ব্লু ৰে ডিস্ক (Blu-ray Disc) হৈছে হাই ডেফিনেশ্বন (HD) ভিডিঅ’ আৰু বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা এবিধ আলোকীয় (অপ্টিকেল) ডিস্ক। ই চিডি বা ডিভিডি এখনৰ সৈতে সমান আকাৰৰ, এখন চিডিয়ে ৭০০ এম বি আৰু এখন ডিভিডিয়ে ৪.৭ জিবি সংৰক্ষণ কৰিবৰ পৰাৰ বিপৰীতে এখন ব্লু ৰে ডিস্কে প্ৰতিটো তৰপ(প্ৰলেপ)ত ২৫ জিবি তথ্য সংৰক্ষণ কৰিব পাৰে। দ্বৈত প্ৰলেপৰ এনে এখন ডিস্কে ৫০জিবি পৰ্যন্ত তথ্যা সংৰক্ষণ কৰিব পাৰে। ই প্ৰায় চাৰি ঘন্টাৰ HD ভিডিঅ’ সংৰক্ষণ কৰিব পাৰে। তিনিটা আৰু চাৰিটা প্ৰলেপ থকা এনে ডিস্ক এখনে ক্ৰমে ১০০ আৰু ১২৮ জিবি তথ্য ৰাখিব পাৰে, ব্লু ৰে ডিস্কত সংৰক্ষিত শব্দ বজাব(প্লে কৰিব)ৰ বাবে BD-ROM প্লেয়াৰ এটাই ড’লবি ডিজিটেল, ডি টি এছ(DTS) আৰু ৰৈখিক এম টি এছ (MTS) সমৰ্থন কৰাতো উচিত। ব্লু ৰে ডিস্ক এখনক পঢ়িবৰ বাবে প্ৰয়োজন হোৱা নীলা-বেঙুণীয়া লেজাৰ ৰশ্মিৰ পৰা এই ডিস্কৰ "ব্লু ৰে" শব্দ দুটা আহিছে। আনহাতেদি ডিভিডি এখন পঢ়িবৰ বাবে তুলনামূলক ভাবে অধিক তৰংগদৈৰ্ঘৰ ৰঙা লেজাৰ ব্যৱহাৰ কৰা হয়। নীলা লেজাৰক কম ঠাইতেই অভিসাৰিত কৰিবৰ পৰাৰ বাবে, ডিভিডিৰ তুলনাত এনে ডিস্কত অধিক ঘনত্বত তথ্য সংৰক্ষণ কৰিব পৰা যায়। ডাৰ্ক নাইট নামৰ ব্লু ৰে ডিস্ক বিধ মুক্তিৰ প্ৰথম সপ্তাহতে এক নিযুত খন বৃদ্ধি হোৱা প্ৰথমবিধ এনে ডিস্ক আছিল। ই ডিভিডিত কৈ অধিক দাগ ৰোধী।
প্ৰকাৰ
| প্ৰকাৰ | ব্যাস (ছে.মি.) | প্ৰলেপ(তৰপ) | ক্ষমতা | |
|---|---|---|---|---|
| বাইট | জিবি | |||
| মান আকাৰৰ ডিস্ক, একক প্ৰলেপ | ১২ | ১ | ২৫,০২৫,৩১৪,৮১৬ | ২৫.০ |
| মান আকাৰৰ ডিস্ক, দ্বৈত প্ৰলেপ | ১২ | ২ | ৫০,০৫০,৬২৯,৬৩২ | ৫০.১ |
| মান আকাৰৰ ডিস্ক, XL ৩টা প্ৰলেপ১ | ১২ | ৩ | ১০০,১০৩,৩৫৬,৪১৬ | ১০০.১ |
| মান আকাৰৰ ডিস্ক, XL ৪টা layer১ | ১২ | ৪ | ১২৮,০০১,৭৬৯,৪৭২ | ১২৮.০ |
| সৰু আকাৰৰ (মিনি) ডিস্ক, একক প্ৰলেপ | ৮ | ১ | ৭,৭৯১,১৮১,৮২৪ | ৭.৮ |
| সৰু আকাৰৰ (মিনি) ডিস্ক, দ্বৈত প্ৰলেপ | ৮ | ২ | ১৫,৫৮২,৩৬৩,৬৪৮ | ১৫.৬ |
বাহ্যিক সংযোগ
- Blu-ray Disc Association
- Blu-ray Disc Association's Technical White Papers
- Blu-ray Disc License Office
- AACS LA
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্লু ৰে ডিস্ক” প্ৰবন্ধৰ সংশোধন ৩৮৭০৭০ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।