁতা। অসমৰ বহুল প্ৰচলিত কেইবাখনো কাকত আলোচনীত নিয়মীয়াভাৱে লিখ-মেলা কৰা ড° বৰ্ণালী দাস বৰুৱা মূলতঃ যুক্তিবাদী চিন্তা-চৰ্চা আৰু সংগীত সম্পৰ্কীয় লেখাৰ বাবে অসমৰ পঢ়ুৱৈ সমাজত এগৰাকী পৰিচিত ব্যক্তি। তেওঁ 'যুক্তি বিকাশ সমিতি, অসম'ৰ অনলাইন আলোচনী 'মুক্ত চিন্তা'ৰ সম্পাদক। তেওঁ নামৰূপ সংগীত মহাবিদ্যালয়ত প্ৰয়াত ৰোষ বৰুৱাৰ ওচৰত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কণ্ঠ সংগীত আৰু ভায়লিনৰ শিক্ষা গ্ৰহণ কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ ড° বৰ্ণালী দাস বৰুৱা. (নৱেম্বৰ,২০২১). গভীৰ আস্থাৰ গান,প্ৰথম খণ্ড. ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌. ISBN 978-81-948512-4-0

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গভীৰ আস্থাৰ গান” প্ৰবন্ধৰ সংশোধন ৩৩৩৭৫৮ (২৪ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।