অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নয়নমণি শইকীয়া

নয়নমণি শইকীয়া (Nayanmoni Saikia; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ। তেওঁ বৰ্তমানলৈকে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নয়নমণি শইকীয়া (Nayanmoni Saikia; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ।১ তেওঁ বৰ্তমানলৈকে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। ২০১৪ চনৰ কমনৱেলথ গেমছত ট্ৰিপল আৰু ফোৰ শিতানত,২ ২০১৮ চনৰ কমনৱেলথ গেমছত পেয়াৰ আৰু ফোৰ শিতানত১ আৰু ২০২২ চনৰ কমনৱেলথ গেমছত পেয়াৰ আৰু ফোৰত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছে।৩ তেওঁ অসম বন সুৰক্ষা বাহিনীত কনিষ্টবল হিচাপে কৰ্মৰত।

২০২২ চনত যুক্তৰাজ্যৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত নয়নমণি শইকীয়া, লভলী চৌবে, পিংকি আৰু ৰূপা ৰাণী তীৰ্কীয়ে চাৰিজনীয়া দল ফোৰ শাখাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে নয়নমণি শইকীয়া কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা আৰু সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া হিচাপে পৰিগণিত হয়। ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ Lawn Bowls · Athlete Profile: Nayanmoni SAIKIA - Gold Coast 2018 Commonwealth Games. results.gc2018.com
  2. ↑ Nayanmoni Saikia - Player Profile. thecgf.com
  3. ↑ Nayanmoni Saikia - Birmingham 2022 Results. results.birmingham2022.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদঅৰ্জুন বঁটা বিজয়ীঅসম সৌৰভ বঁটা বিজয়ীমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়নমণি শইকীয়া” প্ৰবন্ধৰ সংশোধন ৫৯৫৩১৩ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।