অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ছক পাপেট একাউণ্ট

ছক পাপেট (sock puppet) হৈছে প্ৰতাৰণামূলক উদ্দেশ্যত ব্যৱহাৰ কৰা এটা ভুৱা অনলাইন পৰিচয়। এই শব্দটোৱে প্ৰথমে মোজা পৰিহিত হাতৰ পুতলাক বুজাইছিল। ছক পাপেটে কোনো ব্যক্তি বা সংস্থাক প্ৰশংসা, ৰক্ষা বা সমৰ্থন কৰিবলৈ, জনমতৰ নেলু টিপি ধৰিবলৈ বা ব্লক একাউণ্টৰ নিষেধাজ্ঞাক আওকান কৰিবলৈ সৃষ্টি কৰা অনলাইন পৰিচয়ক…

হালনাগাদ: ১২ জুন ২০২৫ ৬০১ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ছক পাপেট (sock puppet) হৈছে প্ৰতাৰণামূলক উদ্দেশ্যত ব্যৱহাৰ কৰা এটা ভুৱা অনলাইন পৰিচয়।১ এই শব্দটোৱে প্ৰথমে মোজা পৰিহিত হাতৰ পুতলাক বুজাইছিল। ছক পাপেটে কোনো ব্যক্তি বা সংস্থাক প্ৰশংসা, ৰক্ষা বা সমৰ্থন কৰিবলৈ,২ জনমতৰ নেলু টিপি ধৰিবলৈ৩ বা ব্লক একাউণ্টৰ নিষেধাজ্ঞাক আওকান কৰিবলৈ সৃষ্টি কৰা অনলাইন পৰিচয়ক সামৰি লয়। বহুতো অনলাইন সম্প্ৰদায় আৰু ফোৰামত ছক পাপেট গ্ৰহণীয় নহয়।

ইতিহাস

ইণ্টাৰনেট অহাৰ আগতেই ছদ্মনামেৰে আত্মপৰ্যালোচনা লিখাৰ প্ৰথা আৰম্ভ হৈছিল। লেখক ৱাল্ট হুইটমেন আৰু এন্থনী বাৰ্জেছে ছদ্মনামত নিজৰ কিতাপৰ সমালোচনা লিখিছিল,৪ যি কাম বেঞ্জামিন ফ্ৰেংকলিনেও কৰিছিল।৫

অক্সফৰ্ড ইংৰাজী অভিধানে ইণ্টাৰনেটৰ উল্লেখ নকৰাকৈ এই শব্দটোক এনেকৈ সংজ্ঞায়িত কৰিছে, "যি ব্যক্তিৰ কাৰ্য আন এজন তলতীয়া বা অনুগত ব্যক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়"।৬

ৱিকিপিডিয়াত ছকপাপেট্ৰি সমস্যাৰ ইতিহাস দীঘলীয়া। ২০১৩ চনৰ ২১ অক্টোবৰত ৱিকিমিডিয়া ফাউণ্ডেচনে (WMF) ৱিকিপিডিয়াত পেইড এডভোকেচি ছকপাপেটিঙক নিন্দা কৰে আৰু দুদিন পিছত ২৩ অক্টোবৰত ৱিকিপিডিয়াৰ ৱিকি-পি.আৰ. সম্পাদনা বিশেষভাৱে নিষিদ্ধ কৰে।৭ ২০১৫ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ৱিকিমিডিয়া ফাউণ্ডেচনে অৰেঞ্জমুডী নামেৰে জনাজাত আন এটা ছকপাপেট গোটৰ কাৰ্যকলাপ উন্মুক্ত কৰে।৮

প্ৰকাৰ

ব্লক আওকান কৰা

ছকপাপেটিং সেইসকল ব্যক্তিয়ে কৰিব পাৰে, যাৰ মূল একাউণ্টটো ব্লক বা অন্য নিষেধাজ্ঞা আৰোপিত হৈ আছে।৯

