অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভিজিত বৰুৱা

অভিজিত বৰুৱা (Abhijit Baruah, জন্ম: ১৯৯০ চন) হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্বীকৃতিপ্ৰাপ্ত এজন অসমীয়া ক্ৰীড়াবিদ। তেওঁ অসম আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী। অভিজিত এজন সুদক্ষ সমৰ কলাবিদ।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অভিজিত বৰুৱা (Abhijit Baruah, জন্ম: ১৯৯০ চন) হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত স্বীকৃতিপ্ৰাপ্ত এজন অসমীয়া ক্ৰীড়াবিদ।১২ তেওঁ অসম আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী। অভিজিত এজন সুদক্ষ সমৰ কলাবিদ। তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সামৰিক কলাৰ বহুতো প্ৰতিযোগিতাত কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে।৩

জন্ম আৰু বংশ পৰিচয়

১৯৯০ চনৰ ৩০ জুন তাৰিখে যোৰহাটৰ জিলাৰ আটিলা গাঁৱত অভিজিত বৰুৱাৰ জন্ম হয়। মাক-দেউতাক, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰে অভিজিতৰ পাঁচজনীয়া পৰিয়াল। তিনিওটা সন্তানৰ কনিষ্ঠ হৈছে অভিজিত। দেউতাক ৰঞ্জিত বৰুৱাই যোৰহাটৰ ন-আলি ৰে’ল গেটত এখন সৰু দোকান দি পৰিয়ালটো চলাই আছে। তিনিটা ল’ৰা-ছোৱালীৰ পঢ়াৰ খৰচ, তাৰ উপৰি ৯ বছৰৰ পৰাই সমৰ কলাৰ নিয়মীয়া অনুশীলন আৰু প্ৰশিক্ষণ লোৱা অভিজিতৰ বিভিন্ন সমৰ কলা প্ৰতিযোগিতাত যোগদানৰ খৰচ – এই সকলোবোৰ ৰঞ্জিত বৰুৱাৰ সীমিত উপাৰ্জনেৰে নুকুলাইছিল। সেয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈয়েই ২০০৯ চনত অসম আৰক্ষীৰ কনিষ্টবল পদত যোগ দিয়ে।৪

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

মাত্ৰ ন বছৰ বয়সতে ৰাকেশ মিটেইৰ ওচৰত অভিজিতে কাৰাটে শিকিবলৈ আৰম্ভ কৰিছিল। কাৰাটেৰ ফাষ্ট ডান ব্লেক বেল্ট হোৱাৰ উপৰি কিক্ বক্সিং, থাই বক্সিং, উশ্বু আৰু যোগতো অভিজিতৰ অগাধ বুৎপত্তি আছে। অভিজিত যোৰহাট পলিটেকনিক হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উত্তৰ যোৰহাটৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবৰ বাবে ইমানতে পঢ়া-শুনা সামৰি ২০০৯ চনত অসম আৰক্ষীত যোগদান দিয়ে। বৰ্তমান অভিজিতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে স্নাতক শাখাৰ পঢ়া-শুনা অব্যাহত ৰাখিছে।৪

বঁটা আৰু স্বীকৃতি

  • কাৰাটেৰ নেশ্যনেল চেম্পিয়নশ্বিপত দুবছৰ ধৰি একেৰাহে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি সোণৰ পদক অৰ্জন।
  • ২০০৯ চনত কলকাতৰ চল্ট লেকত অনুষ্ঠিত থাই বক্সিং টুৰ্ণামেণ্টত ছিনিয়ৰ ৫৭ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল। লগতে টুৰ্ণামেণ্টৰ চেম্পিয়ন অফ দ্য চেম্পিয়নছৰ খিতাপো লাভ কৰিবলৈ সক্ষম হৈছিল।৪

অভিলেখ

অভিলেখৰ গঢ়াৰ লক্ষ্য

২০০৯ চনত থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত হ’বলগীয়া কিংছ ট্ৰফী ইণ্টাৰনেশ্যনেল থাই বক্সিং টুৰ্ণামেণ্টত অংশ গ্ৰহণৰ বাবে নিৰ্বাচিত হৈছিল। তাৰ বাবে যাৱতীয় খৰচৰ বাবে অভিজিতে থাই বক্সিংৰ ভাৰতীয় সন্থাটোক ১.৬০ লাখ টকা জমাও দিছিল। কিন্তু উদ্যোক্তাসকলে একাধিক অজুহাত দেখুৱাই অভিজিতক সেই টুৰ্ণামেণ্টত ভাগ লোৱাৰ পৰা বঞ্চিত কৰিছিল। কোৱা হৈছিল প্ৰয়োজনীয় ধন জমা দিয়াত পলম হোৱাৰ বাবেই তেওঁক বেংককৰ এই টুৰ্ণামেণ্টত ভাগ ল’বলৈ দিয়া নহ’ব। তেতিয়াই এই বঞ্চনাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ অভিজিত আৰু প্ৰশিক্ষক ৰাকেশ মিটেই – দুয়ো মিলি বিশ্ব অভিলেখ গঢ়াৰ মন মেলিলে।৪

