প্ৰযুক্তি
কম্পিউটাৰ, ইণ্টাৰনেট, অভিযান্ত্ৰিক আৰু উদ্ভাৱন · ৩৮২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গুলপীয়া ৰিক্সা
গুলপীয়া ৰিক্সা বা গুলপীয়া অটো (pink rickshaw) হৈছে ভাৰতৰ কিছুমান চহৰত মহিলা যাত্ৰীসকলৰ বাবে সাধাৰণ অটো ৰিক্সাৰ এক বিকল্প। ৰিক্সাত যাত্ৰা কৰোঁতে মহিলাসকলক উৎপীড়ন আৰু দুৰ্ব্যৱহাৰ ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল।
-
চুমা
চুমা (জাপানী: 中馬, অৰ্থ "মধ্য ঘোঁৰা") আছিল মধ্যযুগীয় শিনান' প্ৰদেশ, জাপানৰ এটা ব্যক্তিগত মালবাহী পৰিবহণ ব্যৱস্থা। শিনান'ৰ পাহাৰীয়া ভূ-প্ৰকৃতিৰ বাবে, কৃষিজাত সামগ্ৰী আৰু অন্যান্য সামগ্ৰী ভূভাগীয় জলপথৰ জৰিয়তে পৰিবহণ সম্ভৱ নহ'ল।
-
চেলা সুৰংগ
চেলা সুৰংগ অসমৰ গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মাজত সৰ্ববতৰ সংযোগৰ সুবিধা প্ৰদান কৰা ৩,০০০ মিটাৰ (৯,৮০০ ফুট) উচ্চতাৰ এটা পথ সুৰংগ হৈছে ছেলা সুৰংগ। ১৩ হাজাৰ ফুট উচ্চতাৰ এই সুৰংগটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল দুলেনযুক্ত সুৰংগ।
-
ছক পাপেট একাউণ্ট
ছক পাপেট (sock puppet) হৈছে প্ৰতাৰণামূলক উদ্দেশ্যত ব্যৱহাৰ কৰা এটা ভুৱা অনলাইন পৰিচয়। এই শব্দটোৱে প্ৰথমে মোজা পৰিহিত হাতৰ পুতলাক বুজাইছিল। ছক পাপেটে কোনো ব্যক্তি বা সংস্থাক প্ৰশংসা, ৰক্ষা বা সমৰ্থন কৰিবলৈ, জনমতৰ নেলু টিপি ধৰিবলৈ বা ব্লক একাউণ্টৰ নিষেধাজ্ঞাক আওকান কৰিবলৈ সৃষ্টি কৰা অনলাইন পৰিচয়ক…
-
ছেফচিটী
Safecity, যাক Safecity.in বুলিও কোৱা হয়, হৈছে এটা বিনামূলীয়া ৱেবছাইট যিয়ে লিংগভিত্তিক হাৰাশাস্তি, নিৰ্যাতন, আৰু হিংসাত্মক কাণ্ডৰ বেনামীভাৱে ৰিপৰ্ট কৰাৰ অনুমতি দিয়ে আৰু যিকোনো ব্যক্তিয়ে চাব আৰু ডাউনলোড কৰিব পৰা মেপ তৈয়াৰ কৰে। ই ভাৰত, কেনিয়া, কেমেৰুণ, নেপাল, আৰু মালয়েছিয়াত উপলব্ধ।
-
জইণ্ট এড্মিছন টে'ষ্ট
জইণ্ট এডমিছন টেষ্ট (জেম) (JAM) হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত স্নাতকোত্তৰ আৰু অন্য স্নাতকোত্তৰ ডিগ্ৰী সম্বন্ধীয় পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰিবলৈ অনুষ্ঠিত কৰা এক পৰীক্ষা। আই আই টি সমূহে ২০০৪-০৫ চনৰ পৰা এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিল।
-
জাগৰণ জোশ
জাগৰণ জোশ (Jagran Josh) হৈছে এটা ভাৰতীয় ৱেবছাইট, যি শিক্ষা, নিযুক্তি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত সম্পৰ্কিত বিষয়বস্তু প্ৰদান কৰে। এই ৱেবছাইটটোত সাম্প্ৰতিক ঘটনাৱলী, সাধাৰণ জ্ঞান, পৰীক্ষাৰ জাননী, ফলাফল, আৰু বেংকিং, এম.বি.এ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (CBSE), ভাৰতীয় প্ৰশাসনিক সেৱা…