বেলট ষ্টাফিং

অনলাইন ভোট বা সমীক্ষাৰ সময়ত ভোট বৃদ্ধিৰ বাবে ছকপাপেট একাউণ্ট সৃষ্টি হ’ব পাৰে। সংখ্যাগৰিষ্ঠ মতমতক নস্যাৎ কৰি নিজা মতবাদ সাব্যস্ত কৰিবলৈ কোনো ব্যক্তি বা গোটে একাধিক একাউণ্ট সৃষ্টি কৰে। ছ’চিয়েল নেটৱৰ্কিঙৰ বিমূৰ্ত তত্ত্বত ইয়াক চাইবিল আক্ৰমণ বুলি জনা যায়।

প্ৰতাৰণামূলক ভুৱা পৰিচয়ৰ ছক-পাপেট্ৰিৰ ব্যৱহাৰ লুকাই-চুৰকৈ বিপণনত ব্যৱহাৰ কৰা হয়। চোৰাং বজাৰীবোৰে এটা বা ততোধিক ছদ্মনামযুক্ত একাউণ্ট সৃষ্টি কৰে, প্ৰতিটো একাউণ্টে পৃষ্ঠপোষকৰ সামগ্ৰী, কিতাপ বা মতাদৰ্শৰ উৎসাহী সমৰ্থক বুলি দাবী কৰে। ১০

ষ্ট্ৰ’মেন ছকপাপেট

ষ্ট্ৰ'মেন ছকপাপেট (Strawman sockpuppet) (কেতিয়াবা চমুকৈ ষ্ট্ৰ'পাপেট বুলিও কোৱা হয়) হৈছে এটা বিশেষ দৃষ্টিভংগীক মূৰ্খতাপূৰ্ণ বা বিষাক্ত যেন দেখাবলৈ সৃষ্টি কৰা এটা ফলছ্ ফ্লেগ ছদ্মনাম, যাতে বিশেষ দৃষ্টিভংগীটোৰ বিৰুদ্ধে এক নেতিবাচক আৱেগ সৃষ্টি কৰিব পৰা যায়। ষ্ট্ৰ'মেন ছকপাপেটবোৰে সাধাৰণতে বুৰ্বক, জ্ঞানহীন বা অন্ধভক্তৰ দৰে আচৰণ কৰে। ষ্ট্ৰ'মেনে যিবোৰ যুক্তি আগবঢ়ায়, সেইবোৰ তেওঁলোকৰ পুতলা নাচকসকলে সহজেই খণ্ডন কৰিব পাৰে। ইয়াৰ উদ্দেশ্যপ্ৰণোদিত প্ৰভাৱ হ'ল, একেটা স্থিতিৰ বাবে উত্থাপিত অধিক যুক্তিসংগত যুক্তিক বদনাম কৰা। ১১ এনে ছক-পাপেটবোৰে ইণ্টাৰনেট ট্ৰ’লাৰৰ দৰেই আচৰণ কৰে।

একধৰণৰ ট্ৰ’লাৰ আছে, যিয়ে ফলছ্ ফ্লেগ ছদ্মনাম ব্যৱহাৰ কৰি কোনো ৱেৱফোৰামত প্ৰৱেশ কৰে। ফোৰামৰ ঘোষিত দৃষ্টিভংগীৰ প্ৰতি দেখাত সহমত প্ৰকাশ কৰি ট্ৰ’ল পোষ্ট কৰে আৰু ফোৰামৰ কাৰ্য আৰু মতামতক জোকাৰি দিয়াৰ প্ৰচেষ্টা চলায়। তেওঁলোকে নিজকে ফোৰামৰ লক্ষ্যৰ অংশীদাৰ বুলি দাবী কৰে যদিও তেওঁলোকৰ মূল উদ্দেশ্য হ’ল, ফোৰামৰ ভিতৰত ভয়, অনিশ্চয়তা আৰু সন্দেহৰ বীজ সিঁচি দিয়া।

মিট-পাপেট

কিছুমান সূত্ৰই ছকপাপেটৰ প্ৰতিশব্দ হিচাপে মিটপাপেট (Meat Puppets) শব্দটো ব্যৱহাৰ কৰে।১২১৩১৪