অভিলেখৰ প্ৰস্তুতি

২০১০ চনৰ জানুৱাৰীৰ পৰাই অভিজিতে নিজকে দীৰ্ঘ দূৰত্বৰ দৌৰৰ বাবে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমতে এদিন যোৰহাটৰ পৰা শিৱসাগৰলৈ একেলেঠাৰিয়ে দৌৰি শিৱদ’লৰ বিগ্ৰহৰ সন্মুখত চাকি জ্বলাই আহেগৈ অভিজিতে। ইতিমধ্যে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ ভাৰতীয় প্ৰতিনিধি ড॰ চন্দ্ৰশেখৰ তিৱাৰীৰ লগত অভিজিতৰ যোগাযোগ হ’ল জয়লক্ষ্মী বৰুৱা নামৰ স্থানীয় জে টি ভিত কৰ্মৰত এগৰাকী যুৱতীৰ জৰিয়তে। ড॰ তিৱাৰীৰ পৰামৰ্শ মতেই বোকাখাত হৈ কাজিৰঙালৈ ১০৫ কিঃমিঃ দৌৰি সেই দৌৰৰ সম্পূৰ্ণ ভিডিঅ’ ৰেকৰ্ডিং গিনিছ বুকৰ অডিশ্যনৰ বাবে তিৱাৰীলৈ প্ৰেৰণ কৰা হৈছিল।

দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতিত অভিজিতে যোৰহাটৰ পৰা প্ৰথমে শিৱসাগৰ আৰু শিৱসাগৰৰ পৰা পুনৰ দেৱগাঁৱলৈ দৌৰি ১৫০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিলে।১ এই দূৰত্ব অতিক্ৰম কৰোঁতে সময় লৈছিল ১৭ ঘণ্টা।২ ইয়াৰ পাছৰ প্ৰস্তুতিত তৃতীয় পৰ্ব হিচাপে ২০১১ চনৰ ২৮ মে’ত যোৰহাটৰ পৰা কাজিৰঙা আৰু পুনৰ কাজিৰঙাৰ পৰা যোৰহাটলৈ ঘূৰি আহি ২০০ কিঃমিঃ দূৰত্ব পূৰ্ণ কৰিলে। এই দৌৰত যোৰহাটৰ আৰক্ষীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল আৰু ইয়াৰ নাম দিয়া হৈছিল ‘ৰাণ এগেন্‌ষ্ট ক্ৰাইম’। এই দৌৰত লিমকা বুক্‌ অৱ ৰেকৰ্ডছৰ পূৰ্বৰ সকলো অভিলেখ অভিজিতে ভংগ কৰিছিল যদিও আজি পৰ্যন্ত লিমকা বুকৰ কোনো আনুষ্ঠানিক স্বীকৃতি অভিজিতে লাভ নকৰিলে।৪

খালী ভৰিৰে অভিলেখৰ প্ৰস্তুতি

২৮ মে’ৰ দৌৰৰ পিছতেই গিনিছ বুকৰ প্ৰতিনিধি ড॰ তিৱাৰীয়ে লণ্ডনত থকা গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্ত্তৃপক্ষৰ লগত কথা পাতি ৩০ জানুৱাৰী তাৰিখটো অভিজিতৰ চূড়ান্ত অভিলেখৰ বাবে নিৰ্ধাৰণ কৰি দিলে। তেতিয়ালৈকে অভিজিতৰ লক্ষ্য আছিল জোতা পিন্ধি গ্ৰীছৰ য়ানুন ক্ৰছৰ ৩০০ কিঃমিঃ দৌৰাৰ অভিলেখ ভংগ কৰা। অভিজিতে পৰিকল্পনা কৰিছিল জোতা পিন্ধি যোৰহাটৰ পৰা শৰাইঘাট পৰ্যন্ত দৌৰাৰ। ডিচেম্বৰৰ শেষ সপ্তাহত হঠাৎ অভিজিতক জনোৱা হ’ল যে য়ানুন ক্ৰছৰ অভিলেখ ভংগৰ অনুমতি তেওঁক দিয়া নহ’ব। বৰঞ্চ তাৰ সলনি খালী ভৰিৰে একেৰাহে ২৪ ঘণ্টা দৌৰি এটা নতুন অভিলেখহে গঢ়িব লাগিব।

“ভাৰতৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অথ'ৰিটীয়ে মোক জনাই যে তেওঁলোকে মোৰ এই প্ৰচেষ্টাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে। এই অভিলেখ গঢ়ি মই গৌৰৱ অনুভৱ কৰিছোঁ। সৰুৰে পৰা কিবা এটা কৰাৰ সপোন আছিল আৰু আজি সেয়া বাস্তৱিত হ'ল।”১
— অভিজিত বৰুৱা (গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতি পোৱাৰ পিছত সাংবাদিকৰ সন্মুখত এনেদৰে কয়)

