এলেন দেউৰী (জন্ম- ১২ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আই-লীগত শ্বিলং লাজং ফুটবল ক্লাব দলৰ হৈ খেলিছিল। তেওঁ মিডফিল্ডাৰ হিচাপে খেলে।
ক্ৰীড়াজীৱন
প্ৰাৰম্ভিক কেৰিয়াৰ
এলেন দেউৰীয়ে অসমত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) যোগদান কৰি নিজৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰে।১ ২০১১ চনত তেওঁ টাটা ফুটবল একাডেমীত যোগদান কৰে যদিও তিনি মাহৰ পাছতে তেওঁ আই এম জি ৰিলায়েন্সৰ জলপানি লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডাত অৱস্থিত আই এম জি একাডেমীত যোগদান কৰে।১ আই এম জি একাডেমীত থাকোঁতে তেওঁ এখন বন্ধুত্বপূৰ্ণ খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মহিলা ছিনিয়ৰ দলক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰা ভাৰতীয় আই এম জি দলটোৰ সদস্য আছিল।২
আই এম জি একাডেমীত দুবছৰ থকাৰ পাছত দেউৰী ভাৰতলৈ ঘূৰি আহি গোৱাৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেছন (AIFF) একাডেমীত যোগদান কৰে।৩ AIFF একাডেমীত থাকোঁতেই তেওঁ উদান্ত সিঙৰ সৈতে নাইকি অল এছিয়া কেম্পত যোগদান কৰে আৰু তাৰ পৰা তেওঁলোক দুয়োজন অষ্ট্ৰেলিয়াত অল ষ্টাৰ স্কোৱাডত যোগদানৰ বাবে নিৰ্বাচিত হয়।৪
শ্বিলং লাজং
২০১৪ চনৰ ২১ জুলাইত আই-লীগৰ দল শ্বিলং লাজং ফুটবল ক্লাবৰ সৈতে দেউৰী প্ৰধমবাৰৰ বাবে পেছাদাৰীভাৱে চুক্তিৱদ্ধ হয়।৫
নৰ্থ ইষ্ট ইউনাইটেড (ঋণ)
শ্বিলং লাজঙৰ সৈতে চুক্তিৱদ্ধ হোৱাৰ পাছত তেওঁ শ্বিলং লাজঙৰ অংশীদাৰীত্ব থকা নৰ্থ ইষ্ট ইউনাইটেড দলৰ সৈতে ২০১৪ বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে ঋণত চুক্তিৱদ্ধ হয়।৬ ২০১৪ চনৰ ৮ নৱেম্বৰ তাৰিখে চেন্নায়ন দলৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড দলৰ হৈ তেওঁ জীৱনৰ প্ৰথম পেছাদাৰী খেলত অংশ লয়। খেলৰ ৬১তম মিনিটত তেওঁ ছেমিনলেন দংগেলৰ স্থানত পৰিৱৰ্তিত খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰে। খেলখন ২-২ গ'ল ব্যৱধানত অমীমাংসিত হৈ ৰয়।৭
আন্তঃৰাষ্ট্ৰীয়
এলেন দেউৰীয়ে ১৩-অনূৰ্ধ্ব, ১৪-অনূৰ্ধ্ব, ১৬-অনূৰ্ধ্ব আৰু ১৯-অনূৰ্ধ্ব শাখাত ভাৰতীয় ফুটবল দলৰ হৈ খেলিছে। ২০০৯ চনত অনূৰ্ধ্ব-১৩ শাখাত তেওঁ আত্মপ্ৰকাশ কৰে আৰু তাৰ পাছৰ বছৰত অনূৰ্ধ্ব-১৪ শাখাত যোগদান কৰে।৮ ২০১২ চনৰ AFC ১৬-অনূৰ্ধ্ব চেম্পিয়নশ্বিপত আৰু ২০১৪ চনৰ AFC ১৯-অনূৰ্ধ্ব চেম্পিয়নশ্বিপ কোৱালিফায়াৰত তেওঁ ভাৰতীয় দলৰ অংশ আছিল।৯১০
কেৰিয়াৰ পৰিসংখ্যা
| ক্লাব | বৰ্ষ | লীগ | ফেডাৰেছন কাপ | ডুৰাণ্ড কাপ | এ এফ চি | মুঠ | ||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ডিভিজন | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | খেল | গ'ল | ||
| শ্বিলং লাজং | ২০১৪-১৫ | আই-লীগ | ০ | ০ | ০ | ০ | - | - | - | - | ০ | ০ |
| নৰ্থ ইষ্ট ইউনাইটেড (ঋণ) | ২০১৪ | আই এছ এল | ২ | ০ | - | - | - | - | - | - | ২ | ০ |
| সৰ্বমুঠ | ২ | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ২ | ০ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Alen Deori to train in United States. Assam Tribune
- ↑ India U-16 boys beat US Women's Senior Team. The All India Football Federation
- ↑ Sarbajna, Boudhayan. Indian Super League: High Local Flavor For North East United FC. The Hard Tackle
- ↑ Achal, Ashwin. Learn from the pros. The Hindu
- ↑ Shillong Lajong ropes in Aibor Khongjee, three others. Times of India
- ↑ Assam boys in ISL team for NE. Telegraph India
- ↑ Chennaiyin FC 2-2 NorthEast United. Soccerway
- ↑ Noronha, Anselm. Alen Deory: NorthEast United FC can play against anybody. Goal.com
- ↑ India hold China, end AFC U-16 Football with head held high. The Hindu
- ↑ India u-19 team for qualifiers. The Hindu
- ↑ Soccerwayত এলেন দেউৰীৰ প্ৰফাইল. Soccerway
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেন দেউৰী” প্ৰবন্ধৰ সংশোধন ৩৯৯৪৯১ (২৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।