অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

দ্য প্ৰিণ্ট

দ্য প্ৰিণ্ট (ThePrint) হ'ল প্ৰিণ্টলাইন মিডিয়া প্ৰাইভেট লিমিটেডৰ মালিকানাধীন এখন সংবাদপত্ৰ। ইয়াক সাংবাদিক শেখৰ গুপ্তই ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

দ্য প্ৰিণ্ট (ThePrint) হ'ল প্ৰিণ্টলাইন মিডিয়া প্ৰাইভেট লিমিটেডৰ মালিকানাধীন এখন সংবাদপত্ৰ।১ ইয়াক সাংবাদিক শেখৰ গুপ্তই ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰিছিল।২৩

ইতিহাস

সাংবাদিক শেখৰ গুপ্তই প্ৰতিষ্ঠা কৰা প্ৰিণ্টলাইন মিডিয়া প্ৰাইভেট লিমিটেড২ ২০১৬ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ নতুন দিল্লীত, নিবন্ধিত হৈছিল।১

দ্য প্ৰিণ্টৰ প্ৰধান লক্ষ্য হৈছে ৰাজনীতি আৰু নীতি-নিৰ্ধাৰণৰ ওপৰত ফ’কাছ কৰা।<ref name="CNN-20180404"">Pokharel, Sugam; Berlinger, Joshua. (4 April 2018). India makes U-turn after proposing to punish 'fake news' publishers. CNN</ref> এই উদ্যোগটো Off the Cuff নামৰ অনুষ্ঠানৰ সৈতে জড়িত, যি আজ তক চেনেলত প্ৰচাৰ হয় আৰু দ্য প্ৰিণ্টৰ ইউটিউব আৰু ফেইচবুক চেনেলতো উপলব্ধ।৪

২০১৭ চনৰ মে’ মাহত, এন. আৰ. নাৰায়ণ মূৰ্তি, নন্দন নিলে-কণী, ৰতন টাটা, কিৰণ মজুমদাৰ শ্ব, উদয় কোটাক, বিজয় শেখৰ শৰ্মা, ৰাজীৱ চি. মোদী, ৰবি ঠাকৰণ, ভৱিষ আগৰৱাল, নিৰ্মল জৈন, আৰ. ভেংকটৰামণ, কৰণ ভগত আৰু যতীন শ্বাহে এই উদ্যোগত অৰ্থ বিনিয়োগ কৰিছিল।৫৬৭

সম্পাদক-ইন-চিফ হিচাপে গুপ্তই পাঠকসকলক এখন মুকলি চিঠি লিখি দ্য প্ৰিণ্টৰ লক্ষ্য ‘‘তথ্যভিত্তিক আৰু উদাৰপন্থী’’ হোৱাৰ কথা উল্লেখ কৰিছিল।৮ দ্য প্ৰিণ্টে নিজৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি সাংবাদিকতাৰ নৈতিকতা কোডত প্ৰতিশ্ৰুতি বহন কৰে বুলি দাবী কৰিছে।৯১০

সামগ্ৰী

ৱেবচাইট

দ্য প্ৰিণ্ট এটা ডিজিটেল প্লেটফৰ্ম যিয়ে প্ৰধানকৈ ইংৰাজীত খবৰ প্ৰকাশ কৰে। ইয়াৰ হিন্দী সংস্কৰণো উপলভ্য।১১ সংবাদসমূহ তথ্যভিত্তিক খবৰ আৰু মতামত বিভাগত বিভক্ত কৰা হয়।

চাবস্ক্ৰিপশ্যন

ওৱেবচাইটটো প্ৰধানকৈ ডিজিটেল বিজ্ঞাপনৰ আয়েৰে চলি থাকিলেও, এককালীন অনুদান আৰু নিয়মীয়া চাবস্ক্ৰিপশ্যন ব্যৱস্থাও উপলভ্য।১২

অফ দ্য কাফ

অফ দ্য কাফ হৈছে এক ধৰণৰ আলোচনামূলক অনুষ্ঠান, যি আজ তকৰ সৈতে সহযোগিতাত ২০১৬ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল। শেহতীয়াকৈ, ইয়াৰ অনুষ্ঠানবোৰ মাত্ৰ অনলাইন সংস্কৰণ হিচাপে দ্য প্ৰিণ্টে নিজেই প্ৰচাৰ কৰিছে।১৩ ইয়াত অমীশ ত্ৰিপাঠী, গীতা গোপীনাথ, মাৰ্টিন উলফ আৰু ফ্ৰান্সিছ ফুকুইয়ামা আদি খ্যাতনামা ব্যক্তিসকল অংশগ্ৰহণ কৰিছে।১৪

তথ্যসূত্ৰ

  1. ↑ Printline Media Private Limited. www.tofler.in
  2. ↑ Shekhar Gupta's media venture gets big names on-board. The Asian Age
  3. ↑ ThePrint raises funding from corporate bigwigs Ratan Tata, Narayana Murthy, Nandan Nilekani, Uday Kotak, others. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  4. ↑ (3 November 2017). Shekhar Gupta. The Times of India
  5. ↑ Bansal, Shuchi. Shekhar Gupta's The Print raises funds from Ratan Tata, Nandan Nilekani, Uday Kotak. Mint
  6. ↑ Printline Media gets funding. দ্য হিন্দু
  7. ↑ ThePrint raises funding from Tata, Narayana Murthy, others. Outlook
  8. ↑ Gupta, Shekhar. Letter from the Editor-in-Chief. ThePrint
  9. ↑ About – ThePrint. ThePrint
  10. ↑ Code Of Ethics – ThePrint. ThePrint
  11. ↑ ThePrint Hindi - Latest News in Hindi, हिंदी समाचार, हिंदी न्यूज़, India, राजनीति, देश, विदेश, मत-विमत · दिप्रिंट हिंदी. ThePrint Hindi
  12. ↑ (2020-09-09). Support Our Journalism – ThePrint. ThePrint
  13. ↑ (2020-09-09). Off The Cuff – ThePrint. ThePrint
  14. ↑ Off The Cuff. ThePrint

সম্পৰ্কিত শ্ৰেণী

বাতৰি কাকত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য প্ৰিণ্ট” প্ৰবন্ধৰ সংশোধন ৬৩৭২৫৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।