অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ট্ৰাঞ্চলেটৰছ আছাম

ট্ৰাঞ্চলেটৰছ আছাম (TranslatorsAssam) অসমীয়া অনুবাদ সাহিত্য সম্পৰ্কীয় এটা বহুভাষিক ৱেব প্ৰকল্প। প্ৰকল্পটো এটা অনা-লাভজনক প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ অনুবাদ সাহিত্যক ইণ্টাৰনেটৰ পৃথিৱীখনলৈ লৈ যোৱা। প্ৰকল্পটোৰ প্ৰতিষ্ঠা ২০২০ চনৰ মে' মাহৰ ২১ তাৰিখ।

হালনাগাদ: ২১ মে’ ২০২৫ ৩৩৫ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ট্ৰাঞ্চলেটৰছ আছাম (TranslatorsAssam) অসমীয়া অনুবাদ সাহিত্য সম্পৰ্কীয় এটা বহুভাষিক ৱেব প্ৰকল্প। প্ৰকল্পটো এটা অনা-লাভজনক প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ অনুবাদ সাহিত্যক ইণ্টাৰনেটৰ পৃথিৱীখনলৈ লৈ যোৱা। প্ৰকল্পটোৰ প্ৰতিষ্ঠা ২০২০ চনৰ মে' মাহৰ ২১ তাৰিখ।১ কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ বাবে সমগ্ৰ ভাৰতজুৰি প্ৰণয়ন কৰা COVID-19 pandemic lockdown in Indiaৰ সময়চোৱাত এই প্ৰকল্পটোৰ জন্ম হয়।১ প্ৰকল্পটোৰ ৱেবলিংক হৈছেঃ www.translatorsassam.com/

লক্ষ্য আৰু উদ্দেশ্য

  1. অসমীয়া ভাষালৈ বিশ্বৰ বিভিন্ন ভাষাৰ ধ্ৰুপদী আৰু সমসাময়িক সাহিত্যৰ অনুবাদ কৰা।
  2. অসমীয়া ভাষাৰ কালজয়ী সাহিত্যসমূহক ইংৰাজী ভাষালৈ অনুবাদ কৰা।
  3. নতুন অনুবাদকক অনুবাদ কাৰ্যৰ বাবে উত্‍সাহ প্ৰদান কৰা।
  4. নতুন আৰু পুৰণি অনুবাদকৰ মাজত এক সমন্বয় সাধন কৰা।২

সম্পাদনা মণ্ডলী

উপদেষ্টাঃ অৰিন্দম বৰকটকী, পঞ্চানন হাজৰিকা।

সম্পাদকঃ নিকু দুৱৰা আৰু কোকিল শইকীয়া।

সদস্যঃ অৰুণাভ দেবেন্দ্ৰনাথ কোঁৱৰ, অৱণী বুঢ়াগোহাঁই,জ্যোতিস্মিতা শইকীয়া আৰু অপৰাজিতা গগৈ।৩

মুখ্য শিতানসমূহ

এখন ভিছালৈ অপেক্ষা আৰু এনিহিলেশ্যন অৱ কাষ্টৰ প্ৰথম বেটুপাত
এখন ভিছালৈ অপেক্ষা আৰু এনিহিলেশ্যন অৱ কাষ্টৰ প্ৰথম বেটুপাতছবি: Niku Duwarah · CC BY-SA 4.0

ৱেব প্ৰকল্পটোত ঘাইকৈ দুটা মুখ্য শিতান আছে, 'অসমীয়ালৈ' আৰু 'To English'। অসমীয়ালৈ কৰা অনুবাদসমূৰ শিতানসমূহ হৈছেঃ গল্প, কবিতা, প্ৰবন্ধ, ঐতিহাসিক চিঠি-পত্ৰ, ঐতিহাসিক বক্তৃতা, ঐতিহাসিক নথি-পত্ৰ, সাক্ষ্যাতকাৰ, লোকসাহিত্য, অনুবাদৰ তাত্বিক কথাসমূহ আৰু অনুবাদকৰ আড্ডা। সেইদৰে To Englishৰ শিতানসমূহ হৈছে কবিতা, কাহিনী, প্ৰবন্ধ, ভাষণ, সাক্ষাৎকাৰ, আৰু লোক-সংস্কৃতি। প্ৰতিটো শিতানেই নিয়মীয়া।

