অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনালিচা বৰুৱা মেহতা

মনালিচা বৰুৱা মেহতা (Monalisa Baruah Mehta) হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া আৰু প্ৰথম অসমীয়া মহিলা। এওঁ পূৰ্বৰ নেচনেল টেবুল টেনিছৰ বিজয়ী কমলেশ মেহতা ৰ লগত বিবাহ পাশত আবদ্ধ হয়।

হালনাগাদ: ৩০ জুন ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মনালিচা বৰুৱা মেহতা (Monalisa Baruah Mehta) হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া আৰু প্ৰথম অসমীয়া মহিলা।১ এওঁ পূৰ্বৰ নেচনেল টেবুল টেনিছৰ বিজয়ী কমলেশ মেহতা ৰ লগত বিবাহ পাশত আবদ্ধ হয়।

তেখেতে ১২ বাৰ অসম ৰাজ্যিক চেম্পিয়ন খিতাপ দখল কৰিছিল। মনালিছাই ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২

তেখেতে গুৱাহাটীৰ ছেণ্ট মেৰীজ কনভেণ্ট স্কুল আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ মুম্বাই নিবাসী আৰু অইল ইণ্ডিয়াত কৰ্মৰত এগৰাকী বিষয়া।৩

তথ্যসূত্ৰ

  1. ↑ Arjuna Awardees
  2. ↑ TT talent aplenty, no killer instinct
  3. ↑ LinkedIn page

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদঅৰ্জুন বঁটা বিজয়ীভাৰতৰ টেবুল টেনিছ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনালিচা বৰুৱা মেহতা” প্ৰবন্ধৰ সংশোধন ৬১৫০৩১ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।