অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৩ আৰু ৬ জানুৱাৰী তাৰিখে্ মুঠ ৫৪২টা লোকসভা সমষ্টিৰ ভিতৰত ৫২৯টাত অনুষ্ঠিত হৈছিল। মেঘালয়ৰ শ্বিলং আৰু অসমৰ ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, স্বায়ত্বশাসিত জিলা, নগাওঁ, লখিমপুৰ, তেজপুৰ, মঙলদৈ, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী- এই ১৩টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা…

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২২ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৩ আৰু ৬ জানুৱাৰী তাৰিখে্ মুঠ ৫৪২টা লোকসভা সমষ্টিৰ ভিতৰত ৫২৯টাত অনুষ্ঠিত হৈছিল। মেঘালয়ৰ শ্বিলং আৰু অসমৰ ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, স্বায়ত্বশাসিত জিলা, নগাওঁ, লখিমপুৰ, তেজপুৰ, মঙলদৈ, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী- এই ১৩টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।১ অবৈধ অনুপ্ৰবেশকাৰীক বহিস্কাৰ কৰাৰ দাবীত চলা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাদে অন্য ১২টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।২

ক্ষমতাকেন্দ্ৰিক অন্তৰ্দলীয় খোৱা-কামোৰাৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বাধীন দেশৰ প্ৰথম অনা-কংগ্ৰেছী চৰকাৰখনে কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিল। দেশাইৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত মাত্ৰ ২৩ দিনৰ বাবে চৰণ সিঙে চৰকাৰ গঠন কৰিছিল। কিন্তু কংগ্ৰেছে সমৰ্থন উঠাই লোৱাত নিৰ্দিষ্ট সময়ৰ পূৰ্বেই ৬ষ্ঠ লোকসভা ভংগ কৰি দিয়া হৈছিল আৰু ৭ম লোকসভা গঠনৰ বাবে সাধাৰণ নিৰ্বাচনৰ ঘোষণা কৰা হৈছিল।৩

৬টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ১৯টা ৰাজ্যিক পৰ্যায়ৰ আৰু ১১টা পঞ্জীভূক্ত ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছে ৩৫৩খন আসনত বৃহৎ বিজয় সাব্যস্ত কৰি ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰিছিল। ৪১খন আসনেৰে ২য় স্থানত আছিল চৰণ সিঙৰ নবগঠিত জনতা পাৰ্টি (চেকুলাৰ) দল।১ উল্লেখনীয় যে নিৰ্বাচনৰ পূৰ্বে ১৯৭৯ত ভাৰতীয় জাতীয় কংগ্ৰেছ, আই (ইন্দিৰা) আৰু ইউ (দেৱৰাজ উৰ্চ্) নামেৰে দুই ভাগত বিভাজিত হৈ গৈছিল। ৭ম লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত নিৰ্বাচন আয়োগে ইন্দিৰা গান্ধী নেতৃত্বাধীন ঠালটোক প্ৰকৃত কংগ্ৰেছ বুলি স্বীকৃতি দিছিল।৩

প্ৰেক্ষাপট

ইন্দিৰা গান্ধী আৰু তেওঁ ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে ভাৰতবাসীৰ মনত পঞ্জীভূত হৈ থকা ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটে ১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ যোগে। বিৰোধী দলসমূহে, মূলতঃ ভাৰতীয় লোক দল, সমাজবাদী পাৰ্টি, কংগ্ৰেছ ফৰ ডেমোক্ৰেচী আৰু অৰ্গেনাইজেচন কংগ্ৰেছে গঠন কৰা জনতা মৰ্চাই এই নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰে আৰু মোৰাৰজী দেশাইৰ প্ৰধানমন্ত্ৰিত্বত ২৪ মাৰ্চ ১৯৭৭ত ভাৰতত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে। নিৰ্বাচন পিছত জনতা মৰ্চাৰ অন্তৰ্ভূক্ত ৰাজনৈতিক দলসমূহক বিলীন কৰি দিয়া হয় আৰু একত্ৰে জনতা পাৰ্টি নামেৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰূপে নিৰ্বাচন আয়োগৰ স্বীকৃতি লাভ কৰে।৩

কিন্তু ক্ষমতাকেন্দ্ৰিক খোৱা-কামোৰাৰ কাৰণে দেশাই চৰকাৰে কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰিলে। জনতা মৰ্চাৰ অন্যতম অংশীদাৰ ভাৰতীয় লোকদলৰ নেতা চৌধুৰী চৰণ সিং আৰু সমাজবাদীৰ পাৰ্টিৰ নেতা ৰাজ নাৰায়ণে সমৰ্থন উঠাই লোৱাত ২৮ জুলাই ১৯৭৯ত মোৰাৰজী দেশাই চৰকাৰৰ পতন হয়। সেই একেটা দিনতে চৰণ সিঙে ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (আই)ৰ বাহিৰৰ পৰা দিয়া সমৰ্থনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লোকসভাত সংখ্যাগৰিষ্ঠতা সাব্যস্ত কৰাৰ ঠিক আগেআগে ইন্দিৰা গান্ধীয়ে চৰণ সিঙৰ চৰকাৰলৈ আগবঢ়োৱা সমৰ্থন উঠাই লয়। ফলস্বৰূপে মাত্ৰ ২৩দিন পিছতে ১৪ জানুৱাৰী ১৯৮০ত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু চলিত লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাটো অৱধাৰিত হৈ পৰে।৩