উল্লেখযোগ্য অনুবাদসমূহ

ট্ৰাঞ্চলেটৰছ আছাম প্ৰকল্পত প্ৰকাশ পোৱা কেতবোৰ উল্লেখযোগ্য অনুবাদ হৈছেঃ

  • ভগৎ সিঙৰ জীৱনৰ শেষৰখন চিঠিৰ অসমীয়া অনুবাদ
  • লিঅ’ টল’ষ্টয়ে বিবাহ সম্পৰ্কে পুত্ৰলৈ লিখা এখন চিঠি।
  • ড০ ভীমৰাও অম্বেদকাৰৰ চিঠি
  • অসম চুক্তি
  • হিউৱেন চাঙৰ টোকা
  • নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ অসমীয়া অনুবাদ
  • মালালা ইউছুফজাইৰ নোবেল ভাষণৰ অসমীয়া ভাঙনি
  • পৰ্ণ ইজ নট ৰিয়েল
  • জয়ন্তীয়া লোক প্ৰবাদ / ফুলৰ লোভত ভোল যোৱা ছোৱালীজনী
  • Assamese poem by Revered poet Nabakanta Baruah
  • Bhoot Powali: A poem by Jyoti Prasad Agarwala
  • ‘Bastu Prakash’ from The Namaghosha by Sri Sri Madhavadeva.

প্ৰকাশিত গ্ৰন্থ

পেটিকুট আৰু অনান্য একুৰি অনুবাদ কবিতাৰ বেটুপাত
পেটিকুট আৰু অনান্য একুৰি অনুবাদ কবিতাৰ বেটুপাতছবি: Niku Duwarah · CC BY-SA 4.0
  • ট্ৰাঞ্চলেটৰছ আছামে এখন ছপা গ্ৰন্থ আৰু এখন ই-বুক প্ৰকাশ কৰিছে। ২০২২ চনত লখিমপুৰ জিলা ৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী পাল্কী প্ৰকাশনৰ সৈতে যুটীয়াভাৱে ট্ৰাঞ্চলেটৰছ আছামে জ্যোতিস্মিতা শইকীয়াই অনুবাদ কৰা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ আত্মজীৱনী "Waiting for a visa" আৰু তেওঁৰ বিখ্যাত বক্তৃতা Annihilation of casteৰ অসমীয়া অনুবাদ এখন গ্ৰন্থ "এখন ভিছালৈ অপেক্ষা আৰু এনিহিলেশ্যন অৱ কাষ্ট" প্ৰকাশ কৰে।
  • ২০২২ চনত নিকু দুৱৰাৰ দ্বাৰা অনুবাদিত একুৰি স্বনিৰ্বাচিত অনুবাদ কবিতাৰ সংকলন "পেটিকুট আৰু অনান্য একুৰি অনুবাদ কবিতা" ট্ৰাঞ্চলেটৰছ আছামে এককভাৱে ই-বুক আকাৰে প্ৰকাশ কৰে।৪

অনান্য প্ৰকল্প

ট্ৰাঞ্চলেটৰছ আছামে বহুকেইটা অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে। অনুবাদকৰ আড্ডা শীৰ্ষক অনুবাদ সম্পৰ্কীয় কৰ্মশালা এটা এই প্ৰকল্পটোৱে আৰম্ভ কৰিছিল। প্ৰকল্পটোৰ প্ৰথম বৰ্ষপুৰ্তি উপলক্ষে আয়োজন কৰা এই কৰ্মশালাখনত অৰিন্দম বৰকটকী, অৰবিন্দ ৰাজখোৱা (লেখক), জুৰী বৰা বৰগোহাঞি, পঞ্চানন হাজৰিকা, জ্যোতিস্মিতা শইকীয়া, অৰ্চনা গীতা শইকীয়া আদিৰ দৰে ন-পুৰণি অনুবাদক আৰু সাহিত্য সংগঠকসকলে অংশগ্ৰহণ কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ ETV Bharat. "অসমীয়া অনুবাদত নতুন সংযোজন ঘটাই তিনিবন্ধুৰ ব‍্যতিক্ৰমী প্ৰয়াস - Translator", Retrieved from: www.etvbharat.com/assamese/assam/state/kamrup-me
  2. ↑ Dowarah, Niku. প্ৰস্তাৱনা লেখাঃ অনুবাদকৰ যন্ত্ৰণা আৰু ‘অনুবাদক’ প্ৰকল্প. TranslatorsAssam
  3. ↑ সম্পাদনা কক্ষঃ অনুবাদক প্ৰকল্প. TranslatorsAssam
  4. ↑ নিকু দুৱৰা. ইবুকঃ পেটিকুট আৰু অনান্য একুৰি কবিতা, Retrieved from: nikuduwarah.blogspot.com/2022/07/blog-post_93.ht
  5. ↑ The Assamese Debate. (2021, February 17). Anubadokor Adda | Promo | অনুবাদকৰ আড্ডা | Translation | অনুবাদক | Assamese Webinar [Video]. YouTube. www.youtube.com/watch?v=VM5M-CyuDzQ

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰাঞ্চলেটৰছ আছাম” প্ৰবন্ধৰ সংশোধন ৫১১০৭৩ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।