বাবুল ফুকন (Babul Phukan) অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। ১ দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে। ২ ৩ ৪৫৬৭
জীৱনী
বাবুল ফুকনৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১ মে' তাৰিখে তিনিচুকীয়া জিলাৰ জেৰাই চকলভৰীয়া গাঁৱত। ৮তেওঁৰ পিতৃ গন্ধেশ্বৰ ফুকন আৰু মাতৃ বহাগী ফুকন। গন্ধেশ্বৰ ফুকন নৰ্থ বালিজান চাহ বাগিচাৰ কৰ্মচাৰী আছিল। বাবুল ফুকনে পানীতোলা হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক আৰু চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰিছিল। ২
ক্ৰীড়া জীৱন
বাবুল ফুকনৰ চাৰিজন সহোদৰ ভাতৃ ৰেৱতী, সদা, ৰুদ্ৰ আৰু লক্ষ্য- এই আটাইকেইজনেই পাকৈত ফুটবল খেলুৱৈ আছিল আৰু তাৰে তিনিজনে ৰাজ্যিক ফুটবল দলকো প্ৰতিনিধিত্ব কৰিছিল। ৮ তেওঁৰ খেলুৱৈ জীৱনৰ আৰম্ভনি ঘটিছিল জেৰাইগাওঁ আঞ্চলিক ক্ৰীড়া সংস্থাৰ জৰিয়তে। ৯ ১৯৮১ চনত ধেমাজিত অনুষ্ঠিত ছাব-জুনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত তিনিচুকীয়া জিলাক প্ৰতিনিধিত্ব কৰি তেওঁ আত্মপ্ৰকাশ ঘটায়। ১৯৮১ চনত গ্ৰাম্য ক্ৰীড়া ফুটবল আৰু ১৯৮২ চনত জাতীয় ছাব-জুনিয়ৰ ফুটবলত চমকপ্ৰদ খেল প্ৰদৰ্শন কৰাৰ সুবাদত ১৯৮৪ চনত অসম জুনিয়ৰ ফুটবল দললৈ নিৰ্বাচিত হয়। ৯ সেই বছৰ ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ ফুটবলত অসম কেৰালাৰ হাতত ১-০ গ'লত পৰাভূত হৈ ৰাণাৰ্ছ-আপৰ খিতাপ লাভ কৰিছিল। ১৯৮৬ চনত গোৱালপাৰাত অনুষ্ঠিত আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত বি বৰুৱা মহাবিদ্যালয়ে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ক ১-০ গ'লত পৰাস্ত বিজয়ীৰ খিতাপ দখল কৰে আৰু বি বৰুৱা দলৰ নেতৃত্ব বহন কৰিছিল বাবুল ফুকনে। ৮ ইয়াৰ পিছত বাবুল ফুকনৰ নেতৃত্বতেই গুৱাহাটী বিশ্ববিদ্যালয়ে কলকাতাত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় ফুটবলত অৱতীৰ্ণ হৈছিল।
১৯৮৬ চনৰ পৰা ১৯৯৬ চনলৈ বাবুল ফুকনে মুঠতে আঠবাৰ ৰাজ্যিক ছিনিয়ৰ ফুটবল দলক সন্তোষ ট্ৰফীত প্ৰতিনিধিত্ব কৰিছিল। তাৰোপৰি ১৯৮৫ চনত দিল্লী আৰু লক্ষ্ণৌত অনুষ্ঠিত দুখন খেলত তেওঁ ইটালীৰ বিৰুদ্ধে ভাৰতীয় ২৩ বছৰ অনুৰ্ধ দলৰ সদস্য আছিল। ১৯৮৫ চনতে নেপালত তেওঁ ভাৰতীয় ছিনিয়ৰ দলৰ হৈ খেলাৰ সুযোগ পাইছিল। পুনৰ ১৯৮৬ আৰু ১৯৮৭ চনত পাকিস্তান আৰু ছৌদি আৰৱত ভাৰতীয় জুনিয়ৰ দলৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ৯৮১
১৯৮৮ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI) দলৰ হৈ তেওঁ গুৱাহাটী আৰু ছিলঙত ছোভিয়েট জুনিয়ৰ একাদশৰ বিৰুদ্ধে দূৰ্দান্ত প্ৰদৰ্শ কৰিছিল। ৮ ১৯৮৫-১৯৮৮ চনলৈ মহাৰাণা ক্লাৱত, ১৯৮৯ চনত এবছৰৰ বাবে কলকাতাৰ মহমেডান ক্লাৱত খেলাৰ পিছত ১৯৯০ চনত গুৱাহাটী টাউন ক্লাৱত যোগদান কৰে। ১৯৯৩ চনত তেওঁ এবছৰ গুৱাহাটীৰ প্ৰথম ডিভিজন ইয়ং এমেচাৰ ক্লাৱত খেলি ১৯৯৪ চনৰ পৰা ১৯৯৮ চনলৈ মহাৰাণা ক্লাৱত খেলে। ১৯৯৯ চনত তেওঁ ডায়নাম' ক্লাৱৰ হৈ গুৱাহাটী ছুপাৰ ডিভিজন লীগৰ খেলত শেষবাৰৰ বাবে ভাগ লয়। ২
ভাৰতীয় ষ্টেট বেংকৰ নাহৰলগুণ শাখাত কাৰ্যনিৰ্বাহ কৰা বাবুল ফুকনে ২০০০ চনত প্ৰথম শ্ৰেণীৰ ফুটবলৰ পৰা অৱসৰ লয়। ইয়াৰ পিছৰে পৰা তেওঁ কেৱল বিভাগীয় ফুটবল প্ৰতিযোগিতা সমূহতহে অংশ লৈছিল।
মৃত্যু
বহুদিন যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ইন্টাৰনেছনেল হস্পিটেলত বাবুল ফুকনৰ মৃত্যু হয়। ২ ৮ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা সন্তানক এৰি গৈছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাবুল ফুকন” প্ৰবন্ধৰ সংশোধন ৬৩০৪৪৬ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।