শিৱ থাপা (Shiva Thapa; জন্ম: ৮ ডিচেম্বৰ, ১৯৯৩) অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হ'বলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। ফ্লাইৱেইট শাখাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰিবলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অলিম্পিকলৈ নিৰ্বাচিত হোৱা দেশৰ কনিষ্ঠতম বক্সাৰ।১
খেলুৱৈ জীৱন
বক্সিং খেলৰ জগতত প্ৰৱেশ
শিৱ থাপাৰ পিতৃ পদম থাপা। পৰিয়ালটোৰ ছয়জন ভাই-ভনীৰ কনিষ্ঠ সন্তান শিৱ থাপা। পিতৃ পদম থাপা গুৱাহাটীৰ বাসিন্দা আৰু এজন কেৰাটে প্ৰশিক্ষক। ককায়েক গোবিন্দ থাপা আৰু পিতৃ দুয়োজনেই অসম ৰাজ্যিক পৰ্যায়ৰ ব্ক্সাৰ আছিল আৰু দুয়োজনেই শিৱ থাপাৰ মূল প্ৰেৰণা।২ সৰুতে ফুটবল খেলৰ প্ৰতি আকৰ্ষিত থাপাই পাছলৈ মাইক টাইছনৰ খেল দেখি বক্সিঙলৈ আকৰ্ষিত হয়।৩ ৭ বছৰ বয়সৰপৰা শিৱ থাপাই ঘৰতে বক্সিঙৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ পাছত তেখেতে গুৱাহাটীৰ ছাই কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে।৪
পদম থাপাই কনিষ্ঠ পুত্ৰৰ বক্সিঙৰ প্ৰতি থকা ধাউতি দেখি এই খেলত লাগি থাকিবলৈ যৎপৰোনাস্তি সহায় কৰি দিয়ে। বক্সিঙৰ প্ৰশিক্ষণৰ লগতে উপযুক্ত পুষ্টিযুক্ত আহাৰ আদিৰ ব্যৱস্থা কৰিবলৈ পদম থাপাই বিশেষ যত্ন কৰিবলগীয়া হৈছিল। মাহে প্ৰায় ত্ৰিছ হেজাৰ টকালৈ এই খৰচ বাঢ়ি গৈছিল।২ অব্যৱসায়িক 'অলিম্পিকত সোণৰ সন্ধান' (Olympic Gold Quest) নামৰ সংস্থাটোৱে শিৱ থাপাক সহায় কৰিবলৈ আৰম্ভ কৰাৰ পাছৰেপৰা পৰিয়ালটোৱে আৰ্থিক দিশত কিছু সকাহ পায়।৫ এই সংস্থাৰ মুখ্য কাৰ্যকৰি বিষয়া বীৰেন ৰাসকিন্হাৰ মতে:
শিৱ অফুৰন্ত প্ৰতিভাৰ গৰাকী। তেখেতৰ প্ৰতিভা, মানসিকতা আৰু সফলতাৰ বাবে থকা তীব্ৰ হাবিয়াসৰ কাৰণেই আমি তেখেতক সহায় কৰা উচিত। 'অলিম্পিকত সোণৰ সন্ধান'-ৰ তেখেতৰ ওপৰত ভৰষা আছে যে খুব সোনকালেই তেখেত ভাৰতৰ শ্ৰেষ্ঠ বক্সাৰ কেইজনৰ এজন হ'বগৈ। (Shiva is an enormous talent. He must be groomed well because he has the talent, the right attitude and the hunger to succeed. OGQ has very high hopes from Shiva and I am confident that he will become one of India's top boxing stars in the near future.৫)
অপেছাদাৰী বক্সাৰ হিচাপে
২০০৮ চনত মস্কোত অনুষ্ঠিত এছিয়াৰ শিশুৰ আন্তৰ্জাতিক ক্ৰীড়াত (Children of Asia International Sports Games) শিৱ থাপাই নিজৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।৬ সেই বছৰতে 'হাইদৰ আলিয়েভ কাপ'ত তেখেতে সোণৰ পদক অৰ্জন কৰে। এই প্ৰদৰ্শনৰ আধাৰতে তেখেতক ২০০৯ চনত আৰ্মেনিয়াত অনুষ্ঠিত 'বিশ্ব কনিষ্ঠ বক্সিং চেম্পিয়নছিপ'লৈ ৫২-কি.গ্ৰা. শাখাত ভাগ ল'বলৈ নিৰ্বাচন কৰা হয়।৭ আৰ্মেনিয়াৰ ৰাজধানী য়েৰেভানত অনুষ্ঠিত এই প্ৰতিযোগিতা যোগ দিয়া ভাৰতীয় প্ৰতিযোগীসকলৰ ভিতৰত শিৱ থাপাই আছিল আন্তৰ্জাতিক প্ৰতিযোগিতা পদক লাভ কৰা একমাত্ৰ খেলুৱৈ।৮ থাপাই এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়,৯ যদিও প্ৰশিক্ষকে তেখেতৰ প্ৰদৰ্শনক লৈ বিশেষ ভাৱে সন্তুষ্ট বুলি উল্লেখ কৰে।১০
২০১০ চনত তেহৰাণত অনুষ্ঠিত এছিয়ান যুৱ বক্সিং চেম্পিয়নছিপত থাপাৰ প্ৰদৰ্শন নিৰাশাজনক আছিল। এই ক্ৰীড়াত তেখেতে ছেমি-ফাইনেল পৰ্যায়লৈ উপনীত হ'ব পৰা নাছিল।১১ ২০১০ চনতে অনুষ্ঠিত হোৱা 'আন্তৰ্জাতিক যুৱ বক্সিং চেম্পিয়নছিপ'ত ভাগ লোৱা ভাৰতীয় দলৰ সদস্য আছিল শিৱ থাপা। এই প্ৰতিযোগিতা ২০১০ চনৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিক ক্ৰীড়াৰ যোগ্যতা নিৰ্ধাৰক খেল আছিল।১২ বহুকেইখন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত শিৱ থাপাই ৰূপক পদক লাভ কৰি ছিংগাপুৰত অনুষ্ঠিত 'গ্ৰীষ্মকালীন যুৱ অলিম্পিক'ত যোগ দিয়াৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰে ছেমি-ফাইনেল খেলখনত থাপাই মণিবদ্ধৰ জোঁড়াত আঘাত পাইছিল।১৩ হাতৰ আঘাতৰ বাবে প্ৰশিক্ষকৰ পৰামৰ্শ ক্ৰমে থাপাই ২০ দিন জিৰণি লয়।১৪ 'যুৱ অলিম্পিক' খেলত ৫৪-কি.গ্ৰা. শাখাত ফাইনেল খেলত কিউবাৰ বক্সাৰৰ হাতত পৰাজিত হৈ ৰূপৰ পদক অৰ্জন কৰে।১৫
