অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা

গৱেষণাৰ সংজ্ঞা: গৱেষণা শব্দটোৰ অৰ্থ হ'ল বিচৰা বা অনুসন্ধান কৰা। এই অৰ্থত এই সংস্কৃত শব্দটোৰ ব্যৱহাৰ 'ঋকবেদ'ৰ সময়ৰ পৰা পোৱা গৈছে। শব্দটো গৱ (গৌ শব্দৰ পৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰ পৰা উদ্ভূত। গৱেষণা হ'ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান।

হালনাগাদ: ২ জুন ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

গৱেষণাৰ সংজ্ঞা:

  • গৱেষণা শব্দটোৰ অৰ্থ হ'ল বিচৰা বা অনুসন্ধান কৰা। এই অৰ্থত এই সংস্কৃত ভাষা শব্দটোৰ ব্যৱহাৰ 'ঋকবেদ'ৰ সময়ৰ পৰা পোৱা গৈছে। শব্দটো গৱ (গৌ শব্দৰ পৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰ পৰা উদ্ভূত।১
  • গৱেষণা হ'ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান।২৩
  • ডি শ্লাৰিংগাৰ আৰু এম ষ্টিফেনচনৰ মতে, "গৱেষণা হ'ল জ্ঞানৰ শুদ্ধতা অথবা জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য'ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে।" ৪
  • জে ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ'ল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ'ল সত্যান্বেষণৰ প্ৰক্ৰিয়া।৫
  • ক্লিফৰ্ড উদিৰ মতে গৱেষণাত কোনো স্বৰূপ উদ্‌ঘাটন, তাৰ মূল্যায়ন আৰু প্ৰয়োজন সাপেক্ষে পুনৰ উদ্‌ঘাটন আদি বিভিন্ন দিশ জড়িত হৈ থাকে। সেই কাৰণে গৱেষণাকৰ্মৰ সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰাক্ -কল্পনা অথবা লাভ কৰিবলগীয়া সিদ্ধান্তৰ পূৰ্বানুমান, তথ্য সংগ্ৰহ, সংৰক্ষণ, পৰীক্ষণ আৰু মূল্যায়ন আদি কাৰ্য সম্পন্ন কৰা হয়। পিছৰ পৰ্যায়ত কোনো সমাধান অথবা সিদ্ধান্তত উপনীত হ'বলৈ তথ্যৰ সংযোজন বিয়োজনো ঘটোৱা হয়। আৰু সামৰণিত সংযোজন- বিযোজন প্ৰক্ৰিয়াৰ মাজেৰে নিষ্কাশিত তথ্যৰ লগত সতৰ্কতাৰে প্ৰাক-কল্পনাৰ তুলনা কৰি নতুন সিদ্ধান্তত উপনীত হ'বলৈ প্ৰয়াস কৰা হয়।৬
  • ৰেডুমেন আৰু মেৰীয়ে গৱেষণাক নতুন জ্ঞান আহৰণৰ এক প্ৰকাৰ পদ্ধতিগত প্ৰয়াস বুলি অভিহিত কৰিছে।৬
  • ডি মাৰিংগাৰ আৰু এম ষ্টিফেন্‌চনে “এনচাইক্লপেডিয়া অব চ'ছিয়েল ছাইঞ্চ”ত কৈছে যে গৱেষণা হ'ল জ্ঞানৰ শুদ্ধতা অথবা বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য'ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে।৬
  • জীন ডব্লিউ বেটছয়ে কৈছে, যে গৱেষণা হ'ল একপ্ৰকাৰ পদ্ধতিগত আৰু বস্তুনিষ্ঠ বিশ্লেষণ। ইয়াত পৰ্যবেক্ষণৰ এনে কিছুমান নিয়ন্ত্ৰণৰ দ্বাৰা তথ্য-প্ৰমাণ সংৰক্ষণ কৰা হয়, যাৰ বিকাশ সাধন কৰি আকাংক্ষিত ফলাফল অথবা সম্ভাব্য সমাধান সূত্ৰত উপনীত হ'ব পাৰি। ইয়াৰ জৰিয়তে শেষ সিদ্ধান্তত কোনো সাধাৰণ নীতি বা তত্ত্বত উপনীত হ'ব পৰা যায়।৬

অসমীয়া ভাষাত প্ৰাপ্ত গৱেষণামূলক গ্ৰন্থ

তথ্যসূত্ৰ

  1. ↑ গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন, চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
  2. ↑ Monier-Monier Willams, A Sanskrit English Dictionary, 1979 Print, p.3
  3. ↑ গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন, চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১
  4. ↑ গৱেষণাৰ পদ্ধতি বিজ্ঞান, পল্লৱী ডেকা বুজৰবৰুৱা, বনলতা, প্ৰথম সংস্কৰণ, ২০১৭, পৃষ্ঠা-১২
  5. ↑ Methodology of Research in Education, Sidhu, Kulbir Sing, Sterling Publishars Pvt. Ltd. pp.2-3
  6. ↑ পল্লৱী ডেকা বুজৰবৰুৱা. (২০১৭). গৱেষণা পদ্ধতিতত্ত্বঃ পৰিচয় আৰু বিকাশ. বান্ধৱ. পৃ. ১৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬১০৯৪৮ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।