-
জাস্প
জাস্প (JASP) হৈছে পৰিসংখ্যা বিশ্লেষণৰ বাবে ব্যৱহৃত এক মুক্ত উৎস কম্পিউটাৰ ছফ্টৱেৰ। ইয়াক আমষ্টাৰডাম বিশ্ববিদ্যালয়ত বিকাশ কৰা হৈছে। জাস্প সহজে ব্যৱহাৰ কৰিব পৰা ধৰণে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ আন্তঃপৃষ্ঠ এছ পি এছ এছ ব্যৱহাৰকাৰীসকলৰ বাবে চিনাকি যেন অনুভৱ হয়।
-
জিঅ'চিনেমা
জিঅ’চিনেমা (Jio Cinema) হৈছে ভায়াকম১৮ৰ মালিকানাধীন ভাৰতীয় অভাৰ-দ্য-টপ মিডিয়া ষ্ট্ৰীমিং সেৱা, যিয়ে বিজ্ঞাপন (এ.ভিঅ.ডি) আৰু চাবস্ক্ৰিপচন (এছ.ভিঅ.ডি) মডেলৰ ওপৰত ভিত্তি কৰি লাইভষ্ট্ৰীমিংৰ লগতে ভিডিঅ’ অন ডিমাণ্ড (ভি.অ.ডি) সেৱা প্ৰদান কৰে।
-
ট্ৰাঞ্চলেটৰছ আছাম
ট্ৰাঞ্চলেটৰছ আছাম (TranslatorsAssam) অসমীয়া অনুবাদ সাহিত্য সম্পৰ্কীয় এটা বহুভাষিক ৱেব প্ৰকল্প। প্ৰকল্পটো এটা অনা-লাভজনক প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ অনুবাদ সাহিত্যক ইণ্টাৰনেটৰ পৃথিৱীখনলৈ লৈ যোৱা। প্ৰকল্পটোৰ প্ৰতিষ্ঠা ২০২০ চনৰ মে' মাহৰ ২১ তাৰিখ।
-
ডেইলিহাণ্ট
ডেইলিহাণ্ট (ইংৰাজী: Dailyhunt; পূৰ্বৰ নাম নিউজহাণ্ট) হৈছে ভাৰতৰ বাংগালোৰস্থিত এটা ভাৰতীয় সমল আৰু বাতৰি সংগ্ৰাহক এপ্লিকেচন ছফ্টৱেৰ। এই এপ্লিকেচনে বিভিন্ন সমল প্ৰকাশকৰপৰা সংগ্ৰহ কৰি ১৪টা ভাৰতীয় আঞ্চলিক ভাষাত স্থানীয় বাতৰি আৰু সমল যোগান ধৰে।
-
ত্ৰি-কেন্দ্ৰীয় লেন্স
ত্ৰি-কেন্দ্ৰীয় লেন্স (Trifocal Lense) হৈছে এনে লেন্স, যাৰ তিনিটা অঞ্চল থাকে যি দূৰত্ব, মধ্যৱৰ্তী (বাহুৰ দৈৰ্ঘ্য) আৰু নিকট দৃষ্টিৰ বাবে সঠিক। জন আইজাক হকিন্সে ১৮২৭ চনত ত্ৰি-কেন্দ্ৰীয় লেন্স আবিষ্কাৰ কৰিছিল।
-
থ্ৰেডছ এপ
থ্ৰেডছ (Threads) হৈছে মেটা কোম্পানীৰ এটা নতুন সামাজিক মাধ্যম (social media) এপ, যাক মূলত টেক্সট-ভিত্তিক আলোচনা আৰু মতামত প্ৰকাশৰ বাবে ডিজাইন কৰা হৈছে। এই এপটো ইনষ্টাগ্ৰামৰ লগত গভীৰভাৱে সংযুক্ত, আৰু ই চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ টুইটাৰ(এতিয়া X)-ৰ দৰে এটা প্লেটফৰ্ম হিচাপে বিবেচিত হৈছে।
-
দ্য প্ৰিণ্ট
দ্য প্ৰিণ্ট (ThePrint) হ'ল প্ৰিণ্টলাইন মিডিয়া প্ৰাইভেট লিমিটেডৰ মালিকানাধীন এখন সংবাদপত্ৰ। ইয়াক সাংবাদিক শেখৰ গুপ্তই ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰিছিল।
-
নেটৱৰ্ক সুৰক্ষা