ছকপাপেট্ৰিৰ বিষয়ে অনুসন্ধান

ছকপাপেট একাউণ্টসমূহ ধৰা পেলাবলৈ বিভিন্ন কৌশল বিকশিত কৰা হৈছে, য'ত সন্দেহযুক্ত ছকপাপেটৰ আইপি এড্ৰেছ তুলনা কৰা আৰু সন্দেহযুক্ত ছকপাপেটৰ লিখাৰ শৈলীৰ তুলনামূলক বিশ্লেষণ কৰা হয়।.১৫ GeoIP ব্যৱহাৰ কৰি আইপি এড্ৰেছসমূহ আৰু সিহঁতৰ অৱস্থান বিচাৰি উলিওৱা সম্ভৱ।১৬

ছকপাপেট্ৰিৰ উদাহৰণ

ব্যৱসায়িক প্ৰচাৰ

২০০৭ চনত হোল ফুডছৰ মুখ্য কাৰ্যবাহী বিষয়া জন মেকিয়ে "Rahodeb" নামেৰে য়াহু ফাইনেঞ্চ মেছেজবোৰ্ডত পোষ্ট কৰা বিষয়টো ধৰা পৰে। তাত তেওঁ নিজৰ কোম্পানীটোক প্ৰশংসা কৰিছিল আৰু প্ৰতিদ্বন্দ্বী কোম্পানী ৱাইল্ড অটছ মাৰ্কেটছৰ ভয়াৱহ ভৱিষ্যতৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল। একে সময়তে দুয়োটা কোম্পানীৰে সৈতে নিজৰ সম্পৰ্ক লুকুৱাই ৰাখিছিল। হোল ফুডছে যুক্তি দিয়ে যে মেকিৰ কাৰ্যই কোনো আইন ভংগ কৰা নাছিল।১৭১৮

২০০৭ চনত হলিংগাৰ ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যবাহী কনৰাড ব্লেকৰ বিচাৰৰ সময়ত অভিযোগকাৰীসকলে ব্লেকক "nspector" নামেৰে য়াহু ফাইনেঞ্চ চাটৰুম ব্যৱহাৰ কৰি শ্বৰ্ট চেলাৰক আক্ৰমণ কৰা আৰু তেওঁৰ কোম্পানীৰ ষ্টক প্ৰদৰ্শনৰ বাবে দোষাৰোপ কৰে। জালিয়াতি আৰু বাধাসৃষ্টিৰ দোষত অভিযুক্ত ব্লেকৰ অপৰাধিক মামলাত তেওঁৰ পোষ্টসমূহ অভিযোগকাৰীসকলে সাক্ষ্য হিচাপে আদালতক প্ৰদান কৰিছিল।১৭

গ্ৰন্থ আৰু চলচ্চিত্ৰ পৰ্যালোচনা

২০০৪ চনত আমাজন ডট কমৰ কানাডিয়ান চাইটে হাজাৰৰো অধিক লেখকৰ নাম উন্মোচন কৰে, যিয়ে ছদ্মনামত নিজৰ কিতাপৰ সমালোচনা লিখিছিল। মুখা খোল খাই যোৱা লেখকসকলৰ ভিতৰত বেষ্ট চেলাৰ উপন্যাস চিটি অৱ নাইটৰ (১৯৬৩) লেখক জন ৰেচিও আছিল। তেওঁক নিজে নিজৰ ৰচনাৰ বহুতো পাঁচ তাৰকাযুক্ত পৰ্যালোচনা লিখা দেখা গৈছিল।৪ ২০১০ চনত ইতিহাসবিদ অৰলেণ্ডো ফিগেছে "অৰলেণ্ডো-বাৰ্কবেক" আৰু "হিষ্টোৰিয়ান" ছদ্মনামেৰে আমাজনৰ সমীক্ষা লিখাটো ধৰা পৰে। তেওঁৰ নিজে নিজৰ কিতাপৰ প্ৰশংসা কৰিছিল আৰু সহযোগী ইতিহাসবিদ ৰেচেল প'লনস্কি আৰু ৰবাৰ্ট চাৰ্ভিছৰ কিতাপক নিন্দা কৰিছিল। দুয়োজনে ফিগছৰ বিৰুদ্ধে গোচৰ তৰে আৰু আৰ্থিক ক্ষতিপূৰণ লাভ কৰে।১৯২০

