ভিজুৱেলএডিটৰ (VisualEditor) বা চমুকৈ ভি ই হৈছে মিডিয়াৱিকিৰ এক অনলাইন উচ্চ-পাঠ্য (ৰিচ্চ-টেক্স) এডিটৰ। ই এগৰাকী ব্যৱহাৰকাৰীক WYSIWYG (হোৱাট য়ু ছি ইজ হোৱাট য়ু গেট অৰ্থাৎ যি দেখিবা তাকেই পাবা) নীতিৰ আধাৰত পৃষ্ঠাসমূহৰ সম্পাদনা কৰোঁতে এক পোনপটীয়া ৰূপ দেখা পোৱাৰ সুবিধা প্ৰদান কৰে। ৱিকিয়াৰ সহযোগত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে এই মিডিয়াৱিকি এক্সটেনশ্যনটোৰ বিকাশ ঘটায়।১২০১৩ চনৰ জুলাই মাহত কেইবাটাও বৃহৎ ৱিকিপিডিয়া প্ৰকল্পত ইয়াক মূলীভূত বা ডিফ'ল্ট হিচাপে সংযোজন কৰা হয়।২৩
ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ভিজুৱেলএডিটৰক এতিয়ালৈকে সৰ্বাধিক প্ৰত্যাহ্বানযুক্ত কাৰিকৰী প্ৰকল্প বুলি অভিহিত কৰাৰ বিপৰীতে দ্য ইকনমিষ্টে ইয়াক ৱিকিপিডিয়াৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ সালসলনি বুলি মন্তব্য কৰে।৪ দ্য ডেইলী ডটে মত প্ৰকাশ কৰে যে অংশগ্ৰহণৰ পৰিসৰ বৃদ্ধিৰ প্ৰতি ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অভীষ্টতাই সাম্প্ৰতিকভাৱে যুক্ত হৈ থকা সম্পাদকসকলক একাকী কৰি তোলাৰ সংশয় বিদ্যমান।৫ ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত ব্যৱহাৰকাৰীৰ অভিযোগৰ পিছত ইংৰাজী ৱিকিপিডিয়াৰ ভিজুৱেলএডিটৰক অপ্ট-আউট অৰ্থাৎ ব্যৱহাৰ নকৰাৰ বিকল্পৰ (মূলীভূত বা বাই ডিফল্ট সক্ৰিয়) পৰা অপ্ট-ইন বা ব্যৱহাৰ কৰাৰ বিকল্পলৈ সলনি কৰা হয়।৬৭ কিন্তু ২০১৫ চনৰ অক্টোবৰ মাহত কিছু উন্নীতকৰণৰ পিছত ইয়াক কেৱল নতুনকৈ পঞ্জীয়নভুক্ত সদস্যৰ বাবে পুনৰ মূলীভূত ৰূপত উপলব্ধ কৰা হয়।৮ ২০১৫ চনৰ এক অধ্যয়নত এই কথা প্ৰকাশ পায় যে ভিজুৱেলএডিটৰে নতুন সদস্যসকলক আকাংক্ষিত লাভালাভ প্ৰদানত ব্যৰ্থ হৈছে।৯
তথ্যসূত্ৰ
- ↑ Andrew Webster. (2012-06-22). Wikimedia releases updated prototype for simplified visual editor. The Verge
- ↑ Wikipedia:VisualEditor. ৱিকিপিডিয়া
- ↑ Emil Protalinski. (2013-07-02). Wikimedia rolls out WYSIWYG visual editor for logged-in users accessing Wikipedia articles in English. The Next Web
- ↑ L.M. (2011-12-13). Changes at Wikipedia: Seeing things. The Economist
- ↑ Tim Sampson. (2012-07-04). Will Wikipedia's pretty new editing software solve its recruitment crisis?. The Daily Dot
- ↑ Andrew Orlowski. (2013-09-25). Revolting peasants force Wikipedia to cut'n'paste Visual Editor into the bin. The Register
- ↑ Tim Sampson. (2013-09-24). Wikipedia faces revolt over VisualEditor. The Daily Dot
- ↑ Forrester, James. (2015-09-01). Gradual availability of VisualEditor for new users is now complete. Wikipedia, the free encyclopedia
- ↑ VisualEditor's effect on newly registered editors/May 2015 study. Wikimedia.org. Wikimedia Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিজুৱেলএডিটৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৩৮৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।