গৌতম কলিতা (Gautam Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ।১ তেওঁ ২০০৭ বৰ্ষত লছ এঞ্জেলেছত অনুষ্ঠিত ESPN-Musclemania World নামৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ লাভ কৰে। ২
ব্যক্তিগত জীৱন
গৌতম কলিতাৰ পিতৃৰ নাম গোলক কলিতা আৰু মাতৃৰ নাম সবিতা কলিতা। তেওঁৰ জন্ম হৈছিল নগাঁৱত।১ তেওঁ বিশ বছৰ বয়সত শৰীৰচৰ্চাৰ জগতত প্ৰৱেশ কৰে। বৰ্তমান তেওঁ নগাঁৱত নগাঁও হেল্থ ক্লাব নামৰ শৰীৰচৰ্চাৰ কেন্দ্ৰ পৰিচালনা কৰে।১
কৃতিত্ব
- মিষ্টাৰ নগাঁও (১৯৮৯-৯০)
- মিষ্টাৰ অসম (১৯৯৪-৯৮), পাঁচবাৰ
- মিষ্টাৰ নৰ্থ-ইষ্ট (২০০১-২০০২-২০০৩), তিনিবাৰ
- মিষ্টাৰ ইণ্ডিয়া (২০০৪-২০০৫-২০০৭)
- মিষ্টাৰ ৱৰ্ল্ড (২০০৭)১
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Rahman, Mofid. (2008-01-23). Achievers of Assam in 2007
- ↑ (2009-01-14). Real Builder crown for Nipananda - Mr Assam title-holder David Momin finishes runner-up. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌতম কলিতা” প্ৰবন্ধৰ সংশোধন ৪২০৮৭৬ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।