অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ডেইলিহাণ্ট

ডেইলিহাণ্ট (ইংৰাজী: Dailyhunt; পূৰ্বৰ নাম নিউজহাণ্ট) হৈছে ভাৰতৰ বাংগালোৰস্থিত এটা ভাৰতীয় সমল আৰু বাতৰি সংগ্ৰাহক এপ্লিকেচন ছফ্টৱেৰ। এই এপ্লিকেচনে বিভিন্ন সমল প্ৰকাশকৰপৰা সংগ্ৰহ কৰি ১৪টা ভাৰতীয় আঞ্চলিক ভাষাত স্থানীয় বাতৰি আৰু সমল যোগান ধৰে।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডেইলিহাণ্ট (ইংৰাজী ভাষা: Dailyhunt; পূৰ্বৰ নাম নিউজহাণ্ট) হৈছে ভাৰতৰ বেংগালুৰুস্থিত এটা ভাৰতীয় সমল আৰু বাতৰি সংগ্ৰাহক এপ্লিকেচন ছফ্টৱেৰ। এই এপ্লিকেচনে বিভিন্ন সমল প্ৰকাশকৰপৰা সংগ্ৰহ কৰি ১৪টা ভাৰতীয় আঞ্চলিক ভাষাত স্থানীয় বাতৰি আৰু সমল যোগান ধৰে।১ বীৰেন্দ্ৰ গুপ্তা (ভাৰ্চু) আৰু সহ-প্ৰতিষ্ঠাপক উমং বেদীয়ে ডেইলিহাণ্ট পৰিচালনা কৰে।১

ইতিহাস

প্ৰথম অৱস্থাত 'নিউজহাণ্ট' নামেৰে পৰিচিত এই এপ্লিকেচনটো ২০০৯ চনত নোকিয়াৰ দুজন প্ৰাক্তন কৰ্মচাৰী উমেশ কুলকাৰ্ণী আৰু চন্দ্ৰশেখৰ ছোহনীয়ে এটা চিম্বিয়ান (Symbian) এপ্‌ হিচাপে তৈয়াৰ কৰিছিল। পৰৱৰ্তী সময়ত ২০১১ চনত নিউজহাণ্ট এণ্ড্ৰইড প্লেটফৰ্মত উপলব্ধ হয়। সেই সময়তে 'ভাৰ্চ' (VerSe) কোম্পানীৰ প্ৰতিষ্ঠাপক বীৰেন্দ্ৰ গুপ্তাই এই এপ্লিকেচনটো ক্ৰয় কৰে।

বীৰেন্দ্ৰ গুপ্তাই ২০০৭ চনত 'ভাৰ্চ'ক এটা ভেলু-এডেড চাৰ্ভিচ (VAS) কোম্পানী হিচাপে আৰম্ভ কৰিছিল।২ ২০১১ চনত তেওঁ উমেশ আৰু চন্দ্ৰশেখৰৰপৰা নিউজহাণ্ট ক্ৰয় কৰে। উমেশে চি.টি.অ’ (CTO) হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু স্মাৰ্টফোনৰ যুগত ইয়াৰ পৰিৱৰ্তনসমূহ তদাৰক কৰিবলৈ কোম্পানীতে থাকি যায়।

২০১৫ চনত বীৰেন্দ্ৰ গুপ্তাই নিউজহাণ্টৰ নাম সলাই 'ডেইলিহাণ্ট' ৰাখে। ২০১৮ চনৰ আৰম্ভণিতে তেওঁ উমাং বেদীক ডেইলিহাণ্টৰ সভাপতি হিচাপে নিযুক্তি দিয়ে। ২০২০ চনত উমাং বেদীক সহ-প্ৰতিষ্ঠাপকৰ মৰ্যাদা প্ৰদান কৰা হয়।