নেটৱৰ্ক সুৰক্ষা (Network security) হৈছে এক বিস্তৃত শব্দ যিয়ে বহুতো প্ৰযুক্তি, ডিভাইচ আৰু প্ৰক্ৰিয়া অন্তৰ্নিহিত কৰে। ইয়াৰ সৰল শব্দত, ই হৈছে ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ প্ৰযুক্তি ব্যৱহাৰ কৰি কম্পিউটাৰ নেটৱৰ্ক আৰু ডাটাৰ অখণ্ডতা, গোপনীয়তা আৰু অভিগম্যতা সুৰক্ষিত কৰাৰ বাবে ডিজাইন কৰা নিয়ম আৰু কনফিগাৰেচনৰ…
-
পেট্ৰিয়ন
পেট্ৰিয়ন (Patreon) হৈছে এটা সদস্যভুক্তিৰ সুবিধা থকা এটা ৱেবছাইট, যিয়ে কলা-কুশলীসকলক তেওঁলোকৰ সৃষ্টিৰাজিসমূহ অনুগামীসকলৰ সৈতে ভাগ-বতৰা কৰাৰ জৰিয়তে মাহিলী উপাৰ্জন কৰাৰ এক সুবিধা প্ৰদান কৰে।
-
প্ৰযুক্তিৰ ইতিহাস
প্ৰযুক্তিৰ ইতিহাস হৈছে মানুহে সঁজুলি আৰু কৌশল উদ্ভাৱনৰ ইতিহাস। প্ৰযুক্তিৰ ভিতৰত সৰল শিলৰ সঁজুলিৰ পৰা আৰম্ভ কৰি ১৯৮০ চনৰ পৰা উদ্ভৱ হোৱা জটিল জেনেটিক ইঞ্জিনিয়াৰিং আৰু তথ্য প্ৰযুক্তিলৈকে বিভিন্ন পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে।
-
ফটাঢোল
ফটাঢোল অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১৭ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়।
-
ফাইল ট্ৰান্সফাৰ প্ৰট'কল
ফাইল ট্ৰান্সফাৰ প্ৰট'কল (FTP) হৈছে এটা মানক যোগাযোগ প্ৰট'কল, যাৰ সহায়ত কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে ছাৰ্ভাৰৰপৰা ক্লায়েণ্টলৈ কম্পিউটাৰ ফাইল স্থানান্তৰ কৰা হয়। FTP এটা ক্লায়েণ্ট-ছাৰ্ভাৰ মডেল স্থাপত্যৰ ওপৰত নিৰ্মিত, য’ত ক্লায়েণ্ট আৰু ছাৰ্ভাৰৰ মাজত পৃথক নিয়ন্ত্ৰণ আৰু ডাটা সংযোগ ব্যৱহাৰ কৰা হয়।
-
ফায়াৰফক্স
ম'জিলা ফায়াৰফক্স বা সৰলভাৱে ফায়াৰফক্স, এটা বিনামূলীয়া আৰু মুক্ত-উৎস ৱেব ব্ৰাউজাৰ যি Mozilla Foundation আৰু ইয়াৰ সহযোগী, Mozilla Corporationদ্বাৰা বিকশিত কৰা হৈছে। ই ৱেব পৃষ্ঠাসমূহ প্ৰদৰ্শন কৰিবলে গেকো ৰেণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰে, যি বৰ্তমান আৰু প্ৰত্যাশিত ৱেব প্ৰামাণিকসমূহ প্ৰণয়ন কৰে।
-
ফাৰ্ষ্ট প'ষ্ট
ফাৰ্ষ্টপোষ্ট (Firstpost) হৈছে নেটৱৰ্ক১৮ গ্ৰুপৰ মালিকানাধীন ভাৰতীয় সংবাদ ৱেবছাইট, যিয়ে চিএনএন-নিউজ১৮ আৰু চিএনবিচি টিভি১৮ও নিয়ন্ত্ৰণ কৰে। নেটৱৰ্ক ১৮ গ্ৰুপটো প্ৰথমে ৰাঘৱ বাহলৰ মালিকানাধীন আছিল। ২০১২ চনৰ জানুৱাৰী মাহত গোটটোৱে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰা ২৭ বিলিয়ন বিনিয়োগ লাভ কৰে।
-
ফ্লাইবিগ
ফ্লাইবিগ (FlyBig) হৈছে ভাৰতৰ ইন্দোৰৰ এখন আঞ্চলিক এয়াৰলাইন। ই গুৰুগ্ৰাম অৱস্থিত বিগ চাৰ্টাৰ প্ৰাইভেট লিমিটেডৰ অধিনত। এয়াৰলাইনটোৱে ২০২০ চনৰ ডিচেম্বৰত কাম আৰম্ভ কৰিছিল আৰু ভাৰতৰ ভিতৰত টায়াৰ-২ চহৰসমূহক সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
