অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ফটাঢোল

ফটাঢোল অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১৭ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৪৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ফটাঢোল অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১৭ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়। ফেইচবুকৰ ‘ফটাঢোল’ গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখাসমূহৰ বাচকবনীয়া সংগ্ৰহক শৃংখলাবদ্ধভাৱে সজোৱাৰ উদ্দেশ্যে এই ৱেবছাইট তথা ই-আলোচনীখন মুকলি কৰা হয়। প্ৰতিমাহে ‘ফটাঢোল’ গোটৰ সক্ৰিয় সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত এজনে সম্পাদক হিচাপে গোটটোত প্ৰকাশিত লিখনিসমূহৰ মাজৰ পৰা যোগ্যসমূহ নিৰ্বাচন কৰি আলোচনীখনত প্ৰকাশৰ দিহা কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কেইবাজনো অসমীয়াই আলোচনীখনৰ বিভিন্ন দিশসমূহৰ তত্ত্বৱধান লয়।

ফটাঢোল ফেচবুক গোট

এই “ফটা-ঢোল“ নামৰ গোটটো ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুকতে কেইজন মান সদস্যৰে আৰম্ভ কৰা হৈছিল।১

ফটা-ঢোল গোটটো মূলতঃ এক হাস্য-ব্যংগৰ গোট। হাঁহিবোৰ মহঙা হোৱাৰ দিনত ইণ্টাৰনেটৰ মাধ্যমত বিভিন্নজনৰ ওঁঠত নিৰ্ভেজাল হাঁহিৰ মৌ এটুপি তুলি দিব পৰাৰ সমানে সমানে সমাজৰ অপশক্তিবোৰৰ ব্যংগাত্মক উপস্থাপনেৰে বিবেকৰ চকু মুকলি কৰি মানুহক সঠিক দিশ দেখুওৱাৰ লগতে মনোৰঞ্জনৰ যোগেদি প্ৰাত্যহিক জীৱন যান্ত্ৰণাৰ পৰা ক্ষন্তেকীয়া মুক্তিয়েই আছিল এই গোটৰ মূল উদ্দেশ্য।২

হাস্য-ব্যংগৰ এই ফেইচবুক গোটটোৰ বৰ্তমান সদস্য সংখ্যা প্ৰায় ২ ২,০০০।

উদ্দেশ্য আৰু লক্ষ্য

ইণ্টাৰনেটৰ যোগেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা নতুন প্ৰজন্মৰ বাবে ছপা মাধ্যমৰ সীমাৱদ্ধতাৰ পৰা মুক্ত ইণ্টাৰনেট মাধ্যমত প্ৰকাশিত ফটাঢোল আলোচনীৰ কেতবোৰ লক্ষ্য আৰু উদ্দেশ্য হল -

  • ইতিবাচক চিন্তাৰ সমাহাৰ ঘটাই এক সুস্থ জনজাগৰণ গঢ়ি তোলাৰ লগতে হাস্য-ব্যংগৰ লেখক সৃষ্টি আৰু অবিৰত সাহিত্য চৰ্চা।
  • ফেচবুকৰ উন্নতমানৰ ব্যংগ লেখাবোৰ জাতিটোৰ ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ স্বাৰ্থতেই সংৰক্ষণ কৰাৰ লগতে ফে’চবুকৰ বাহিৰলৈয়ো লৈ যোৱা।
  • নতুন লিখক সকলক হাস্য-ব্যংগ সাহিত্য চৰ্চা কৰিবলৈ উৎসাহী কৰি তুলি তেওঁলোকৰ প্ৰতিভা, সদিচ্ছা আৰু পৰিশ্ৰমক এটা পৰিকল্পিত দিশ আৰু শক্তিশালী গতি প্ৰদান কৰাৰ এখন মঞ্চ প্ৰদান কৰা।

