অসমীয়া ক্ৰীড়াবিদ
৩৬ প্ৰবন্ধ
-
লাভলীনা বৰগোহাঁই
লাভলীনা বৰগোহাঁই অসমৰ এগৰাকী ভাৰতীয় বক্সাৰ, যিয়ে আন্তৰ্জাতিক পৰ্যায়ত ৬৯ কেজি শাখাত পদক অৰ্জন কৰি পৰিচিতি লাভ কৰে। তেওঁ টকিঅ’ অলিম্পিকত বক্সিঙৰ ৬৯ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ পদক লাভ কৰে।
-
হিমা দাস
হিমা দাস অসমৰ ধিং গাঁৱৰ ভাৰতীয় ট্ৰেক-এণ্ড-ফিল্ড দৌৰবিদ, যি মূলতঃ ৪০০ মিটাৰ স্প্ৰিণ্টত খ্যাত। ২০১৮ চনত তেওঁ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ লগতে বিশ্ব পৰ্যায়তো পদক অৰ্জন কৰি ভাৰতীয় এথলেটিক্সত বিশেষ স্থান অধিকাৰ কৰে।
-
নয়নমণি শইকীয়া
নয়নমণি শইকীয়া (Nayanmoni Saikia; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ। তেওঁ বৰ্তমানলৈকে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।
-
শিৱ থাপা
শিৱ থাপা (Shiva Thapa; জন্ম: ৮ ডিচেম্বৰ, ১৯৯৩) অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হ'বলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে।
-
এলভিছ আলী হাজৰিকা
এলভিছ আলী হাজৰিকা (Elvis Ali Hazarika) ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল।
-
তৰুণ শইকীয়া
তৰুণ শইকীয়া (২৪ ফেব্ৰুৱাৰী, ১৯৭৬) মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। ২০১৩ চনৰ ১৮ মে তাৰিখে দোকমোকালিতে তৰুণ শইকীয়াই এভাৰেষ্টত ভৰি দি এই শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰে। তৰুণ শইকীয়াৰ পিতৃ প্ৰয়াত অতুল শইকীয়া আৰু মাতৃ চাৰু শইকীয়া।
-
ভোগেশ্বৰ বৰুৱা
ভোগেশ্বৰ বৰুৱা (Bhogeswar Baruah, জন্ম: ৩ ছেপ্টেম্বৰ ১৯৪০) ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। তেওঁৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত।
-
মণীষ কুমাৰ ডেকা
মণীষ কুমাৰ ডেকা (Manish Kumar Deka) হৈছে মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়া। তেখেতে ২০১৩ চনৰ ২৪ মে' তাৰিখত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে কেইদিনমান আগত, ১৮ মে'ত আন এজন অসমীয়া তৰুণ শইকীয়াই এভাৰেষ্ট শৃংগ জয় কৰি প্ৰথমজন অসমীয়া হিচাপে নিজৰ নাম লিপিবদ্ধ কৰে।
-
যমুনা বড়ো
যমুনা বড়ো (Jamuna Boro; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ। তেওঁ ৰাছিয়াৰ উলান-উড়েত অনুষ্ঠিত ২০১৯ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত তেওঁ সোণৰ পদক অৰ্জন কৰে।
-
হলিচৰণ নাৰ্জাৰী
হলিচৰণ নাৰ্জাৰী (Halicharan Narzary; জন্ম: ১০ মে', ১৯৯৪) এজন অসমীয়া ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ পেছাদাৰী প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগত বেংগালুৰু এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।
-
গিলবাৰ্টছন চাংমা
গিলবাৰ্টছন চাংমা অসমৰ এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
-
গোলাপ ৰাভা
গোলাপ ৰাভা (Golap Rabha, জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৩) অসমৰ এগৰাকী শৰীৰ চৰ্চাবিদ। তেওঁ একাধাৰে মিঃ ইণ্ডিয়া, মিঃ ৱৰ্ল্ড, মিঃ ইউনিভাৰ্চ আদিৰ দৰে কেইবাটাও খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।
-
গৌতম কলিতা
গৌতম কলিতা (Gautam Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ২০০৭ বৰ্ষত লছ এঞ্জেলেছত অনুষ্ঠিত ESPN-Musclemania World নামৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ লাভ কৰে।
-
দীপাংকৰ ভট্টাচাৰ্য
দীপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee) অসমৰ এগৰাকী প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ। তেওঁ বাৰ্চিলোনা তথা আটলাণ্টাত অনুষ্ঠিত অলিম্পিককে ধৰি ভালেসংখ্যক আন্তৰ্জাতিক খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে।
-
দুৰ্গা বড়ো