-
বেবীচক্ৰ
বেবীচক্ৰ হৈছে অভিভাৱকসকলৰ বাবে এক অনলাইন কমিউনিটি প্লেটফৰ্ম, যাৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ২০২২ চনৰ আগষ্ট মাহত হাৰ্ভাৰ্ড বাণিজ্য বিদ্যালয়ৰ অধ্যাপক শিখৰ ঘোষে বেবীচক্ৰক লৈ এটা কেচ ষ্টাডি কৰিছিল।
-
বেলটপিডিয়া
বেলটপিডিয়া আমেৰিকাৰ এটা অলাভজনক আৰু অদলীয় অনলাইন ৰাজনৈতিক বিশ্বকোষ যিয়ে আমেৰিকাৰ ফেডাৰেল, ৰাজ্যিক আৰু স্থানীয় ৰাজনীতি, নিৰ্বাচন আৰু ৰাজহুৱা নীতি সামৰি লয়। ২০০৭ চনত এই ৱেবছাইটটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
ব্লু ৰে ডিস্ক
ব্লু ৰে ডিস্ক (Blu-ray Disc) হৈছে হাই ডেফিনেশ্বন (HD) ভিডিঅ’ আৰু বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা এবিধ আলোকীয় (অপ্টিকেল) ডিস্ক। ই চিডি বা ডিভিডি এখনৰ সৈতে সমান আকাৰৰ, এখন চিডিয়ে ৭০০ এম বি আৰু এখন ডিভিডিয়ে ৪.৭ জিবি সংৰক্ষণ কৰিবৰ পৰাৰ বিপৰীতে এখন ব্লু ৰে ডিস্কে প্ৰতিটো তৰপ(প্ৰলেপ)ত ২৫…
-
ভিজুৱেলএডিটৰ
ভিজুৱেলএডিটৰ (VisualEditor) বা চমুকৈ ভি ই হৈছে মিডিয়াৱিকিৰ এক অনলাইন উচ্চ-পাঠ্য (ৰিচ্চ-টেক্স) এডিটৰ। ই এগৰাকী ব্যৱহাৰকাৰীক WYSIWYG (হোৱাট য়ু ছি ইজ হোৱাট য়ু গেট অৰ্থাৎ যি দেখিবা তাকেই পাবা) নীতিৰ আধাৰত পৃষ্ঠাসমূহৰ সম্পাদনা কৰোঁতে এক পোনপটীয়া ৰূপ দেখা পোৱাৰ সুবিধা প্ৰদান কৰে।
-
মনোযোগ অৰ্থনীতি
মনোযোগ অৰ্থনীতি (attention economy) হৈছে তথ্য পৰিচালনাৰ এক পদ্ধতি যিয়ে মানৱ মনোযোগক এক দুৰ্লভ পণ্য হিচাপে গণ্য কৰে আৰু বিভিন্ন তথ্য ব্যৱস্থাপনা সমস্যা সমাধানৰ বাবে অৰ্থনৈতিক তত্ত্ব প্ৰয়োগ কৰে।
-
ময়ে ময়ে
ময়ে ময়ে হৈছে এটা ইণ্টাৰনেট মেম যিটো ২০২৩ চনৰ গায়ক-গীতিকাৰ টেয়া ডোৰাৰ ছাৰ্বিয়ান গীত "ডজানুম"ৰ পৰা উদ্ভৱ হৈছিল। গীতটোৰ কোৰাছত ছাৰ্বিয়ান ভাষাত "মোজে ম'ৰ" গীতাংশৰ অৰ্থ হৈছে "মোৰ দুঃস্বপ্ন।"
-
মাৰ্টিন লাইট ৰেলৱে
মাৰ্টিন লাইট ৰেলৱে ( Martin's Light Railways; MLR) পশ্চিম বংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশত সেৱা আগবঢ়োৱা সাতটা বৰ্তমানে বিলুপ্ত নেৰ’গজ ৰেলপথৰ সমষ্টি। পৰৱৰ্তীকালত এই ৰেলসেৱা ভাৰত চৰকাৰৰ অধীনলৈ অনা হয় আৰু ১৯৮০-ৰ দশকত ই সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।
-
মুক্ত চিন্তা (আলোচনী)
মুক্ত চিন্তা অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে।