গোলাপ ৰাভা (Golap Rabha, জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৩) অসমৰ এগৰাকী শৰীৰ চৰ্চাবিদ। তেওঁ একাধাৰে মিঃ ইণ্ডিয়া, মিঃ ৱৰ্ল্ড, মিঃ ইউনিভাৰ্চ আদিৰ দৰে কেইবাটাও খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।
জন্ম পৰিচয়
১৯৮৩ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰীত অসমৰ কামৰূপ জিলাৰ বকোত জন্মগ্ৰহণ কৰা গোলাপ ৰাভাৰ পিতৃ ৰতন ৰাভা আৰু মাতৃ যত্নে ৰাভা।১ তেওঁৰ পত্নী ঈশা শৰ্মা ৰাভা২৩ আৰু কন্যা লাভলী ৰাভা। তেওঁ বকোৰ ডন বস্ক স্কুলৰ পৰা স্কুলীয়া শিক্ষা লয় আৰু বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সাং কৰে।১
কৰ্মজীৱন
জিতেন কলিতাৰ নিৰ্দেশনাত ২০০০ চনত বডী বিল্ডিং আৰম্ভ কৰা গোলাপে ২০০৩ চনত চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আৰম্ভ কৰিছিল। তেওঁ প্ৰথম বৃত্তিগত প্ৰতিযোগিতাত বিফল হ’লেও পিছত তেওঁ অধিক প্ৰশিক্ষণ লৈছিল আৰু ক্ষেত্ৰৰ বিষয়ে গৱেষণা কৰি আৰু নতুন কৌশল শিকিছিল।৪৫
২০০৮ চনত তেওঁ পুনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তেতিয়াৰ পৰা তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। গোলাপে একেৰাহে দুবছৰ ২০০৮ আৰু ২০০৯ চনত জুনিয়ৰ মিঃ কামৰূপ আৰু জুনিয়ৰ মিঃ অসম লাভ কৰিছিল। তেওঁ ২০১৩ চনত মিঃ কামৰূপ আৰু ২০১৩ চনৰ লগতে ২০১৬ চনত মিঃ অসম খিতাপ লাভ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ ২০১৫ চনত মিঃ ইণ্ডিয়া ৰাণাৰ আপ আছিল। ২০১৭ আৰু ২০১৮ চনত তেওঁ মিঃ ইণ্ডিয়া খিতাপ লাভ কৰে।৫ তেওঁ মিঃ ইষ্ট ইণ্ডিয়া, মিঃ লুইত, মিঃ ফিটপেক ক্লাছিক আদি খিতাপ লাভ কৰে।১
তেওঁ ২০১৮ চনত ইউৰোপৰ লিথুৱানিয়া (Lithuania) -ত WBBF ৰ অধীনত অনুষ্ঠিত হোৱা Mister World প্ৰতিযোগিতাত তিনিটা অনুষ্ঠান ক্ৰমে মেন বডীবিল্ডিং (Men Bodybuilding), মেন মাচল মডেল (Men Muscle Model) আৰু প্ৰ’ মিঃ ৱৰ্ল্ড (Pro-Mr. World) -ত ৮০ কেজিৰ শ্ৰেণীত অংশগ্ৰহণ কৰি তিনিটা প্ৰতিযোগিতাতে স্বৰ্ণ পদক লাভ কৰে।৪
বঁটা আৰু সন্মান
- মিঃ কামৰূপ
- মিঃ অসম
- মিঃ ইণ্ডিয়া - ২০১৭ আৰু ২০১৮
- মিঃ এছিয়া ২০১৮
- প্ৰ’ মিঃ এছিয়া - ২০১৮
- মিঃ ইষ্ট ইণ্ডিয়া
- মিঃ লুইত
- মিঃ ফিটপেক ক্লাছিক - ২০১৩
- মিঃ ৱৰ্ল্ড - ২০১৮
- মিঃ প্ৰ’ বডীবিল্ডাৰ - ২০১৮
- মিঃ ইউনিভাৰ্চ - ২০১৮৬
- প্ৰ’ ৱৰ্ল্ড কাপ
- এম্বাৰ প্ৰিস্ক ইণ্টাৰনেশ্যনেল চেম্পিয়ন
তথ্যসূত্ৰ
- ↑ Meet Golap Rabha - the Assamese bodybuilder who was recently crowned Mr. World 2018
- ↑ Assam's Golap Rabha crowned Mr World 2018, makes India proud
- ↑ ICYMI: This Assam Man Just Won The Title Of Mr World 2018
- ↑ ''Golap Rabha from India Wins the Mr. World 2018 www.indianbodybuilding.co.in/golap-rabha-from-in;
- ↑ Assams Golap Rabha crowned Mr World 2018, makes India proud
- ↑ Assams Golap Rabha wins Mr. Universe in Thailand
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাপ ৰাভা” প্ৰবন্ধৰ সংশোধন ৫১০৮৫৭ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।