‘ফটাঢোল’ৰ বিভিন্ন শিতানসমূহ

ফটাঢোলৰ বিভিন্ন শিতানসমূহ হৈছে -

  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সংখ্যাটোৰ আঁৰৰ কথা
  • ভিন্নস্বাদ
  • দৈনন্দিন
  • লটিঘটি
  • গল্প
  • প্ৰবন্ধ
  • আপদীয়া পদ্য
  • কৌতুক
  • ফটা প্ৰেম
  • ফটা প্ৰশ্ন
  • কাৰ্টুন
  • ধাৰাবাহিক
  • অনুবাদ
  • চিনেমা চিনেমা আদি।৩

ফটাঢোল সম্পাদনা সমিতি

ফটাঢোলৰ মুখ্য কাৰ্য্যবাহী: ৰিণ্টুমনি দত্ত

মুখ্য সম্পাদনা সমিতি: হেমন্ত কাকতি, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত আৰু সম্পাদক

অংগসজ্জা আৰু কাৰিকৰী বিভাগ: হেমন্ত কাকতি, ৰিণ্টুমনি দত্ত, ৰিমঝিম বৰঠাকুৰ আৰু মণিষা কাকতি

প্ৰচ্ছদ আৰু অলংকৰণ: হেমন্ত কাকতি, ৰিতুপৰ্ন বৰা,চন্দন বড়ি

আলোচনীৰ বিভিন্ন শিতানসমূহৰ বিভাগীয় কমিটি: চবিনা য়াছমিন, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য, পৰীস্মিতা গগৈ, ৰাজশ্ৰী শৰ্মা, ডলী তালুকদাৰ, ৰিতুৰ্পণা মহন্ত আৰু জীমনি গগৈ

ফটাঢোল প্ৰশাসক সকল: হেমন্ত কুমাৰ কাকতি, প্ৰণীতা গোস্বামী বৰঠাকুৰ, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত,চবিনা য়াছমিন, ৰিমঝিম বৰঠাকুৰ আৰু বিজয় মহন্ত,দেবজিত শৰ্মা

মডাৰেটৰ: ডলী তালুকদাৰ, নীলাক্ষী কাকতি, দিম্পল কলিতা,যোগেশ ভট্টাচাৰ্য,ৰাজশ্ৰী শৰ্মা।৪

