অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কবিতাৰ দেহবিচাৰ

কবিতাৰ দেহবিচাৰ (Kobitar Dehbichar) হৈছে বিশিষ্ট অসমীয়া সাহিত্যিক নৱকান্ত বৰুৱাৰ অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ বিষয়ক সমীক্ষাত্মক প্ৰবন্ধ পুথি।

হালনাগাদ: ৭ অক্টোবৰ ২০২৪ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

কবিতাৰ দেহবিচাৰ (Kobitar Dehbichar) হৈছে বিশিষ্ট অসমীয়া সাহিত্যিক নৱকান্ত বৰুৱাৰ অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ বিষয়ক সমীক্ষাত্মক প্ৰবন্ধ পুথি।১

বিৱৰণ

কবিতাৰ দেহবিচাৰ পুথিখনত লেখক নৱকান্ত বৰুৱাই প্ৰাচ্য আৰু পাশ্চাত্য দৃষ্টিভঙ্গিৰে অসমীয়া কবিতাত অলংকাৰৰ বিবৰ্তন সমীক্ষা কৰিছে। তেখেতে পুথিখনৰ পাতনিতে কৈছে, “পখা অনুক্ৰমে উৰি আহি অসমীয়া কবিতাৰ দেহৰূপটোৰ অলংকাৰ দিশত এটা পাক মাৰি আহিছোঁ। তাত কিমানখিনি পূৱ আৰু কিমানখিনি পশ্চিম দেখা পালোঁ তাৰেই খতিয়ান এই পাত কেইখিলা।” পুথিখন তেখেতৰ পত্নী বীণা বৰুৱালৈ উৎসৰ্গা কৰি লিখিছে -

“বীণালৈ জোৰোণৰ কেইপদমানৰ বাহিৰে কোনো অলংকাৰেই তোমাক দিব নোৱাৰিলো। এই অলংকাৰ পুথিখনেই দিলো।”

১

বিষয় বস্তু

পুথিখনত লেখক নৱকান্ত বৰুৱাই কবিতাত অলংকাৰ কি, প্ৰাচ্য আৰু পাশ্চাত্য আলংকাৰিকসকলে কৰা অলংকাৰৰ ঘাই ভাগ, শব্দলংকাৰ, অৰ্থলংকাৰ, সাদৃশ্যমূলক অলংকাৰ, ৰূপক, বিৰোধমূলক অলংকাৰ, শৃঙ্খলামূলক অলংকাৰ, ন্যয়মূলক অলংকাৰ, প্ৰতীকমূলক অলংকাৰ, লক্ষণামূলক অলংকাৰ, বাক্যবিন্যাস ভিত্তিক অলংকাৰ, সংকৰ, সংসৃষ্টি, স্বভাৱোক্তি আৰু কল্পচিত্ৰৰ বিষয়ে আলোচনা কৰাৰ লগতে কেইটামান অলংকাৰৰ সাংকেতিক উদাহৰণো দাঙি ধৰিছে। অসমীয়া কবিতাৰ অধ্যয়ন আৰু গৱেষণাৰ লগত জড়িতসকলৰ প্ৰয়োজনীয়তাৰ আধাৰত ‘কবিতাৰ দেহবিচাৰ’ পুথিখন ৰচিত।

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: নৱকান্ত বৰুৱা

নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেখেত একাধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।২ ১৯২৬ চনৰ ২৯ ডিচেম্বৰত, গুৱাহাটীত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল।৩ ১৯৭৫ চনত ককাদেউতাৰ হাড় উপন্যাসৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।৪ তেখেত ১৯৯০ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি আছিল। ৫

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ নৱকান্ত বৰুৱা. (আগষ্ট, ২০০৯). কবিতাৰ দেহবিচাৰ. শ্ৰীঅজয় কুমাৰ দত্ত. ISBN 81-7665-065-X
  2. ↑ (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৮৮৫-৮৮৬. ISBN 978-93-81485-82-8
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Sahitya Akademi Official website
  5. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া সাহিত্যপ্ৰবন্ধ গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতাৰ দেহবিচাৰ” প্ৰবন্ধৰ সংশোধন ৪৩৬০০৯ (৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।