গদ্যৰ সাধনা(Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য সংকলন। সংকলনখনত মুঠ ১২ জন ব্যক্তিৰ ১৫ টি গদ্য-ৰচনা সন্নিৱিষ্ট আছে। ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে ১৯৯৫ চনৰ আগষ্ট মাহত প্ৰকাশ কৰা এই সংকলনটিৰ মূল্য আছিল ৪৫ টকা।১
বিৱৰণ
কিতাপখনত লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা, কমলাকান্ত ভট্টাচাৰ্য্যৰ এটা, সত্যনাথ বৰাৰ দুটা, বাণীকান্ত কাকতিৰ দুটা, ডিম্বেশ্বৰ নেওগৰ এটা, হলীৰাম ডেকাৰ এটা, কৃষ্ণকান্ত সন্দিকৈৰ এটা, বেণুধৰ শৰ্মাৰ এটা, যজ্ঞেশ্বৰ শৰ্মাৰ এটা, মহেশ্বৰ নেওগৰ এটা, সূৰ্য্যকুমাৰ ভূঞাৰ এটা আৰু মুনীন বৰকটকীৰ এটাকৈ প্ৰবন্ধ আছে।১ ইয়াৰে কৃষ্ণকান্ত সন্দিকৈৰ "প্ৰাচীন বেবিলনৰ বেদ" নামৰ প্ৰবন্ধটো সংগ্ৰহ কৰি দিয়াৰ বাবে লেখকে একেবাৰে আৰম্ভণিত আৰু মুখবন্ধত ড° নমিতা ডেকাক বিশেষ কৃতজ্ঞতা জনাইছে।১ মুখবন্ধত লেখকে লিখিছে, "অসমীয়া ভাষাত গদ্য-ৰচনাৰ এটা প্ৰাচীন আৰু শক্তিশালী পৰম্পৰা আছে। সকলো ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাতেই প্ৰথমে গদ্যৰ উদ্ভৱ হৈছিল আৰু তেতিয়াই সি বিকাশৰ উচ্চ স্তৰত উপনীত হৈছিল।" ইয়াৰ পিছতে প্ৰাচীনৰ দৰেই কিদৰে উত্তৰ সময়তো অৰ্থাৎ লেখকে কিতাপখন ৰচনা কৰা সময়লৈকে লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি বিশিষ্ট গদ্য-লেখকসকলে স্বকীয় বৈশিষ্ট্যৰে নিষ্ঠাৰে গদ্য সাধনা কৰিছিল সেই বিষয়ে উনুকিয়াইছে। এনেদৰে শ্ৰেষ্ঠ গদ্য-লেখকসকলৰ শ্ৰেষ্ঠ ৰচনা অধ্যয়ন কৰি ভাল গদ্য লিখিবলৈ শিকিবলৈ বিশেষকৈ ন-লেখকসকলৰ উদ্দ্যেশ্যে লেখকে সংকলনটি প্ৰস্তুত কৰিছে বুলি উল্লেখ কৰি এইয়াও স্পষ্ট কৰি দিছে "সংকলনখনত যিকেইজন লেখকৰ ৰচনা সন্নিৱিষ্ট কৰা হৈছে তেওঁলোকৰ বাহিৰেও যে আৰু ভাল গদ্য-লেখক নাই এনে কথা নহয়।"১
কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে-
| + | |
| সাহিত্যিক | প্ৰবন্ধ |
|---|---|
| লক্ষ্মীনাথ বেজবৰুৱা | মৃত্যু-ফল, ভোজন |
| কমলাকান্ত ভট্টাচাৰ্য | কালিম্পিং দাৰ্জিলিঙ্গ ভ্ৰমণ |
| সত্যনাথ বৰা | চিন্তা, ন্যায়শীলতা |
| বাণীকান্ত কাকতি | নাম-ঘোষা, নাৰী-হৃদয় |
| ডিম্বেশ্বৰ নেওগ | ধ্যান-বৰ্ণন |
| হলীৰাম ডেকা | কামৰ লগত ভাৱৰ সম্বন্ধ |
| কৃষ্ণকান্ত সন্দিকৈ | প্ৰাচীন বেবিলনৰ বেদ |
| বেণুধৰ শৰ্মা | বিহুৰ ভোগজৰা |
| যজ্ঞেশ্বৰ শৰ্মা | কবিতাৰ কথা |
| মহেশ্বৰ নেওগ | অ' মোৰ আপোনাৰ দেশ |
| সূৰ্য্যকুমাৰ ভূঞা | হাদিৰাচকীৰ পৰা গণপৰিষদলৈ |
| মুনীন বৰকটকী | কন্ফেছনছ |
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (আগষ্ট,১৯৫৫). গদ্যৰ সাধনা. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Homen Borgohain
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গদ্যৰ সাধনা” প্ৰবন্ধৰ সংশোধন ৪৯৮৮৬২ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।