অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিঠু বৰুৱা

মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।

হালনাগাদ: ৩১ জুলাই ২০২৪ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা১ মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ২ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ এছিয়ান চেম্পিয়নশ্বিপ আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৩ চনত হংকংত অনুষ্ঠিত সপ্তম এছিয়া পেচিফিক চেম্পিয়নশ্বিপত মিঠু বৰুৱাই ভাৰতৰ হৈ ২টা সোণৰ পদক, ২টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।৩ ১৯৯৮ চনত মিঠু বৰুৱাই সাঁতোৰৰ কেৰিয়াৰৰ সামৰণি মাৰে। তেওঁ বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়া।৩

ব্যক্তিগত জীৱন

মিঠু বৰুৱা সমসাময়িক ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলুৱৈ পৰাগ দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৩ ২০০১ চনত তেওঁলোকৰ পুত্ৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগৰ জন্ম হয়।

তথ্যসূত্ৰ

  1. ↑ মিঠু বৰুৱা. অলিম্পিয়া
  2. ↑ Kishore, Shashank. (August 3, 2017). Playstation, books, music, and a whole lot of runs. ESPNCricInfo
  3. ↑ Sportsperson: Mithu Baruah. Krirangan

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদভাৰতৰ সাঁতোৰবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিঠু বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪২৭২৩৮ (৩১ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।