অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

পেট্ৰিয়ন

পেট্ৰিয়ন (Patreon) হৈছে এটা সদস্যভুক্তিৰ সুবিধা থকা এটা ৱেবছাইট, যিয়ে কলা-কুশলীসকলক তেওঁলোকৰ সৃষ্টিৰাজিসমূহ অনুগামীসকলৰ সৈতে ভাগ-বতৰা কৰাৰ জৰিয়তে মাহিলী উপাৰ্জন কৰাৰ এক সুবিধা প্ৰদান কৰে।

হালনাগাদ: ৭ এপ্ৰিল ২০২৫ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

পেট্ৰিয়ন (Patreon) হৈছে এটা সদস্যভুক্তিৰ সুবিধা থকা এটা ৱেবছাইট, যিয়ে কলা-কুশলীসকলক তেওঁলোকৰ সৃষ্টিৰাজিসমূহ অনুগামীসকলৰ সৈতে ভাগ-বতৰা কৰাৰ জৰিয়তে মাহিলী উপাৰ্জন কৰাৰ এক সুবিধা প্ৰদান কৰে।১ পেট্ৰিয়ন সাধাৰণতে ইউটিউব ভিডিঅগ্ৰাফাৰ, লেখক, প'ডকাষ্টাৰ, সংগীতজ্ঞ আদি যিসকলে নিয়মিতভাৱে ইণ্টাৰনেটত তেওঁলোকৰ সৃষ্টিৰাজিসমূহ ভাগ বতৰা কৰে, তেওঁলোকে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অনুগামীসকলৰ পৰা (যাক পেট্ৰন বুলি কোৱা হয়) পোনপটীয়াকৈ অনুদান লাভ কৰিব পাৰে।২ এই কোম্পানিটো সংগীতজ্ঞ Jack Conte৩ আৰু ডেভেলপাৰ Sam Yam৩৪ ৫-য়ে ২০১৩ চনত ছানফ্ৰান্সিছক'ত আৰম্ভ কৰিছিল। পেট্ৰিয়নে সাধাৰণতে কলা-কুশলীসকলৰ মাহিলী দৰমহাৰ পৰা ৫ ৰ পৰা ১২ শতাংশ শুল্ক আদায় কৰে আৰু প্ৰতি মাহৰ প্ৰথম দিনাই বিলিঙৰ কামবোৰ সম্পন্ন হয়।৬

২০১৩ চনৰ মে' মাহত সংগীতজ্ঞ Jack Conte য়ে তেওঁৰ ইউটিউব ভিডিঅ'সমূহৰ জৰিয়তে জীৱিকা নিৰ্বাহৰ এক উপায় বিচাৰি Sam Yam-ৰ সৈতে লগ লাগি পেট্ৰিয়ন প্ৰতিষ্ঠা কৰে। এই মঞ্চই যিমানবাৰ কোনো এজন আৰ্টিষ্টে তেওঁৰ সৃষ্টিৰাজিসমূহ ভাগ বতৰা কৰে, সিমানবাৰেই অনুৰাগীসকলক (পেট্ৰন) তাৰ বাবত অনুদান আগবঢ়োৱাৰ এক সুবিধা প্ৰদান কৰে। প্ৰথম ওঠৰ মাহৰ ভিতৰত ৱেবছাইটটোত ১২৫,০০০ তকৈ বেছি অনুগামীৰ (পেট্ৰন) সদস্যভুক্তি হৈছিল।৭ ২০১৪ চনৰ শেষৰফালে ৱেবছাইটটোৰ সদস্য কলা-কুশলীসকললৈ তেওঁলোকৰ অনুগামীসকলে মাহিলী ১,০০০,০০০ আমেৰিকান ডলাৰকৈ অনুদান পঠিয়াইছিল বুলি ৱেবছাইটটোৰ তৰফৰ পৰা ঘোষণা কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ Conte, Jack. (June 14, 2017). Membership: The Future for Creators. PatreonHQ
  2. ↑ The California Report.org: "Creating Patrons of the Arts Through Crowdfunding" July 11–13, 2014
  3. ↑ Jack Conte interviewed on the TV show Triangulation on the TWiT.tv network
  4. ↑ Olson, Matthew. How Patreon Has Helped And Hindered Creators, As Told By 13 Users. Digg
  5. ↑ Patreon.org: Intro Accessed July 14, 2014
  6. ↑ Patreon - our fee structure. Patreon official website. Patreon
  7. ↑ Dredge, Stuart. Amanda Palmer races to $13,000 per release in Patreon crowdfunding. the Guardian
  8. ↑ (October 10, 2014). Creators on Patreon Receive Over 1,000,000 per Month From Patrons

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেট্ৰিয়ন” প্ৰবন্ধৰ সংশোধন ৫০২৬৮৩ (৭ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।