এলভিছ আলী হাজৰিকা (Elvis Ali Hazarika) ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া১ সাঁতোৰবিদ।২ আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল।৩ মাত্ৰ ৯ বছৰ বয়সতে তেওঁ এছিয়া পেচিফিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল।৪ এলভিছ আলী হাজৰিকা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি।৫ ২০১৮ চনত তেওঁ ইংলিছ চেনেলৰ ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ একাংশৰ ২৯ কিঃমিঃ সাঁতুৰি অতিক্ৰম কৰিছিল আৰু এই কাম কৰা তেওঁ প্ৰথমজন অসমীয়া।৩ ২০২৩ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।
কেৰিয়াৰ
এলভিছ আলী হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ত ৬৮টা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৬টা সোণৰ পদক অৰ্জন কৰিছে।৬৭
- ১৯৯১ চনত এছিয়া পেচিফিক চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব।
- ১৯৯৫ চনত ভাৰতত অনুষ্ঠিত সপ্তম ছাফ (ছাউথ এছিয়া পেচিফিক) গেমছত অংশগ্ৰহণ।
- ১৯৯৯ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত অষ্টম ছাফ গেমছত ৫০ মিঃ আৰু ১০০ মিঃ ফ্ৰিষ্টাইল শাখাত ৰূপৰ পদক অৰ্জন।
- ২০০৯ চনত ৱৰ্ল্ড পুলিচ গেমছত অংশগ্ৰহণ।
ইয়াৰোপৰি এলভিছ আলি হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাঁতোৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে।
অন্যান্য সফলতা
২০১৮ চনৰ জুন মাহত এলভিছ আলী হাজৰিকাই ইংলেণ্ড আৰু ফ্ৰান্স সংযোগী ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ এক প্ৰচেষ্টাত চেনেলটোৰ ২৯ কিঃমিঃ অতিক্ৰম কৰে। এতিয়ালৈকে চেনেলটোত এই দূৰত্ব সাঁতুৰি অতিক্ৰম কৰা তেওঁ একমাত্ৰ অসমীয়া ব্যক্তি।৩
২০১৯ চনৰ ২৭ আগষ্টত তেওঁ ঘোষণা কৰে যে তেওঁ পৰৱৰ্তী কাৰ্ৰযসূচী অৰ্থাৎ ছাণ্টা কেটেলিনা দ্বীপ আৰু দক্ষিণ কেলিফ’ৰ্নিয়া সংযোগীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল পাৰ হোৱাৰ প্ৰচেষ্টা কাৰ্বি আংলংত দুৰ্বৃত্তৰ হাতত নিহত দুই অসমীয়া যুৱক অভিজিৎ আৰু নীলোৎপলৰ প্ৰতি উৎসৰ্গা কৰিব।৫ ১৫ আগষ্টত ভাৰতীয় সাঁতোৰবিদজনে কেটেলিনা চেনেলটো সাঁতুৰি পাৰ কৰাৰ লগে লগে এই কাৰ্য কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়। সতীৰ্থ পশ্চিমবংগৰ ৰিম’ সাহাৰ সৈতে হাজৰিকাই ১০ ঘণ্টা ৫৯ মিনিটত চেনেলটো সাঁতুৰি অতিক্ৰম কৰে।৫
নৰ্থ চেনেল
২০১৯ চনৰ ছেপ্টেম্বৰত গুৱাহাটীৰ এখন সংবাদ মেলত হাজৰিকাই জনাই যে তেওঁ ২০২০ চনৰ ২৮ জুলাইত আয়াৰলেণ্ড আৰু স্কটলেণ্ড সংযোগী আইৰিছ চেনেল (পূৰ্বৰ নৰ্থ চেনেল) সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা কৰিছিল।৮ এই পৰিকল্পনা অনুসৰিয়েই ২০২২ চনৰ ছেপ্তেম্বৰত মাহত একেৰাহে ১৪ ঘণ্টা ৩৭ মিনিট সাতুঁৰি অভিলেখ গঢ়ে। ইয়াৰ লগেলগে তেওঁ নৰ্থ চেনেল সাঁতুৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া হিচাপে পৰিগণিত হয়।৯
তথ্যসূত্ৰ
- ↑ (১ জুলাই, ২০২০). এলভিছ আলি হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ Elvis Ali Hazarika. Times of India
- ↑ (5 June, 2018). Assam’s Elvis Ali Hazarika becomes first from state to swim 29 km of English Channel. North East Now News
- ↑ Former International Swimmer Elvis Ali Hazarika Sets Himself to Cross the English Channel. Swim India
- ↑ (16th August 2019). Swimmer Elvis Ali Hazarika becomes first from Northeast to cross Catalina Channel. Indian Express
- ↑ (2019). Meet Elvis Ali Hazarika from Assam, the first Northeastern to cross Catalina Channel. The North East Today
- ↑ Sinha, Pranati. (22 August, 2019). Elvis Ali Hazarika Becomes First Swimmer From Assam To Successfully Cross Catalina Channel. Time8
- ↑ Sultana, Mehzabin. (22 September, 2019). Assam swimmer Elvis Ali Hazarika eyes Irish Channel in July 2020. Eastmojo
- ↑ Elvis Ali Hazarika Becomes 1st From NE To Swim Across The North Channel. Pratidin Time
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলভিছ আলী হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৫২৮৮৭৯ (৩০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।