অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

মুক্ত চিন্তা (আলোচনী)

মুক্ত চিন্তা অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মুক্ত চিন্তা অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে। মুক্ত চিন্তাৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হৈছে- কৌশিক দাস। বৰ্তমানৰ সম্পাদক বৰ্ণালী বৰুৱা দাস আৰু টুনুজ্যোতি গগৈ।

কৰ্ত্তৃত্ব আৰু পৰিচালনা

২০০৩ চনত গঠিত ‘যুক্তি-বিকাশ সমিতি, অসম’ অনুষ্ঠানে যুক্তিবাদী তথা প্ৰগতিশীল চিন্তা-চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে বিভিন্ন দিশত সাধ্যানুসৰি চেষ্টা চলাই আহিছে। অন্ধবিশ্বাস, সাম্প্ৰদায়িকতাবাদ, নাৰী অৱদমন, বৰ্ণবাদ আদিকে ধৰি সমাজজীৱনত ব্যাপ্ত বিভিন্ন শোষণমূলক আৰু অগণতান্ত্ৰিক ভাবধাৰা তথা পৰম্পৰা সম্পৰ্কে ভালেসংখ্যক পুস্তিকা অনুষ্ঠানটোৱে প্ৰকাশ কৰি আহিছে। ২০১৪ চনৰ জানুৱাৰি মাহত আৰম্ভ হোৱা বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা এষণা হ’ল অনুষ্ঠানটোৰ তৎসদৃশ আন এক পদক্ষেপ।১ শেহতীয়া সময়ছোৱাত অনুষ্ঠানটোৰ মাজত হোৱা আলাপ-আলোচনাৰ ভিত্তিত এক বহল উদ্দেশ্য আগত ৰাখি এই ‘মুক্ত চিন্তা’ অনলাইন আলোচনীখনৰ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।২

আলোচনীখনৰ লক্ষ্য আৰু উদ্দেশ্য

যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্যক সাৰথি কৰি বিভিন্ন সামাজিক বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আৰু জীৱন্ত চিন্তাৰ বাবে এখন মুকলি মঞ্চৰ সৃষ্টি কৰাই মুক্ত চিন্তাৰ প্ৰধান উদ্দেশ্য। বস্তুনিষ্ঠ চিন্তাৰ বাবে এখন অনলাইন মঞ্চৰ যোগান ধৰা আৰু সমান্তৰালভাৱে নতুন নতুন দৃষ্টিভংগীৰ কৰ্ষণৰ বাবে এক উৰ্বৰ পৰিবেশৰ সৃষ্টি কৰা, এই দুটাই হ’ল মুক্ত চিন্তাৰ মূল আদৰ্শ।৩

'মুক্ত চিন্তা'ৰ বিভিন্ন শিতানসমূহ

প্ৰথম পৃষ্ঠা, সম্পাদকীয়, সূচী, কেন্দ্ৰীয় নিবন্ধ, শিল্প-কলা-সংস্কৃতি, বিজ্ঞান-প্ৰযুক্তি, গল্প-কবিতা, বিশ্বাস-অবিশ্বাস, বিবিধ চিন্তা, অনুবাদ, গল্প কবিতা প্ৰবন্ধ উপন্যাস, সাক্ষাৎকাৰ,আলোকচিত্ৰ আদি।

'মুক্ত চিন্তা'ৰ অন্যান্য আঁচনি

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন সমলেবাৰ ইউনিক'ডলৈ ৰূপান্তৰণ কৰাটো মুক্ত চিন্তাৰ অন্যতম লক্ষ্য। সেইদৰে সমাজত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সকলোশ্ৰণীৰ মানুহৰ বাবে ডিজিটেল ৰূপত তথ্য সংৰক্ষণৰ ব্যৱস্থা কৰাটো মুক্ত চিন্তাৰ প্ৰধান আঁচনি।

তথ্যসূত্ৰ

  1. ↑ exona2014.wordpress.com/
  2. ↑ muktosinta.org/about/
  3. ↑ muktosinta.org/about/

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় ৱেবছাইটঅনলাইন আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুক্ত চিন্তা (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৪৮৮৮৮৮ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।