দলভিত্তিক ফলাফল

ক্ৰমিক নংদলসংক্ষিপ্ত নামদলৰ স্থিতিলাভ কৰা আসন+/–
১কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াCPIৰাষ্ট্ৰীয় দল১০+৩
২ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)CPMৰাষ্ট্ৰীয় দল৩৭+১৫
৩ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)INC(I)ৰাষ্ট্ৰীয় দল৩৫৩+২০০
৪ভাৰতীয় জাতীয় কংগ্ৰেছ (ইউ)INC(U)ৰাষ্ট্ৰীয় দল১৩নতুন
৫জনতা পাৰ্টিJNPৰাষ্ট্ৰীয় দল৩১–২৬৪
৬জনতা পাৰ্টি (চেকুলাৰ)JNP(S)ৰাষ্ট্ৰীয় দল৪১নতুন
৭অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমADKৰাজ্যিক দল২–১৬
৮অল পাৰ্টি হিল লিডাৰছ্ কনফাৰেঞ্চAHLৰাজ্যিক দল০নতুন
৯দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমDMKৰাজ্যিক দল১৬+১৪
১০অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকFBLৰাজ্যিক দল৩+১
১১অল ইণ্ডিয়া মুছলিম লীগIMLৰাজ্যিক দল০+১
১২জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেনছ্JKNৰাজ্যিক দল৩+১
১৩কেৰালা কংগ্ৰেছKECৰাজ্যিক দল১০
১৪মহাৰাষ্ট্ৰ গোমন্তক পাৰ্টিMAGৰাজ্যিক দল১০
১৫মণিপুৰ পিপ’লছ্ পাৰ্টিMRPৰাজ্যিক দল০০
১৬মুছলীম লীগ (অপ’জিচন)MULৰাজ্যিক দল২নতুন
১৭পিপ’লছ্ পাৰ্টি অফ অৰুণাচলPPAৰাজ্যিক দল০নতুন
১৮পিপলছ্ কনফাৰেঞ্চPPCৰাজ্যিক দল০নতুন
১৯পিজেণ্টছ্ এণ্ড ৱাৰ্কাৰ্ছ পাৰ্টি অফ ইণ্ডিয়াPWPৰাজ্যিক দল০–৫
২০ৰিভ’লুশ্যনাৰী ছোচিয়েলিষ্ট পাৰ্টি (ভাৰত)RSPৰাজ্যিক দল৪০
২১শিৰোমণি আকালী দলSADৰাজ্যিক দল১–৮
২২চিক্কিম কংগ্ৰেছ (ৰিভ’লুশ্যনাৰী)SCRৰাজ্যিক দল০নতুন
২৩চিক্কিম জনতা পৰিষদSJPৰাজ্যিক দল১নতুন
২৪ত্ৰিপুৰা উপজাতি যুৱ সমিতিTUSৰাজ্যিক দল০০
২৫ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট (ইণ্ডিয়া)UDFৰাজ্যিক দল০–১
২৬ভাৰতীয় ছোচিয়েলিষ্ট পাৰ্টিBSPপঞ্জীভূক্ত দল০নতুন
২৭অল ইণ্ডিয়া লেবাৰ পাৰ্টিILPপঞ্জীভূক্ত দল০০
২৮ঝাৰখণ্ড পাৰ্টিJKDপঞ্জীভূক্ত দল১+১
২৯অল ইণ্ডিয়া মুছলিম মজলিচ (ডঃ ফাৰিদি)MUMপঞ্জীভূক্ত দল০নতুন
৩০ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়াRPIপঞ্জীভূক্ত দল০০
৩১ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া (খোব্ৰাগেড়ে)RPKপঞ্জীভূক্ত দল০–২
৩২অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদRRPপঞ্জীভূক্ত দল০০
৩৩শিৱসেনাSHSপঞ্জীভূক্ত দল০নতুন
৩৪চিক্কিম প্ৰজাতন্ত্ৰ কংগ্ৰেছSPCপঞ্জীভূক্ত দল০নতুন
৩৫শোষিত সমাজ দল (অখিল ভাৰতীয়)SSDপঞ্জীভূক্ত দল০০
৩৬ছোচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়াSUCপঞ্জীভূক্ত দল০০
৩৭নিৰ্দলীয়IND৯০
মুঠ৫২৯–১৩
উৎস EIC

তথ্যসূত্ৰ

  1. ↑ STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA. Election Commission of India
  2. ↑ দত্ত, দিলীপ. (১৯৯১). খোঁচাবিন্ধা বুৰঞ্জী. অসমী প্ৰকাশন, গুৱাহাটী-১. পৃ. ১৯-২৬, ৩১-৮৮
  3. ↑ Rashi Mathur. (8 April 2019). History Revisited: How political parties fared in 1980 Lok Sabha election. Zee News India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সাধাৰণ নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৩৪১৬৫৮ (৩০ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।