দুৰ্গা বড়ো (Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ইয়াৰ উপৰিও তেওঁ আই-লীগত শ্বিলং লাজঙৰ হৈ খেলে।
-
বাবুল ফুকন
বাবুল ফুকন (Babul Phukan) অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
-
মহাদেৱ ডেকা
মহাদেৱ ডেকা (ইংৰাজী: Mahadev Deka) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ। তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত ২০০৯ বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
-
অঙ্কুশিতা বড়ো
অঙ্কুশিতা বড়ো (Ankushita Boro; জন্ম ২০০০ চন) এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কিলোগ্ৰাম শাখাত অঙ্কুশিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
-
অভিজিত বৰুৱা
অভিজিত বৰুৱা (Abhijit Baruah, জন্ম: ১৯৯০ চন) হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্বীকৃতিপ্ৰাপ্ত এজন অসমীয়া ক্ৰীড়াবিদ। তেওঁ অসম আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী। অভিজিত এজন সুদক্ষ সমৰ কলাবিদ।
-
অম্লান বৰগোহাঁই
অম্লান বৰগোহাঁই (Amlan Borgohain) ভাৰতৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিদ। ২০২২ চনত তেওঁ কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপৰ ২০০ মি: শাখাত স্বৰ্ণপদক লাভ কৰাৰ লগতে ২০.৫২ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।
-
অস্মিতা চলিহা
অস্মিতা চলিহা (Ashmita Chaliha; জন্ম: ১৮ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। গুৱাহাটীত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অস্মিতাই সাত বছৰ বয়সত বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে।
-
এলেন দেউৰী
এলেন দেউৰী (জন্ম- ১২ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আই-লীগত শ্বিলং লাজং এফ চি দলৰ হৈ খেলিছিল। তেওঁ মিডফিল্ডাৰ হিচাপে খেলে।
-
জয়ন্ত তালুকদাৰ
জয়ন্ত তালুকদাৰ (Jayanta Talukdar) অসমৰ এজন আৰ্চাৰী খেলুৱৈ (ধনুৰ্বিদ)। ২০১২ চনৰ লণ্ডন অলিম্পিকলৈ নিৰ্বাচিত হোৱা তেওঁ একমাত্ৰ ভাৰতীয় পুৰুষ আৰ্চাৰ।
-
ভাগ্যৱতী কছাৰী
ভাগ্যৱতী কছাৰী (Bhagyabati Kachari জন্ম: ১ জানুৱাৰী, ১৯৯২) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ছাৰ্বিয়াৰ চম্বৰত অনুষ্ঠিত নৱম নেশ্বনছ কাপ বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন কৰে।
-
মনালিচা বৰুৱা মেহতা
মনালিচা বৰুৱা মেহতা (Monalisa Baruah Mehta) হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া আৰু প্ৰথম অসমীয়া মহিলা। এওঁ পূৰ্বৰ নেচনেল টেবুল টেনিছৰ বিজয়ী কমলেশ মেহতা ৰ লগত বিবাহ পাশত আবদ্ধ হয়।
-
মিঠু বৰুৱা
মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।
-
সোমদেৱ দেৱবৰ্মন
সোমদেৱ কিশোৰ দেৱবৰ্মন (Somdev Kishore Devvarman; জন্ম:১৩ ফেব্ৰুৱাৰী, ১৯৮৫) ভাৰতবৰ্ষৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে।
-
তয়াবুন নিছা
তয়াবুন নিছা (Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়।
-
তানিয়া চৌধুৰী
তানিয়া চৌধুৰী (Tania Choudhury; জন্ম: ১৯৯৫) এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ল'ন বলাৰ। তেওঁ গুৱাহাটীৰ বাসিন্দা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক আৰু অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।
-
পপী হাজৰিকা
পপী হাজৰিকা (ইংৰাজী: Popy Hazarika; জন্ম: ৮ ডিচেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। ২০২১ চনত তাছকেন্দত অনুষ্ঠিত হোৱা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰে। ২০২২ চনৰ জুলাই মাহত তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৫৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত সপ্তম স্থান লাভ কৰে।