অস্মিতা চলিহা (Ashmita Chaliha; জন্ম: ১৮ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। গুৱাহাটীত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা অস্মিতাই সাত বছৰ বয়সত বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰশিক্ষক এডউইন ইৰিয়াৱান আৰু ভাৰতৰ প্ৰশিক্ষক সুৰঞ্জন ভোবৰাৰ অধীনত অসম বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ লৈছিল। তেওঁ এছিয়ান গেমছৰ বাবে পুল্লেলা গোপীচান্দৰ অধীনতো প্ৰশিক্ষণ লৈছিল। অস্মিতা ২০১৭ চনৰ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আৰু এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় জুনিয়ৰ দলৰ অংশ আছিল।১ তেওঁ ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা ২০১৮ চনৰ এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত হৈছিল।২ তেওঁ মহিলাৰ একক প্ৰতিযোগিতাত ২০১৮ চনৰ ডুবাই ইণ্টাৰনেশ্বনেল ছেলেঞ্জত প্ৰথম জ্যেষ্ঠ আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰে।৩ মহিলাৰ একক আৰু দলীয় প্ৰতিযোগিতাত তেওঁ ২০১৯ চনৰ দক্ষিণ এছিয় ক্ৰীড়াত স্বৰ্ণ পদক জয় কৰিছিল।৪
কৃতিত্ব
দক্ষিণ এছিয় ক্ৰীড়া
মহিলাৰ একক
| বৰ্ষ | স্থান | প্ৰতিদ্বন্দ্বী | স্ক'ৰ | ফলাফল |
|---|---|---|---|---|
| ২০১৯ | পোখৰা, নেপাল | গায়ত্ৰী গোপীচান্দ | ২১–১৮, ২৫–২৩ |
বি ডব্লিউ এফ ইণ্টাৰনেশ্বনেল ছেলেঞ্জ/ছিৰিজ (২টা খিতাপ)
মহিলাৰ একক
| বৰ্ষ | টুৰ্ণামেণ্ট | প্ৰতিদ্বন্দ্বী | স্ক'ৰ | ফলাফল |
|---|---|---|---|---|
| ২০১৮ | টাটা অপেন ইণ্ডিয়া ইণ্টাৰনেশ্বনেল | ভুষালী গুম্মাদি | ২১–১৬, ২১–১৩ | বিজয়ী |
| ২০১৮ | ডুবাই ইণ্টাৰনেশ্বনেল | জিয়ন জু-ই | ২১–১৯, ২১–১৫ | বিজয়ী |
বি ডব্লিউ এফ ইণ্টাৰনেশ্বনেল ছেলেঞ্জ টুৰ্ণামেণ্ট বি ডব্লিউ এফ ইণ্টাৰনেশ্বনেল ছিৰিজ টুৰ্ণামেণ্ট বি ডব্লিউ এফ ফিউচাৰ ছিৰিজ টুৰ্ণামেণ্ট
তথ্যসূত্ৰ
- ↑ Das, Ria. (16 August 2018). #WomenAtAsiad: Meet The Left-handed Shuttler Ashmita Chaliha. SheThePeople.TV
- ↑ (26 July 2018). Asian Games 2018: Here's the list of Indian squads. Mumbai Mirror
- ↑ (19 November 2018). Guwahati girl Ashmita Chaliha wins Dubai International Badminton Challenge. G Plus
- ↑ (6 December 2019). SAG 2019: Siril, Ashmita lead India to 6 badminton golds. www.outlookindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অস্মিতা চলিহা” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৮৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।