কাম কৰাৰ আনন্দ (Kaam Korar Aanondo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। প্ৰথমবাৰ ২০০৭ চনৰ অক্টোবৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে কৰ্মযোগী ডাঃ নোমলচন্দ্ৰ বৰাৰ কৰকমলত আগবঢ়াইছে।১
বিৱৰণ
কিতাপখন ৪০ টা অধ্যায়ত বিভক্ত। এজন অচিনাকী মানুহে ২০০২ চনত হোমেন বৰগোহাঞিক লিখিতভাৱে অনুৰোধ কৰিছিল এনেদৰে,"ছাৰ, কেইবছৰমানৰ আগতে আপুনি 'কিতাপ পঢ়াৰ আনন্দ' নামৰ এখন কিতাপ লিখিছিল। আপোনাৰ সেই কিতাপখন পঢ়ি মোৰ নিচিনা বহুত মানুহে কিতাপৰ জগতখনক নতুনকৈ আৱিষ্কাৰ কৰিছিল; কিতাপক নতুন চকুৰে চাবলৈ শিকিছিল। এইবাৰ আপুনি 'কাম কৰাৰ আনন্দ' নামৰ এখন কিতাপ আমাক উপহাৰ দিব নোৱাৰেনে?' কিতাপখনৰ আৰম্ভণিতে এই কথা উল্লেখ আছে। হোমেন বৰগোহাঞিয়ে কাম কৰাৰ আনন্দৰ বিষয়ে তেওঁৰ নিজৰ অভিজ্ঞতা, আৰু পৃথিৱীৰ বহুতো গুণী-জ্ঞানী মানুহৰ অভিজ্ঞতা- এই দুয়োটাৰে সংযোগ ঘটাই এই কিতাপখন লিখিছে।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
- আত্ম দীপো ভৱ
- কিতাপ পঢ়াৰ আনন্দ
- অন্তহীন প্ৰেৰণা
- উচ্চাকাংক্ষা
- মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
- অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (আগষ্ট,২০১৩). কাম কৰাৰ আনন্দ. শ্ৰী অনন্ত হাজৰিকা
- ↑ Sahitya Akademi Official website
- ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাম কৰাৰ আনন্দ” প্ৰবন্ধৰ সংশোধন ২৭৮১৪৮ (২০ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।