অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

কেষ্টাৰব্ৰিজৰ মেয়ৰ

কেষ্টাৰব্ৰিজৰ মেয়ৰ এখন বিশ্ববিখ্যাত ইংৰাজী উপন্যাস৷ মূল গ্ৰন্থৰ নাম-The mayor of Casterbridge. উপন্যাসখনৰ লেখক টমাছ হাৰ্ডি৷ ভিক্তোৰিয়ান যুগৰ প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ টমাছ হাৰ্ডিৰ জন্ম হয় ১৮৪০ খ্ৰীষ্টাব্দৰ ২ জুনত৷ জন্মস্থান ডৰছেটশ্বায়াৰ৷ ১৮৭১ চনত তেখেতৰ প্ৰথম উপন্যাস Desperate…

হালনাগাদ: ২৯ জুলাই ২০২১ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

কেষ্টাৰব্ৰিজৰ মেয়ৰ এখন বিশ্ববিখ্যাত ইংৰাজী উপন্যাস৷ মূল গ্ৰন্থৰ নাম-The mayor of Casterbridge. উপন্যাসখনৰ লেখক টমাছ হাৰ্ডি৷ ভিক্তোৰিয়ান যুগৰ প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ টমাছ হাৰ্ডিৰ জন্ম হয় ১৮৪০ খ্ৰীষ্টাব্দৰ ২ জুনত৷ জন্মস্থান ডৰছেটশ্বায়াৰ৷ ১৮৭১ চনত তেখেতৰ প্ৰথম উপন্যাস Desperate Remedies প্ৰকাশ পায়৷ ১

বিৱৰণ

অসমীয়া ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰা হৈছে৷ অনুবাদক বন্দিতা গোস্বামী শইকীয়া৷ সম্পাদক দীনেশ চন্দ্ৰ গোস্বামী৷ শৰাইঘাট প্ৰকাশনৰপৰা ‘কালজয়ী সাহিত্য’ শীৰ্ষক এটি অনুবাদৰ চিৰিজ আৰম্ভ কৰা হৈছিল৷ এই গ্ৰন্থখনো ‘কালজয়ী সাহিত্য চিৰিজ’ৰ অন্তৰ্গত এখন গ্ৰন্থ৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০০৬ চনৰ আগষ্ট মাহত৷ ২

তথ্যসূত্ৰ

  1. ↑ কেষ্টাৰব্ৰিজৰ মেয়ৰ, প্ৰথম প্ৰকাশ, আগষ্ট, ২০০৬, শৰাইঘাট প্ৰকাশন, লেখকৰ পৰিচয়
  2. ↑ কেষ্টাৰব্ৰিজৰ মেয়ৰ, প্ৰথম প্ৰকাশ, আগষ্ট, ২০০৬, শৰাইঘাট প্ৰকাশন, লেখকৰ পৰিচয়

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেষ্টাৰব্ৰিজৰ মেয়ৰ” প্ৰবন্ধৰ সংশোধন ২৮৮৬৮৬ (২৯ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।