অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অম্লান বৰগোহাঁ‌ই

অম্লান বৰগোহাঁ‌ই (Amlan Borgohain) ভাৰতৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিদ। ২০২২ চনত তেওঁ কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপৰ ২০০ মি: শাখাত স্বৰ্ণপদক লাভ কৰাৰ লগতে ২০.৫২ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।

হালনাগাদ: ৫ মাৰ্চ ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অম্লান বৰগোহাঁ‌ই (Amlan Borgohain) ভাৰতৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিদ। ২০২২ চনত তেওঁ কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফেডাৰেচন কাপৰ ২০০ মি: শাখাত স্বৰ্ণপদক লাভ কৰাৰ লগতে ২০.৫২ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।১২ অসমৰ যোৰহাটত ডাঙৰ-দীঘল হোৱা বৰগোহাঁই পিতৃৰ চাকৰিসূত্ৰে ২০১৪ চনত হায়দৰাবাদলৈ স্থানান্তৰিত হয়।৩

প্ৰাৰম্ভিক কেৰিয়াৰ

অম্লানৰ প্ৰথম পছন্দ আছিল ফুটবল আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁ ফুটবল খেলিছিল। অৱশ্যে প্ৰায়ে পোৱা আঘাতৰ বাবে এই ক্ষেত্ৰত তেওঁ বাধাৰ সন্মুখীন হয়। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ উচ্চতা আছিল ৬ ফুট। সেয়ে ককায়েকৰ এজন বন্ধুৱে তেওঁক শাৰীৰিক গঠনৰ বাবে এথলেটিকছৰ ক্ষেত্ৰখনত খোজ পেলোৱাৰ পৰামৰ্শ দিয়ে। প্ৰথমে তেওঁ এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল যদিও ফুটবলৰ ক্ষেত্ৰখনত বিফলতাৰ বাবে তেওঁ এথলেটিকছৰ ক্ষেত্ৰখনত চেষ্টা চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ২০১৫ চনত প্ৰথমখন ৰেচত ভাগ লৈ দ্বিতীয় স্থান অধিকাৰ কৰে।৪ ২০১৯ চনত তেওঁ ৰিলায়েন্স ফাউণ্ডেছন উৰিষ্যাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰে আৰু ফাউণ্ডেছনৰ উচ্চ প্ৰদৰ্শন কেন্দ্ৰৰ প্ৰধান প্ৰশিক্ষক জেমছ হিলিয়াৰৰ চকু তেওঁৰ ওপৰত পৰে।৪ তেওঁ খেলুৱৈগৰাকীক ফাউণ্ডেছনৰ এথলেটিকছ প্ৰকল্পত অন্তৰ্ভুক্ত কৰি লয়। ইয়াৰ পিছত ২০২০ চনৰ জানুৱাৰীত বৰগোহাঁয়ে ভাৰতীয় বিশ্ববিদ্যালয় চেম্পিয়নশ্বীপৰ ছেমি-ফাইনেলত ২১.৮৯ ছেকেণ্ডত নিজৰ প্ৰথম ৰেচ সম্পূৰ্ণ কৰে।৪ ২০২১ চনৰ ছেপ্টেম্বৰত ২০.৭৫ ছেকেণ্ডত ২০০ মিটাৰ সম্পূৰ্ণ কৰি তেওঁ ৰাষ্ট্ৰীয় অ'পেন চেম্পিয়নশ্বীপত স্বৰ্ণপদক অৰ্জন কৰে।৪

ৰাষ্ট্ৰীয় অভিলেখ

২০২২ চনত বৰগোহাঁয়ে কেৰালাত অনুষ্ঠিত ২৫তম ৰাষ্ট্ৰীয় ফেডাৰেচন কাপত ২০.৫২ ছেকেণ্ডত ২০০ মিটাৰ অতিক্ৰম কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে আৰু ইয়াৰ লগতে ২০২২ চনৰ ছেপ্টেম্বৰত চীনৰ হাংঝাওত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰে।২১৫ ইয়াৰ পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ আছিল ২০১৮ চনত মহম্মদ এনাছৰ নামত (২০.৬৩ ছেকেণ্ড)।২

তথ্যসূত্ৰ

  1. ↑ SS Manoj. (12 April 2022). Amlan Borgohain shatters 4-year-old national record in men's 200m. thebridge.in
  2. ↑ Uddipta Narayan Borah. (April 7, 2022). Assam’s Amlan Borgohain Breaks 200m National Record. eastmojo.com
  3. ↑ (20 Sep, 2021). Amlan Borgohain – The New Star Of Indian Athletics. pratidintime.com
  4. ↑ Deepti Patwardhan. (20 April 2022). Amlan Borgohain's journey from football to athletics stardom. lifestyle.livemint.com
  5. ↑ (7 April 2022). AFI National Federation Cup Senior Athletics Championships: Amlan Borgohain breaks 200m National record. sentinelassam.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ক্ৰীড়াবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্লান বৰগোহাঁ‌ই” প্ৰবন্ধৰ সংশোধন ৫৮৪৮৫৭ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।