অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

গুলপীয়া ৰিক্সা

গুলপীয়া ৰিক্সা বা গুলপীয়া অটো (pink rickshaw) হৈছে ভাৰতৰ কিছুমান চহৰত মহিলা যাত্ৰীসকলৰ বাবে সাধাৰণ অটো ৰিক্সাৰ এক বিকল্প। ৰিক্সাত যাত্ৰা কৰোঁতে মহিলাসকলক উৎপীড়ন আৰু দুৰ্ব্যৱহাৰ ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

হালনাগাদ: ২ জুন ২০২৬ ৫২৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গুলপীয়া ৰিক্সা বা গুলপীয়া অটো (pink rickshaw) হৈছে ভাৰতৰ কিছুমান চহৰত মহিলা যাত্ৰীসকলৰ বাবে সাধাৰণ অটো ৰিক্সাৰ এক বিকল্প। ৰিক্সাত যাত্ৰা কৰোঁতে মহিলাসকলক উৎপীড়ন আৰু দুৰ্ব্যৱহাৰ ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াত মহিলাসকলৰ সুৰক্ষাৰ বাবে পেনিক বুটাম (panic button) আৰু জিপিএছ ট্ৰেকিং প্ৰণালীৰ দৰে বিশেষ সুবিধা স্থাপন কৰা হয়। গুলপীয়া ৰিক্সাবোৰ সম্পূৰ্ণ গুলপীয়া ৰিক্সা বা ইয়াৰ হুডটো গুলপীয়া ৰঙৰ হয়। মহিলাসকলক যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ পৰা সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰে প্ৰথমে ২০১৩ চনত ৰাঁচীত গুলপীয়া ৰিক্সা মুকলি কৰিছিল। পিছলৈ ইয়াক ভাৰতৰ আন বহুতো চহৰতো প্ৰৱৰ্তন কৰা হৈছে। গুলপীয়া অটোবোৰ আইনগত সত্যাপন আৰু নথিপত্ৰ সম্পূৰ্ণ হোৱাৰ পিছত পুৰুষ অথবা মহিলা প্ৰশিক্ষিত চালকৰ দ্বাৰা চলোৱা হয়।১২৩

মহিলা সবলীকৰণ

মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে ৰাঁচীৰ প্ৰশাসনে গোলাপী ৰিক্সা আঁচনি আৰম্ভ কৰিছিল। মহিলাসকলক সুৰক্ষিত পৰিবহন প্ৰদান কৰাৰ উদ্দেশ্যে ৰাঁচীৰ প্ৰশাসনে মহিলাসকলক স্বাৱলম্বী হোৱাত সহায় কৰি তেওঁলোকক শক্তিশালী কৰি তুলিছে। পৰম্পৰাগতভাৱে ভাৰতত পুৰুষসকলেই হ’ল মূল উপাৰ্জনকাৰী। সুৰক্ষিত পৰিবহনে মহিলাসকলক স্বতন্ত্ৰ হ'বলৈ আৰু পৰিয়ালৰ উপাৰ্জনত অৰিহণা যোগাবলৈ সক্ষম কৰিছে।৪

গুলপীয়া ৰিক্সা প্ৰবৰ্তন হোৱা অঞ্চল

ৰাঁচী

ৰাঁচী গুলপীয়া ৰিক্সা আঁচনি প্ৰবৰ্তন কৰা ভাৰতৰ প্ৰথমখন চহৰ। ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণৰ পিছত ২০১৩ চনত মহিলাৰ সুৰক্ষাৰ বাবে এই আঁচনি আৰম্ভ কৰা হয়। ঝাৰখণ্ড আৰক্ষীয়ে মহিলা যাত্ৰীসকলৰ যাতায়তৰ বাবে ৰাজধানী ৰাঁচীত প্ৰায় ২০০ খন গুলপীয়া হুদৰ ৰিক্সা প্ৰৱৰ্তন কৰিছিল। মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এই অটোবোৰত বিশেষ সুবিধা যেনে পেনিক বুটাম আৰু জিপিএছ প্ৰণালী আছিল। আৰক্ষীয়ে এই ৰিক্সাবোৰৰ বাবে মহিলা চালক নিয়োগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু মহিলাসকলৰ সঁহাৰি পৰ্যাপ্ত নোহোৱাত পুৰুষ চালক নিয়োগ কৰিবলগীয়া হয়। চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত মানক প্ৰক্ৰিয়াৰ জৰিয়তে সকলো পুৰুষ চালকক পৰীক্ষা কৰা হৈছিল। কেৱল যিসকলে ইয়াত উত্তীৰ্ণ হৈছিল, তেওঁলোককহে বিশেষ পৰিচয় পত্ৰ আৰু মহিলাসকলক কঢ়িয়াবলৈ অনুমতি দিয়া হয়। কিন্তু এই সেৱা বৰ্তমান উপলব্ধ নহয়। কিয়নো চালকসকলে মহিলা যাত্ৰী পাবলৈ দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল; যাৰবাবে চালকসকলে অধিক উপাৰ্জন কৰিবলৈ পুৰুষ যাত্ৰীসকলকো গুলপীয়া অটোত কঢ়িয়াই নিয়া আৰম্ভ কৰে।

