অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মণীষ কুমাৰ ডেকা

মণীষ কুমাৰ ডেকা (Manish Kumar Deka) হৈছে মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়া। তেখেতে ২০১৩ চনৰ ২৪ মে' তাৰিখত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে কেইদিনমান আগত, ১৮ মে'ত আন এজন অসমীয়া তৰুণ শইকীয়াই এভাৰেষ্ট শৃংগ জয় কৰি প্ৰথমজন অসমীয়া হিচাপে নিজৰ নাম লিপিবদ্ধ কৰে।

হালনাগাদ: ১ জুন ২০২৬ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মণীষ কুমাৰ ডেকা (Manish Kumar Deka) হৈছে মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়া। তেখেতে ২০১৩ চনৰ ২৪ মে' তাৰিখত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে কেইদিনমান আগত, ১৮ মে'ত আন এজন অসমীয়া তৰুণ শইকীয়াই এভাৰেষ্ট শৃংগ জয় কৰি প্ৰথমজন অসমীয়া হিচাপে নিজৰ নাম লিপিবদ্ধ কৰে। দুয়োজন একেটা এভাৰেষ্ট অভিযানকাৰী দলৰে সদস্য আছিল। অসমৰ পৰা প্ৰথম এভাৰেষ্ট অভিযান আৰম্ভ হৈছিল ১৯৬৯ চনতেই। সেইবাৰ দুগৰাকী অসমীয়া ৰোহিণী কুমাৰ ভূঞা আৰু অতনু প্ৰসাদ বৰুৱাই পৃথিৱীৰ সৰ্ব্বোচ্চ শৃংগ এভাৰেষ্ট জয়ৰ অভিযান চলাইছিল, কিন্তু তেওঁলোক সফল হ'ব পৰা নাছিল।১

জীৱন

মণীষ কুমাৰ ডেকা গুৱাহাটীৰ বাসিন্দা। তেখেতে গুৱাহাটীৰ হাতীগড় চাৰিআলি অঞ্চলত বাস কৰে। তেখেতে ৪১ বছৰ বয়সত, ২৪ মে' ২০১৩ ৰ ৰাতিপুৱা ৫-৩৫ বজাত এভাৰেষ্ট জয় কৰি, এক বিৰল কৃতিত্বৰ অধিকাৰী হয়। তেওঁ সৰুৰেপৰা দুঃসাহসীক ক্ৰীড়া ভাল পাইছিল। তেওঁ ভাৰতৰ বিভিন্ন ঠাইত পৰ্বতাৰোহণৰ বিভিন্ন কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি আহিছিল। তেখেতে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা গ্ৰেজুৱেচন কৰিছিল আৰু বৰ্তমান তেখেত এজন ব্যৱসায়ী।২ ২০১৪ চনৰ ২২ ডিচেম্বৰ তাৰিখে তেখেতে তেওঁৰ এভাৰেষ্ট অভিযানৰ কাহিনীৰ আধাৰত লিখিত গ্ৰন্থ এভাৰেষ্টত বিশ মিনিট উন্মোচন কৰে।৩

তেখেতসকলৰ এই এভাৰেষ্ট অভিযান উত্তৰ পূব পৰিষদ (বা নৰ্থ-ইষ্টাৰ্ণ কাউঞ্চিল) আৰু মণিপুৰ চৰকাৰৰ দ্বাৰা প্ৰযোজিত আছিল। অসম চৰকাৰে মণীষ কুমাৰ ডেকালৈ তেখেতৰ সফল কৃতিত্বৰ বাবে ২০ লাখ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।৪

তথ্যসূত্ৰ

  1. ↑ Two Assamese mountaineers scale Everest; May 24, 2013 প্ৰবন্ধ; Deccan Chronicle online; আহৰণ December 2014
  2. ↑ Manish Deka scales Mount Everest; May 24, 2013 প্ৰবন্ধ; The Assam Tribune online; আহৰণ December 2014
  3. ↑ Everester Manish Deka's Book Released
  4. ↑ Assam's Manish Deka second mountaineer to scale Mt Everest; May 25, 2013 প্ৰবন্ধ; News Live TV online; আহৰণ December 2014

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণীষ কুমাৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৬১০৭৪৩ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।