এমাহ সময় থাকোঁতেই অভিভিতে নিজৰ লক্ষ্য সলনি কৰি খালী ভৰিৰে দৌৰিবৰ বাবে ভৰি দুখনক প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ বাবে গৰম কেৰাহীত বালি আৰু শিল ভাজি গৰম কৰি তাৰ ওপৰত জঁপিয়াই ভৰি দুখনৰ সহিষ্ণুতা বৃদ্ধি কৰা হৈছিল। জুই আৰু গৰম মিঠাতেল সানি ভৰিৰ পতা দুখনৰ গৰম সহ্য কৰিব পৰা শক্তিও বৃদ্ধি কৰা হৈছিল। ৰে’লৰ চিৰিৰ ওপৰত দৌৰি স্পীড্‌ ম’ভিঙৰ অভ্যাস চলাইছিল। শক্তিৰ বাবে ইণ্ডিগ’ গাড়ীত চাৰিজন আৰোহী লৈ ৰছীৰে পিঠিত গাড়ীখন বান্ধি টনাৰ অনুশীলন চলাইছিল। সেই এমাহত ৰাতি ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সপ্তাহৰ তিনিদিন, আন কেইদিন সন্ধ্যা ছয় বজাৰ পৰা নিশা বাৰ বজালৈ আৰু নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ একেৰাহে দৌৰাৰ অনুশীলন চলাইছিল।৪

দীৰ্ঘতম শুদাভৰিৰ দৌৰবিদ

২০১২ চনৰ ২৯ জানুৱাৰীত আবেলি অভিজিতে যোৰহাটৰ পৰা দৌৰা আৰম্ভ কৰে।১২৫ ৩০ জানুৱাৰীৰ আবেলি ৩ বাজি ৫৬ মিনিটত ২৪ ঘণ্টাৰ ভিতৰত অভিজিতে শুদা ভৰিৰে ১৫৬.২ কিঃমিঃ অতিক্ৰম কৰে। এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ ২৩ ঘণ্টা ১৯ মিনিট লয়।২ ইয়াৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ-এ অভিজিত বৰুৱাক longest barefoot runner হিচাবে স্বীকৃতি দিয়ে।৫

অন্যান্য অভিলেখসমূহ

বিশ্বৰ দ্ৰুততম মুষ্টিযুঁজাৰু

২০১২ চনৰ ১৩ অক্টোবৰত যোৰহাট জিলাৰ যোৰহাট ষ্টেডিয়ামত অভিজত বৰুৱাই এক মিনিটত এখন বক্সিঙ পেডত ৩২৯ বাৰ প্ৰহাৰ কৰি অভিলেখ সৃষ্টি কৰে।৬ ইয়াৰ বাবে অভিজিতক এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ সকলোতকৈ দ্ৰুততম মুষ্টিযুঁজাৰু ৰূপে স্বীকৃতি দিয়ে।৬ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতি পাবৰ বাবে ২০১২ চনৰ ডিচেম্বৰত লণ্ডনত অভিজিতে এইয়া পুনৰবাৰ চেষ্টা কৰিব।৬

সহিষ্ণুতাৰ অভিলেখ

অভিজিত বৰুৱাই ২০১২ চনৰ ১৪ অক্টোবৰৰ দিনা কেইবাটাও অভিলেখ গঢ়ে। তেওঁ চাৰি ঘণ্টাত যোৰহাটৰ পৰা শিৱসাগৰৰ লৈ দৌৰি যায়। তাৰ পাছত তিনি ঘণ্টাৰ ভিতৰত পুনৰ যোৰহাটলৈ বাইচাইকেল চলাই উভতি আহে।৭ উভতি আহি যোৰহাট ষ্টেডিয়ামত ২০টা পুচ আপ (push up) কৰে। ইয়াৰ পিছত ৪০ কিঃগ্ৰাঃ বোজা পিঠিত লৈ ২০০ মিটাৰ শুদা ভৰিৰে দৌৰি যায়। ইণ্ডিয়ান বুক ৰেকৰ্ডছৰ নিৰীক্ষকে গোটেই ঘটনাৰ নিৰীক্ষণ কৰাৰ পিছত অভিজিতক সহিষ্ণুতাৰ বাবে স্বীকৃতি দিয়ে।৭

তথ্যসূত্ৰ

  1. ↑ (April 17, 2012). Assam cop is longest barefoot runner in world. NDTV Convergence Limited
  2. ↑ (1 February, 2012). assamese-boy-abhijit-baruah-runs-to-glory-of-guinness-book. Times Of Assam
  3. ↑ (Saturday, January 28, 2012). অভিজিত বৰুৱাৰ মেডেল. The Telegraph
  4. ↑ শান্তনু পূজাৰী. (১২ ফেব্ৰুৱাৰী, ২০১২). অভিজিতৰ অভিলেখ. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা. পৃ. ৮, ৯, ১০ পৃ্ষ্ঠা
  5. ↑ Abhijit Baruah,Assam, Guiness World record by running barefooted 156.2 kms. for 23 hrs. &19 mts.. HumtyDumty Technologies
  6. ↑ (Sunday, October 14, 2012). the fastest boxer in the world by punching 329 times within a minute. The Assam Tribune
  7. ↑ (15 October, 2012). Abhijit Baruah sets multiple record. Assam Times

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদভাৰতৰ বক্সাৰঅসমৰ আৰক্ষী বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিজিত বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৬০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।