পুঁজি সংগ্ৰহ

২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ডেইলিহাণ্টে (তেতিয়াৰ নিউজহাণ্ট) ছিকুৱা কেপিটেল ইণ্ডিয়াৰপৰা ১ বিলিয়ন টকাৰ (প্ৰায় ১২ নিযুত মাৰ্কিন ডলাৰ) চিৰিজ বি পুঁজি লাভ কৰে।৩ ২০১৫ চনৰ ফেব্ৰুৱাৰীত ফেলকন কেপিটেলৰ নেতৃত্বত ৪০ নিযুত ডলাৰৰ 'চিৰিজ চি' পুঁজি সংগ্ৰহ সম্পন্ন হয়।৪ ২০১৬ চনৰ অক্টোবৰত কোম্পানীটোৱে বাইটডান্সৰ পৰা ২৫ নিযুত ডলাৰৰ 'চিৰিজ ডি' পুঁজি লাভ কৰে।৫ ২০১৮ চনৰ ছেপ্টেম্বৰত ফেলকন এজ কেপিটেলৰপৰা ৬.৩৯ নিযুত ডলাৰৰ 'চিৰিজ ই' পুঁজি লাভ কৰে।৬ ইয়াৰ উপৰি ২০১৯ চনৰ আগষ্টত ষ্টোনব্ৰিজ কেপিটেলৰপৰা ৩ নিযুত ডলাৰৰ 'চিৰিজ এফ' পুঁজি লাভ কৰে।৭ ডেইলিহাণ্টৰ অন্যান্য বিনিয়োগকাৰীসকলৰ ভিতৰত মেট্ৰিক্স পাৰ্টনাৰ্ছ ইণ্ডিয়া, ওমিদ্যাৰ নেটৱৰ্ক, গোল্ডমেন ছেক্স আৰু ছফিনা অন্যতম।

ব্যাৱসায়িক অংশীদাৰিত্ব

২০২১ চনৰ জানুৱাৰী মাহত ডেইলিহাণ্টে এই ভাৰতীয় ছচিয়েল এপত টুইটাৰ মমেণ্টছ আনিবলৈ টুইটাৰৰ সৈতে অংশীদাৰিত্ব কৰে। সাম্প্ৰতিক বাতৰি আৰু অন্যান্য ঘটনাৱলী প্ৰদৰ্শন কৰিবলৈ ডেইলিহাণ্ট এপত এতিয়া "Twitter Moments India" নামৰ এটা সুকীয়া টেব আছে।৮

২০২১ চনৰ জানুৱাৰীত ডেইলিহাণ্টে এপটোত কপিল খাণ্ডেলৱালৰ সৈতে জনপ্ৰিয় শ্ব’ QuoteUnquoteৰ দ্বিতীয় সংস্কৰণৰ প্ৰিমিয়াৰ ঘোষণা কৰে। ডেইলিহাণ্ট এপত মুকলি কৰা এয়া আছিল প্ৰথমটো পডকাষ্ট।৯

২০২০ চনৰ ছেপ্টেম্বৰ মাহত ডেইলিহাণ্টে ড্ৰিম ১১ আইপিএল ২০২০-ৰ বাবে ষ্টাৰ স্পৰ্টছৰ সৈতে সহযোগী স্পনছৰ হিচাপে চুক্তিবদ্ধ হৈছিল।১০

২০২০ চনৰ মে' মাহত স্নেপডিলে মাৰ্কেটপ্লেচত নতুন সমল যোগ কৰিবলৈ ডেইলিহাণ্টৰ সৈতে অংশীদাৰিত্ব কৰে।

২০১৯ চনৰ মাৰ্চ মাহত ডিস্কভাৰী কমিউনিকেশ্বনছ ইণ্ডিয়াই চুটি সমল প্ৰদৰ্শনৰ বাবে ডেইলিহাণ্টৰ সৈতে বহুবছৰীয়া চুক্তিত আবদ্ধ হয়।

তথ্যসূত্ৰ

  1. ↑ EXCLUSIVE: Dailyhunt founders confirm IPL 2020 associate sponsorship — promise new release for Josh ahead of India's biggest cricket tournament. Business Insider
  2. ↑ Tech in Asia - Connecting Asia's startup ecosystem. www.techinasia.com
  3. ↑ (September 22, 2014). NewsHunt Raises INR 100 Cr From Sequoia Capital & Its Existing Investors
  4. ↑ Chakraborty, Sayan. (October 10, 2016). DailyHunt in talks with investors to raise $40 million. Livemint
  5. ↑ (October 15, 2016). News And Ebooks App DailyHunt Secures $25 Mn Funding
  6. ↑ (September 3, 2018). Dailyhunt Secures $6.39 Mn In Series E From Falcon Edge
  7. ↑ (August 8, 2019). Dailyhunt Secures Nearly $25 Mn Funding In Ongoing Series F Round
  8. ↑ Singh, Manish. (January 18, 2021). Twitter is bringing Moments to Indian social app Dailyhunt. TechCrunch
  9. ↑ QuoteUnquote with KK (Kapil Khandelwal) Season 2 premiers as the first podcast on Dailyhunt. afaqs!
  10. ↑ (September 10, 2020). Star India signs Dailyhunt as Associate Sponsor for IPL 2020. www.bestmediaifo.com

সম্পৰ্কিত শ্ৰেণী

ম'বাইল এপ্লিকেচনৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেইলিহাণ্ট” প্ৰবন্ধৰ সংশোধন ৬২৮৭৮২ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।