লণ্ডন অলিম্পিকলৈ যোগ্যতা অৰ্জন
২০১২ চনৰ ১১ এপ্ৰিল তাৰিখে কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত 'এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছ ইভেণ্ট'ৰ ফাইনেলত প্ৰৱেশ কৰি শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰে। এই খেলত থাপাই ৫৬ কি.গ্ৰা. শাখাত ছিৰিয়াৰ 'ৱেছাম ছালামেনা'ক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।১৬ শিৱ থাপা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনকাৰী ভাৰতৰ সৰ্বকনিষ্ঠ বক্সাৰ।১৭
সন্মান
শিৱ থাপাৰ সফলতাৰ বাবে ২০১০ চনত অসম চৰকাৰ-এ ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে।১৮ 'ভাৰতীয় অলিম্পিক সংঘ'ই (Indian Olympic Association) 'যুৱ অলিম্পিক'ত অৰ্জন কৰা সফলতাৰ বাবে এখেতক ৪ লাখ টকা পুৰস্কাৰেৰে সন্মানিত কৰে।১৯ ক্ৰীড়াক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা (২০১৫-১৬) প্ৰদান কৰে।
ৰিঅ' অলিম্পিক ২০১৬
শিৱ থাপাই ৰিঅ' অলিম্পিক ২০১৬ৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ পুৰুষৰ ৫৬ কি. গ্ৰা. শাখাত কিউবাৰ স্বৰ্ণবিজয়ী বক্সাৰ ৰ'বেইছি ৰামিৰেজ হাতত ০-৩ ব্যৱধানত প্ৰথম ৰাউণ্ডতেই পৰাস্ত হয়।২০২১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Sarangi, Y. B. (2 June 2010). Two of a kind. দ্য হিন্দু
- ↑ Sheth, Gautam. (30 August 2010). Shiva Thapa: Emerging star of boxing circuit. Daily News and Analysis
- ↑ Chakravertty, Shreya. (13 May 2008). Tyson the inspiration for Shiva Thapa’s golden feat. Indian Express
- ↑ দীপাংকৰ কৌশিক, ভাৰতীয় বক্সিঙৰ বিস্ময় বালক. পূৰ্বাচল (আমাৰ অসম-ৰ দেওবৰীয়া আলোচনী). ২২ এপ্ৰিল ২০১২. পৃ: ৮-৯
- ↑ (16 August 2010). Boxing OGQ to support young boxer Shiva Thapa. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (15 July 2008). Boxers return with two gold medals at Children of Asia Games. The Hindu
- ↑ (6 May 2009). Seven-member Indian team for Junior World Boxing Championships. The Hindu
- ↑ (21 May 2009). Indian junior boxing team leaves for World Championships. The Hindu
- ↑ (30 May 2009). World Jr. Boxing: India gets three bronze, a silver. The Hindu
- ↑ (2 June 2009). Coach satisfied with junior team’s showing. The Hindu
- ↑ Sharma, Nitin. (9 March 2010). Akhil ready to wow home crowd. The Indian Express
- ↑ (20 April 2010). Indian boxers set off for youth meet. The Indian Express
- ↑ (2 May 2010). Boxers Shiva, Vikas in World Youth Championship finals. The Times of India
- ↑ (6 May 2010). Vikas, Shiva show promise. The Hindu
- ↑ (25 August 2010). YOG: Irish boxer Burnett takes Gold in Boys' Light Fly under 48kg Bout. Channel NewsAsia
- ↑ ''Shiva Thapa, Sumit Sangwan bag gold medals at Asian Olympic Qualifiers''; The Times of India, Apr 12, 2012. আহৰণ কৰা তাৰিখ: ২২-০৪-২০১২
- ↑ Shiva Thapa youngest Indian boxer to qualify for Olympics. Deccan Herald, 11 Apr, 2012. আহৰণ কৰা তাৰিখ: ২২-০৪-২০১২
- ↑ (15 July 2009). Dispur gifts flat to Deka - Sporting fraternity welcomes gesture. The Telegraph
- ↑ (28 August 2010). Youth Olympic medal winners to get cash rewards. Sify
- ↑ (2016-04-07). Rio Olympics berth sealed, Shiva Thapa flies home to unwind. The Indian Express
- ↑ (11 August 2016). Rio Olympics 2016: Boxer Shiva Thapa bows out after loss to 2012 gold medalist Robeisy Ramirez. First Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱ থাপা” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৫৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।