অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জীৱন সুন্দৰ আৰু ভয়ংকৰ

জীৱন সুন্দৰ আৰু ভয়ংকৰ (Jibon Hundor Aaru Voionkor) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ পাঁচখন আত্মজীৱনীমূলক গ্ৰন্থৰ একত্ৰ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।

হালনাগাদ: ৫ জুন ২০২১ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

জীৱন সুন্দৰ আৰু ভয়ংকৰ (Jibon Hundor Aaru Voionkor) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ পাঁচখন আত্মজীৱনীমূলক গ্ৰন্থৰ একত্ৰ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০১৩ চনৰ জুন মাহত প্ৰকাশ হোৱা এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে নেৱাজ আহমেদলৈ আগবঢ়াই এনেদৰে লিখিছে "আপোনাক মই মাত্ৰ দুবাৰেই লগ পাইছিলোঁ। প্ৰথমতে ২০০৪ চনত- হোজাই শাখা সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনত যোগ দিবলৈ গৈ আপোনাৰ ঘৰত দুপৰীয়াৰ আহাৰ খাইছিলোঁ। দ্বিতীয়বাৰ ২০১৩ চনত- আপুনি আচম্বিতে মোৰ কাৰ্যালয়লৈ আহি মোক দুডাল বহুমূলীয়া কলম উপহাৰ দিছিল, আৰু মোৰ হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা দুটামান কথা কৈছিল। সেই কথাকেইটাৰ যোগেদি আপুনি মোক দিয়া অমূল্য উপহাৰৰ এটা প্ৰতীকী প্ৰতিদান দিবলৈ মোৰ এই কিতাপখন আপোনাৰ নামত উছৰ্গা কৰিলোঁ।"১

বিৱৰণ

১৯৮৮ চনত প্ৰকাশিত হোৱা আত্মানুসন্ধান আত্মজীৱনীখনে লাভ কৰা জনপ্ৰিয়তাৰ ফলশ্ৰুতিত কিতাপখনৰ ২০১৩ চনলৈকে তেৰটা সংস্কৰণ প্ৰকাশ পাইছিল। ইয়াৰ পিছত মোৰ সাংবাদিক জীৱন আৰু ধুমুহা আৰু ৰামধেনুৰ প্ৰথম আৰু দ্বিতীয় খণ্ড প্ৰকাশ হয়। সৰ্বশেষ আত্মজীৱনী মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৬ চনত। এই পাঁচখন আত্মজীৱনীমূলক গ্ৰন্থৰ একত্ৰ সংকলনেই হৈছে জীৱন সুন্দৰ আৰু ভয়ংকৰ। কিতাপখনৰ আৰম্ভণিতে কিতাপখন প্ৰকাশ কৰাৰ উদ্দেশ্যে বেকত কৰি প্ৰকাশকৰ নিবেদনত লিখা আছে এনেদৰে,

হোমেন বৰগোহাঞিয়ে পাঁচখনকৈ আত্মজীৱনী লিখাৰ প্ৰয়োজন বোধহয় এই কাৰণেই হ'ল যে তেওঁৰ বিচিত্ৰ অভিজ্ঞতাপূৰ্ণ বহুমাত্ৰিক জীৱনৰ কাহিনী এটা মাত্ৰ বিশেষ আংগিকৰ এখন মাত্ৰ বিশেষ কিতাপতে সীমাবদ্ধ কৰি ৰখাটো সম্ভৱ নাছিল। পাঠকৰ মন বুজি পোৱা প্ৰকাশক হিচাপে আমি অনুভৱ কৰিছোঁ যে হোমেন বৰগোহাঞিক সম্পূৰ্ণভাৱে জানিবলৈ পাঁচখন আত্মজীৱনী একত্ৰিত কৰি পঢ়াৰ প্ৰয়োজন আছে।এই বিশ্বাস মনত ৰাখিয়েই পাঠকসকললৈ আগবঢ়োৱা হ'ল 'জীৱন সুন্দৰ আৰু ভয়ংকৰ'।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (জুন,২০১৩). জীৱন সুন্দৰ আৰু ভয়ংকৰ. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থজীৱনী গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন সুন্দৰ আৰু ভয়ংকৰ” প্ৰবন্ধৰ সংশোধন ২৮০৫৬৬ (৫ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।