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষক বৈধ নথিপত্ৰ নথকা অটোবোৰক পথৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। ৰাঁচীৰ মুঠ ১২,০০০ অটোৰ ভিতৰত মাত্ৰ ২৩৩৫ খন অটোৰহে বৈধ নথিপত্ৰ আছিল। বৈধ নথিপত্ৰ নথকা অটোবোৰৰ ভিতৰত গুলপীয়া অটোবোৰো আছিল। বাণিজ্যিক অনুজ্ঞাপত্ৰ স্থগিত ৰখাত গুলপীয়া অটো চালকসকলে জীৱনজোৰা বৈধ অনুজ্ঞাপত্ৰ জাৰী কৰাৰ দাবীত ধৰ্মঘট কৰে।১৪৫

চুৰট

চুৰট পৌৰ নিগমে ২ জুলাই ২০১৭ তাৰিখে গুলপীয়া অটো মুকলি কৰিছিল। যিহেতু ই মহিলাসকলৰ দ্বাৰা মহিলাসকলৰ বাবে এটা সেৱা, নিগমে মহিলাসকলৰ মাজৰ পৰাই চালক বাছনি কৰিছিল আৰু প্ৰশিক্ষণ দিছিল। নিগমে এই মহিলাসকলক ৰিক্সা ক্ৰয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ২৫% ৰাজসাহায্যৰ সুবিধাৰ সৈতে ৭% সূতৰ হাৰত ঋণ পোৱাত সহায় কৰিছিল। পৌৰ নিগমে ৭০ গৰাকী মহিলাক বাছনি কৰিছিল। ৬৭৮৯

বঙাইগাঁও

বঙাইগাঁও হৈছে অসমৰ অন্যতম বৃহৎ বাণিজ্যিক আৰু ঔদ্যোগিক কেন্দ্ৰ। ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছনে (NULM) মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে মহিলাৰ দ্বাৰা চালিত গুলপীয়া ৰিক্সা মুকলি কৰে। মহিলাসকলে অনুজ্ঞাপত্ৰ পোৱাৰ আগতে, তেওঁলোকক দিছপুৰ মটৰ ড্ৰাইভিং স্কুলৰ দ্বাৰা দুমাহৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। চহৰখনত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সেৱা প্ৰদান কৰা মুঠ ১৩ খন ৰিক্সা আছিল।১০১১

উৰিষ্যা

২০১৫ চনৰ ২৭ জুনত উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়ে ওড়িশাৰ ৰাজধানী ভুবনেশ্বৰত গুলপীয়া অটো ৰিক্সা প্ৰকল্প আৰম্ভ কৰে। উৰিষ্যাৰ আৰক্ষী আয়ুক্তই তেওঁলোকৰ আমি যত্ন লওঁ মূলমন্ত্ৰৰ আধাৰত মহিলাসকলৰ বাবে এই সেৱাৰ শুভাৰম্ভ কৰে। অটোবোৰ পুৰুষৰ দ্বাৰা চালিত হয় যদিও চৰকাৰে নিৰ্ধাৰণ কৰা মানদণ্ড অনুসৰিহে তেওঁলোকক দায়িত্ব দিয়া হৈছিল। প্ৰৱৰ্তনৰ এবছৰৰ ভিতৰতে উপকণ্ঠীয় অঞ্চলকে ধৰি সকলো অঞ্চলত চলা গুলপীয়া অটোৰ সংখ্যা ৩৫৩খন হৈছিল। এইক্ষেত্ৰত মহিলাসকলৰ প্ৰতিক্ৰিয়া ইতিবাচক আছিল। পৰৱৰ্তী সময়ত উৰিষ্যাৰ ৰুৰকেল্লাতো এই সেৱা মুকলি কৰা হৈছিল। ৩১২

তথ্যসূত্ৰ

  1. ↑ Pink autos in Ranchi no longer 'women only' - Times of India. TimesofIndia.IndiaTimes.com
  2. ↑ (2016-12-13). Pink Autos: Women Driven Auto Rickshaw Services In India. Naaree - Work From Home Career Advice, Indian Women's Magazine
  3. ↑ (27 June 2015). Pink Auto Rickshaw Project. Odisha Police Department. Odisha Police
  4. ↑ City to get pink autos with women on wheels. www.millenniumpost.in
  5. ↑ (2015-04-09). Driven out: Ranchi's auto service by and for women is dying. HindustanTimes.com
  6. ↑ (2017-07-02). Launch of Pink Auto Rickshaws programme in Surat. DeshGujarat
  7. ↑ New auto service in Surat: By the women, for the women - Times of India. TimesofIndia.IndiaTimes.com
  8. ↑ Pink Auto Service arrives in Surat. www.cityshor.com
  9. ↑ (2017-07-03). In Surat now: A pink auto service by women, for women. IndianExpress.com
  10. ↑ Assam: 13 pink auto-rickshaws for women launched in Bongaigaon. TheNortheastToday.com
  11. ↑ In Bongaigaon, pink is the colour of safety. TelegraphIndia.com
  12. ↑ Pioneer, The. Pink auto service launched in R'kela. DailyPioneer.com

সম্পৰ্কিত শ্ৰেণী

যৌন নিৰ্যাতন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুলপীয়া ৰিক্সা” প্ৰবন্ধৰ সংশোধন ৬১১০০৬ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।