অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোমদেৱ দেৱবৰ্মন

সোমদেৱ কিশোৰ দেৱবৰ্মন (Somdev Kishore Devvarman; জন্ম:১৩ ফেব্ৰুৱাৰী, ১৯৮৫) ভাৰতবৰ্ষৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৮৩৮ শব্দ · ৫ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সোমদেৱ কিশোৰ দেৱবৰ্মন (Somdev Kishore Devvarman; জন্ম:১৩ ফেব্ৰুৱাৰী, ১৯৮৫) ভাৰতৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে।১২৩ এন চি এ এ টেনিছ চেম্পিয়নশ্বীপত প্ৰথমবাৰৰ বাবে একেৰাহে তিনিবাৰকৈ ফাইনেলত প্ৰৱেশ কৰি সোমদেৱ দেৱবৰ্মন বাতৰিৰ শিৰোনামলৈ আহিছিল। সোমদেৱ এই প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছিনিয়ৰ বৰ্ষত একেৰাহে ফাইনেলত জয়ী হৈছিল। ১৯৫০ চনলৈকে মাত্ৰ তিনিজন খেলুৱৈহে এই লক্ষ্যত উপনীত হ'ব পাৰিছিল। "এন চি এ এ টেনিছ চেম্পিয়নশ্বীপ"ত সোমদেৱৰ ৪৪-১ ব্যৱধানৰ জয়-পৰাজয়ৰ অভিলেখ অভূতপূৰ্ব আছিল।৪

২০০৯ চনৰ "চেন্নাই অপেন"ত তেওঁ এজন ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে যোগদান কৰিছিল। এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি তেওঁ "এ টি পি ৱৰ্ল্ড টুৰ"ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছিল। ২০১০ চনত, সোমদেৱে নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৯তম কমনৱেলথ গেমছৰ টেনিছৰ পুৰুষৰ ছিংগলছ শাখাত স্বৰ্ণপদক দখল কৰিছিল। ইয়াৰ পিছত চীনৰ গোৱাংজুত অনুষ্ঠিত হোৱা এছিয়ান গেমছত টেনিছৰ পুৰুষৰ ছিংগলছ আৰু ডাবলছ শাখাত স্বৰ্ণপদক দখল কৰিছিল। সোমদেৱৰ প্ৰশিক্ষক হৈছে স্কট মেককেইন।

২০১১ চনত, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেনিছৰ পোৱা সফলতাৰ বাবে ভাৰত চৰকাৰৰ পৰা সোমদেৱে অৰ্জুন বঁটা লাভ কৰে।৫

প্ৰাৰম্ভিক জীৱন

১৯৮৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্গত গুৱাহাটীত সোমদেৱ দেৱবৰ্মনৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম প্ৰবাঞ্জন দেৱবৰ্মন আৰু মাতৃৰ নাম ৰঞ্জনা দেৱবৰ্মন। তেওঁৰ পিতৃ এজন আয়কৰ বিভাগৰ এজন অৱসৰপ্ৰাপ্ত কমিছনাৰ। তেওঁৰ পিতৃ-মাতৃৰ ঘৰ ত্ৰিপুৰা ৰাজ্যত। ৩-৪ মাহৰ কেঁচুৱা কালতে সোমদেৱৰ পৰিয়াল কলিকতালৈ যায় আৰু তাত ৮ বছৰ বয়সলৈকে থাকে।৬ পিতৃৰ চাকৰিৰ বাবে পৰিয়ালটো তামিলনাডুৰ চেন্নাইলৈ স্থানান্তৰিত হৈছিল আৰু তাতেই ৯ বছৰ বয়সৰপৰা টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।৭ ১৭ বছৰ বয়সৰপৰা সোমদেৱে "ফিউছাৰ টুৰ্ণামেণ্ট"ত অংশগ্ৰহণ কৰিবিলৈ আৰম্ভ কৰিছিল। ২০০৪ চনত তেওঁ কলকাতাৰ এফ 2 চেম্পিয়নশ্বিপত খিতাপ দখল কৰাৰ ফলত তেওঁ বিশ্ব ৬৬৬তম বাছনিলৈ উন্নীত হৈছিল। ইয়াৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া বিশ্বিবিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিল। কলেজত পঢ়ি থাকোঁতে, ২০০৭ চনত এন চি এ এ টেনিছ চেম্পিয়নশ্বীপৰ খিতাপ দখল কৰিছিল। সোমদেৱ এই প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছিনিয়ৰ বৰ্ষত একেৰাহে দুবাৰকৈ ফাইনেলত জয়ী হৈছিল। এই প্ৰতিযোগিতাত একেৰাহে খিতাপ দখল কৰা ১৩তম খেলুৱৈ আছিল। "এন চি এ এ টেনিছ চেম্পিয়নশ্বীপ"ত সোমদেৱৰ ৪৪-১ ব্যৱধানৰ জয়-পৰাজয়ৰ অভিলেখ অভূতপূৰ্ব আছিল। ১৯৫০ চনলৈকে মাত্ৰ তিনিজন খেলুৱৈহে এই লক্ষ্যত উপনীত হ'ব পাৰিছিল।

সোমদেৱে সমাজবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু ২০০৮ চনৰপৰা পেছাদাৰী টেনিছ খেলিবলৈ লয়। নিউয়ৰ্ক মহানগৰৰ ৰ'চেষ্টাৰত অনুষ্ঠিত "ফিউছাৰ টুৰ্ণামেণ্ট"ত কেৰিয়াৰৰ প্ৰথমটো খিতাপ দখল কৰিছিল।

পেচাদাৰী জীৱন

প্ৰাৰম্ভিক খেলুৱৈ জীৱন

  • ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত, সোমদেৱে নিউয়ৰ্ক মহানগৰৰ ৰ'চেষ্টাৰত অনুষ্ঠিত "ফিউছাৰছ টুৰ্ণামেণ্ট"ৰ ছিংগলছৰ খিতাপ দখল কৰি পেচাদাৰী জীৱন লাভ কৰিছিল। তেওঁৰ বিশ্ববিদ্যালয়ৰ সংগী ট্ৰিট হোৱেৰ লগত যুটি বান্ধি এই প্ৰতিযোগিতাৰ ডাবলছৰ খিতাপ দখল কৰিছিল। ইয়াৰ পাছৰ সপ্তাহতে, ট্ৰিট হোৱেৰ লগত পুনৰ যুটি বান্ধি পিটছবাৰ্গত অনুষ্ঠিত "ফিউছাৰছ টুৰ্ণামেণ্ট"ৰ ডাবলছৰ খিতাপ দখল কৰাৰ লগতে ছিংগলছৰ খিতাপো সোমদেৱে দখল কৰিছিল।
  • ইয়াৰ পিছত ২০০৮ চনৰ ২৭ জুলাইত "লেক্সিংটন চেলেঞ্জাৰ"ত সোমদেৱে খিতাপ দখল কৰিছিল।
  • ২০০৮ চনৰ আগষ্টত সোমদেৱ দেৱবৰ্মন "লেগ মেচন টেনিছ ক্লাছিক"ৰ কোৱাৰ্টাৰ ফাইনেল পৰ্য্যন্ত আগবাঢ়িছিল।

২০০৯ বৰ্ষ

  • ২০০৯ চনৰ "চেন্নাই অপেন"ত সোমদেৱে কেৰিয়াৰৰ প্ৰথমটো "এ টি পি টুৰ"ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ফাইনেলত সোমদেৱ ক্ৰৱেটিয়াৰ মেৰিন চিলিকৰ হাতত পৰাস্ত হৈছিল।
  • "অষ্ট্ৰেলিয়ান অপেন" আৰু "ফ্ৰান্স অপেন"ৰ কোৱালিফায়িঙৰ দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈ প্ৰতিযোগিতাৰ বাহিৰ হৈছিল।
  • ইয়াৰ পিছত "কমেৰিকা বেংক চেলেঞ্জাৰ" প্ৰতিযোগিতাত ছেমিফাইনেল পৰ্য্যন্ত আগবাঢ়িছিল।
  • কেৰিয়াৰৰ প্ৰথম গ্ৰেণ্ডশ্লাম "ইউ এছ অপেন"ত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছিল। কিন্তু সোমদেৱ দ্বিতীয় ৰাউণ্ডত জাৰ্মানীৰ ফিলিপ ক'লস্কৰেইবাৰৰ হাতত পৰাস্ত হৈছিল।

২০১০ বৰ্ষ

  • জোহান্সবাৰ্গত অনুষ্ঠিত "এছ এ অপেন"ৰ কোৱাৰ্টাৰ ফাইনেল আৰু "এ টি পি ৱৰ্ল্ড টুৰ 500 ছিৰিজ ডুবাই টেনিছ চেম্পিয়নশ্বিপ"ত দ্বিতীয় ৰাউণ্ড পৰ্য্যন্ত আগবাঢ়িছিল।
  • ইয়াৰ উপৰি সোমদেৱে "ডেভিছ কাপ"ত ৰাছিয়াৰ বিৰূদ্ধে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।
  • ২০১০ বৰ্ষৰ ফ্ৰান্স অপেন আৰু ইউ এছ অপেনৰ প্ৰথম ৰাউণ্ডৰপৰাই বিদায় লৈছিল। ইয়াৰ পিছত তেওঁৰ বিশ্ববিদ্যালয়ৰ সংগী ট্ৰিট হোৱেৰ লগত যুটি বান্ধি উইম্বলডনৰ ডাবলছত অংশগ্ৰহণ কৰিছিল। ইয়াত ৰোহন বোপান্না আৰু আইচাম-উল-হক-কুৰেশ্বিৰ হাতত ৬-৩, ৫-৭, ৩-৬, ৬-৭ ছেটত পৰাস্ত হৈ প্ৰতিযোগিতাৰ বাহিৰ হৈছিল।
  • ২০১০ চনৰ ১০ অক্টোবৰত দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছৰ টেনিছৰ পুৰুষ শাখাত স্বৰ্ণ পদক লাভ কৰিছিল।
  • ২০১০ চনৰ ২৩ নৱেম্বৰত চীনৰ গোৱাংজুত অনুষ্ঠিত এছিয়ান গেমছত টেনিছৰ পুৰুষৰ ছিংগলছত স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰ উপৰি সনম সিঙৰ লগত যুটি বান্ধি ডাবলছতো স্বৰ্ণ পদক লাভ কৰিছিল।৮
  • ২৫ অক্টোবৰত কেৰিয়াৰৰ সৰ্ব্বোচ্চ ৰেংকিং ৯৪ নম্বৰলৈ উন্নীত হৈছিল।

২০১১ বৰ্ষ

  • "চেন্নাই অপেন"ৰ সৈতে ২০১১ বৰ্ষৰ আৰম্ভণি কৰিছিল। তেতিয়া তেওঁ ৰেংকিং আছিল ১০৮ নং। কিন্তু প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ প্ৰতিযোগিতাৰ বাহিৰ হৈছিল।
  • ২০১০ বৰ্ষত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে সোমদেৱে কেৰিয়াৰত প্ৰথম বাৰৰ বাবে ২০১১ অষ্ট্ৰেলিয়ান অপেনত ভাগ ল'বলৈ ৱাইল্ড কাৰ্ড পাইছিল। ইয়াতো প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছিল।
  • সোমদেৱ দেৱবৰ্মনে "২০১১ ছাউথ আফ্ৰিকা টেনিছ অপেন"ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ফাইনেলত কেভিন এণ্ডাৰছনৰ হাতত ৬-৪, ৩-৬, ২-৬ ত পৰাস্ত হৈছিল। ইয়াত দেখুওৱা প্ৰদৰ্শনৰ বাবে সোমদেৱ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং ৮০ নম্বৰলৈ উন্নীত হৈছিল।
  • ইয়াৰ পিছত "২০১১ ডুবাই টেনিছ চেম্পিয়নশ্বিপ"ত ভাগ ল'বৰ বাবে ৱাইল্ড কাৰ্ড পাইছিল। কিন্তু "ডুবাই ডিউটি ফ্ৰি টেনিছ চেম্পিয়নশ্বিপ"ৰ প্ৰথম ৰাউণ্ডত বিশ্বৰ আগশাৰীৰ খেলুৱৈ ৰ'জাৰ ফেডেৰাৰৰ লগত মুখামুখি হৈছিল। ইয়াত পৰাস্ত হোৱাৰ পিছত সোমদেৱৰ ৰেংকিং ৯৩ নম্বৰলৈ অৱনমিত হৈছিল।
  • ২০১১ উইম্বলডনৰ পুৰুষৰ ছিংগলছত অংশগ্ৰহণ কৰিছিল যদিও দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈ প্ৰতিযোগিতাৰ বাহিৰ হৈছিল।
  • ইয়াৰ পিছত "আটলাণ্টা টেনিছ চেম্পিয়নশ্বিপ"ত কোৱাৰ্টাৰ ফাইনেল পৰ্য্যন্ত আগবাঢ়িছিল।

২০১২ বৰ্ষ

Somdev Devvarman KFI.jpg
ছবি: Somdev_Devvarman.JPG: Alexisrael derivative work: Mario Žamić (talk) · CC BY-SA 3.0
  • ২০১২ চনৰ লণ্ডন অলিম্পিকৰ টেনিছৰ পুৰুষৰ ছিংগলছত অংশগ্ৰহণ কৰিবৰ বাবে ৱাইল্ড কাৰ্ড এণ্ট্ৰি লাভ কৰিছে।৯

ব্যক্তিগত জীৱন

সোমদেৱৰ পিতৃ-মাতৃ ভাৰতবৰ্ষৰ ত্ৰিপুৰা ৰাজ্যৰ। তেওঁ হৈছে ত্ৰিপুৰাৰ পূৰ্বৰ ৰাজকীয় পৰিয়ালৰ বংশধৰ।১০ সোমদেৱ ত্ৰিপুৰাৰ ৰাজবংশৰ স্বৰ্গীয় বিক্ৰমেন্দ্ৰ দেৱবৰ্মনৰ নাতি।১১ তেওঁ ৰ'জাৰ ফেডেৰাৰৰ অনুগামী। সোমদেৱে কৃনছ, লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিৰ দ্বাৰা অনুপ্ৰাণিত।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ John-Isner Profile. www.atpworldtour.com
  2. ↑ Kevin-Anderson Profile. www.atpworldtour.com
  3. ↑ Jesse-Levine Profile. www.atpworldtour.com
  4. ↑ Devvarman Repeats as NCAA Tennis Singles Champion. VirginiaSports.com
  5. ↑ www.atpworldtour.com/News/Tennis/2011/09/Feature
  6. ↑ Is, He. (26 October 2009). Racquetman. The Telegraph
  7. ↑ Diwan, Kunal. (31 December 2010). Somdev hopes to break into the top 50. The Hindu
  8. ↑ (23 November 2010). Asian Games: Somdev Devvarman wins seventh gold for India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ (26 June 2012). Sania, Somdev get wild cards for London Olympics
  10. ↑ Somdev Devvarman - Shinning Bright Neblog.in
  11. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদভাৰতৰ টেনিছ খেলুৱৈভাৰতীয় অলিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোমদেৱ দেৱবৰ্মন” প্ৰবন্ধৰ সংশোধন ৬৪০২৯৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।