২০১২ চনত ব্ৰিটিছ ক্ৰাইম ৰাইটাৰ্ছ ফেষ্টিভেলত পেনেল আলোচনাৰ সময়ত লেখক ষ্টিফেন লেদাৰে নিজৰ কিতাপৰ প্ৰশংসাৰ বাবে ছদ্মনাম ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছিল আৰু দাবী কৰিছিল যে এনে কাম "সকলোৱে কৰে। ২১ সেই বছৰতে অনলাইনত কিছু তথ্য-প্ৰমাণ পাই স্পাই উপন্যাসৰ লেখক জেৰেমি ডান্সে হেঁচা দিয়াত ব্ৰিটেইনৰ ক্ৰাইম ফিকচন লেখক আৰ জে এল’ৰীয়ে স্বীকাৰ কৰে যে তেওঁ নিজৰ প্ৰতিখন উপন্যাসৰ বাবে ইতিবাচক পৰ্যালোচনা লিখিবলৈ এটা ছদ্মনাম ব্যৱহাৰ কৰিছিল আৰু লগতে আন দুজন লেখকৰ ৰচনাৰ নেতিবাচক পৰ্যালোচনা লিখিছিল। ২২২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2023-07-09). Sock puppet Definition & Meaning. Merriam-Webster
  2. ↑ Stone, Brad; Richtel, Matt. (July 16, 2007). The Hand That Controls the Sock Puppet Could Get Slapped. The New York Times
  3. ↑ Elsner, K. (November 28, 2013). China Uses an Army of Sockpuppets to Control Public Opinion – and the US Will Too. Guardian Liberty Voice
  4. ↑ Amy Harmon, "Amazon Glitch Unmasks War Of Reviewers", The New York Times, February 14, 2004.
  5. ↑ Name That Ben. PBS
  6. ↑ The reference cites a 1996 Clinton supporter calling Gore a sock puppet
  7. ↑ (November 19, 2013). Wikimedia Foundation sends cease and desist letter to WikiPR « Wikimedia blog
  8. ↑ Dredge, Stuart. (September 6, 2015). Wikipedia founder backs site's systems after extortion scam. The Guardian
  9. ↑ Poland, Bailey: Haters: Harassment, Abuse, and Violence Online, p. 230
  10. ↑ Sweney, Mark. (May 21, 2008). Should stealth marketing be regulated?. The Guardian
  11. ↑ Thomler, Craig (April 27, 2011). "Battle of the sockpuppets", Government in the Lab: The Online Magazine for Government and Politics Around the World
  12. ↑ meat puppet Definition: TechEncyclopedia from TechWeb. The Computer Language Company
  13. ↑ Read, Brock (October 9, 2006) The Chronicle of Higher Education: The Wired Campus Attack of the 'Meat Puppets'
  14. ↑ Ahrens, Frank (October 7, 2006) Washington Post 'Puppets' Emerge as Internet's Effective, and Deceptive, Salesmen Page D01
  15. ↑ Gent, Edd. (April 6, 2017). Sock puppet accounts unmasked by the way they write and post. New Scientist
  16. ↑ Yasseri, Taha. Wikipedia sockpuppetry: linking accounts to real people is pure speculation · The Policy and Internet Blog. blogs.oii.ox.ac.uk
  17. ↑ BRAD STONE and MATT RICHTEL, "The Hand That Controls the Sock Puppet Could Get Slapped", The New York Times, July 16, 2007
  18. ↑ Martin, Andrew. (July 16, 2007). Whole Foods Executive Used Alias. The New York Times
  19. ↑ Richard Lea and Matthew Taylor "Historian Orlando Figes admits posting Amazon reviews that trashed rivals", The Guardian, April 23, 2010
  20. ↑ "Orlando Figes to pay fake Amazon review damages", BBC, July 16, 2010
  21. ↑ Kerridge, Jake. (September 4, 2012). Do Consumer Are RJ Ellory's faked reviews the tip of the iceberg?. The Daily Telegraph
  22. ↑ Hough, Andrew. (September 2, 2012). RJ Ellory: detected, crime writer who faked his own glowing reviews. The Daily Telegraph
  23. ↑ Streitfeld, David. (September 4, 2012). His Biggest Fan Was Himself. The New York Times

সম্পৰ্কিত শ্ৰেণী

ইণ্টাৰনেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছক পাপেট একাউণ্ট” প্ৰবন্ধৰ সংশোধন ৫১৭৩৯২ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।