গিলবাৰ্টছন চাংমা অসমৰ এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
খেলুৱৈ জীৱন
দশম শ্ৰেণীতে শিক্ষা সামৰি গিলবাৰ্টছন চাংমাই ১৯৭১ চনত পুলিচ কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ অসম পুলিচৰ ফুটবল দলত যোগদান কৰি তেওঁ জনপ্ৰিয় হৈ পৰে। তেওঁ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ অসম পুলিচ দলৰ অধিনায়ক দায়িত্ব পালন কৰে।১
ৰাষ্ট্ৰীয় পৰ্য্যায়ত
১৯৭৩ চনত তেওঁ কেৰালাৰ কোচিত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। পৰৱৰ্ত্তীকালত গিলবাৰ্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠতে সাতবাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰে। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্ব লয়। ১
তদুপৰি গিলবাৰ্টছন চাংমাই অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, এ টি পি এ শ্বিল্ড, কেপ্টেইন এন এম গুপ্তা ট্ৰফী লাভ কৰে। ১৯৮১ চনৰ তেওঁ সন্তোষ ট্ৰফীৰ চেম্পিয়ন হয়।
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত
১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে।১
অৱসৰ গ্ৰহণ
১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়।১ ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ (৫ জানুৱাৰী, ২০১৪). আজিৰ দৈনিক বাতৰি কাকতৰ ৫ জানুৱাৰী তাৰিখৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভিত'ত প্ৰকাশিত
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিলবাৰ্টছন চাংমা” প্ৰবন্ধৰ সংশোধন ৪১৭১৩৬ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।