বিশেষ পৰামৰ্শদাতা: জ্যোতিৰূপম দত্ত

ফটাঢোলৰ এতিয়ালৈ হোৱা সম্পাদকসকলৰ তালিকা

ক্ৰমিক নংসম্পাদকৰ নামসম্পাদনা মাহ
১হেমন্ত কাকতিজুলাই, ২০১৭
২অভিজিত মেধিআগষ্ট, ২০১৭
৩চবিনা ইয়াছমিনচেপ্তেম্বৰ, ২০১৭
৪দেৱজিত শইকীয়াঅক্টোবৰ, ২০১৭
৫বিকাশ শইকীয়ানৱেম্বৰ, ২০১৭
৬জীমণি গগৈডিচেম্বৰ, ২০১৭
৭সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যজানুৱাৰী, ২০১৮
৮গীতিকা শইকীয়াফেব্ৰুৱাৰী, ২০১৮
৯পৰিস্মিতা গগৈমাৰ্চ, ২০১৮
১০ঋতুপৰ্ণা মহন্তএপ্ৰিল, ২০১৮
১১ঈশান জ্যোতি বৰামে, ২০১৮
১২পৰী পাৰবিনজুন, ২০১৮
১৩মৌচুমী বৰিজুলাই, ২০১৮
১৪হেমন্ত কাকতি(দ্বিতীয়বাৰ)আগষ্ট, ২০১৮(বৰ্ষপূৰ্তি বিশেষ সংখ্যা)
১৫অলকেশ ভাগৱতীচেপ্তেম্বৰ, ২০১৮
১৬ৰিমঝিম বৰঠাকুৰঅক্টোবৰ, ২০১৮
১৭নয়নমণি হালৈনৱেম্বৰ, ২০১৮
১৮তৃষ্ণা সোণোৱালডিচেম্বৰ, ২০১৮
১৯মনজিত কুমাৰ বৰাজানুৱাৰী, ২০১৯
২০তৃষ্ণা টি ভুঞাফেব্ৰুৱাৰী, ২০১৯
২১চাহিন জাফ্ৰিমাৰ্চ, ২০১৯
২২অনুৰূপ মহন্তএপ্ৰিল, ২০১৯
২৩খনিন্দ্ৰ ভুষণ মহন্তমে', ২০১৯
২৪ৰিণ্টুমণি দত্তজুন, ২০১৯
২৫দিগন্ত কুমাৰ ভট্টাচাৰ্যজুলাই, ২০১৯
২৬অভিজিৎ দত্তআগষ্ট, ২০১৯
২৭ডা° পাৰ্থসাৰথি ভুঞাচেপ্তেম্বৰ, ২০১৯
২৮ৰক্তাভ কুমাৰঅক্টোবৰ, ২০১৯
২৯ৰূপাংকৰ চৌধুৰীনৱেম্বৰ, ২০১৯
৩০দেবজিত শৰ্মাডিচেম্বৰ, ২০১৯
৩১জানুৱাৰী, ২০২০
৩২আৰাধনা বৰুৱাফেব্ৰুৱাৰী, ২০২০
৩৩ৰঞ্জন বৰুৱামাৰ্চ, ২০১২০
৩৪হিমাংশু ৰাজখোৱাএপ্ৰিল, ২০২০
৩৫ৰিণ্টুমণি দত্তমে, ২০২০
৩৬পাৰ্থ প্ৰতীম শৰ্মাজুন, ২০২০
৩৭সুকুমাৰ গোস্বামীজুলাই, ২০২০
৩৮ধূৰ্জ্জটি কাকতিআগষ্ট, ২০২০
৩৯নীলাঞ্জনা মহন্তচেপ্তেম্বৰ, ২০২০
৪০যোগেশ ভট্টাচাৰ্য্যঅক্টোবৰ, ২০২০
৪১মানসী বৰানৱেম্বৰ, ২০২০
৪২ৰাজশ্ৰী শৰ্মাডিচেম্বৰ, ২০২০
৪৩মৃদুল নাথজানুৱাৰী, ২০২১
৪৪কাবেৰী মহন্তফেব্ৰুৱাৰী, ২০২১

‘ফটাঢোল’ৰ অন্যান্য আঁচনি

অসমীয়া ভাষাৰ লিপিসমূহক ব্যাকৰণগতভাৱে শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰি ভাষা সাহিত্যৰ জগতখনো টনকিয়াল কৰাৰ উপৰিও ফটাঢোল গোটৰ তত্ত্বাৱধানতে আৰ্তজনৰ কাষত কিঞ্চিত সহায় হৈ ঠিয় দিয়াৰ উদ্দেশ্যৰে গঠন কৰা হয় এটা স্বেচ্ছাসেৱী সংগঠন “ফ’কাছ অসম” (Fotadhol Offbeat Cultural Unity Society Assam – FOCUS Assam)ৰ। এই সংগঠনটোৱেও বিভিন্ন সময়ত বানপীড়িতক সাহায্য প্ৰদান, শীতকালত আৰ্তজনক গৰম বস্ত্ৰ প্ৰদান, আৰ্থিকভাৱে দুৰ্বল ব্যক্তিৰ আৱশ্যকীয় চিকিৎসাৰ ব্যয় বহনকে ধৰি অনেক সমাজহিতৈষী কামত আগভাগ লৈ আহিছে।৫

তথ্যসূত্ৰ

  1. ↑ fotadhol.com/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%A ৰ পৰা
  2. ↑ fotadhol.com/focus-assam/ ৰ প্ৰথম দফা
  3. ↑ http://fotadhol.com/
  4. ↑ আৰ্কাইভ কপি
  5. ↑ fotadhol.com/focus-assam/{{Dead link|date=February 2025 |bot=InternetArchiveBot |fix-attempted=yes }} ৰ পৰা

সম্পৰ্কিত শ্ৰেণী

অনলাইন আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফটাঢোল” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৬৯ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।