কৰিমগঞ্জ লোকসভা সমষ্টি (Karimganj Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সমষ্টিসমূহ
কৰিমগঞ্জ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে ১:
| ক্ৰম | সমষ্টিৰ নাম | অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত | জিলা |
|---|---|---|---|
| ১ | ১, ৰাতাবাৰী বিধানসভা সমষ্টি | অনুসূচিত জাতি | কৰিমগঞ্জ |
| ২ | ২, পাথাৰকান্দি বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
| ৩ | ৩, কৰিমগঞ্জ উত্তৰ বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
| ৪ | ৪, কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
| ৫ | ৫, বদৰপুৰ বিধানসভা সমষ্টি | নহয় | কৰিমগঞ্জ |
| ৬ | ৬, হাইলাকান্দি বিধানসভা সমষ্টি | নহয় | হাইলাকান্দি |
| ৭ | ৭, কাটলিচেৰা বিধানসভা সমষ্টি | নহয় | হাইলাকান্দি |
| ৮ | ৮, আলগাপুৰ বিধানসভা সমষ্টি | নহয় | হাইলাকান্দি |
লোকসভাৰ সদস্যসকল
আৰম্ভণিৰেপৰা বৰ্তমানলৈ কৰিমগঞ্জ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।২
| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৬২ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৬৭ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৭১ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৭৭ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৮০ | নিহাৰ ৰঞ্জন লস্কৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ (ই) |
| ৬ | ১৯৮৫ | সুদৰ্শন দাস | ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) |
| ৭ | ১৯৯১ | দ্বাৰকা নাথ দাস | ভাৰতীয় জনতা পাৰ্টী |
| ৮ | ১৯৯৬ | দ্বাৰকা নাথ দাস | ভাৰতীয় জনতা পাৰ্টি |
| ৯ | ১৯৯৮ | নেপাল চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | ১৯৯৯ | নেপাল চন্দ্ৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১১ | ২০০৪ | ললিত মোহন শুক্লবৈদ্য | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১২ | ২০০৯ | ললিত মোহন শুক্লবৈদ্য | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৩ | ২০১৪ | ৰাধেশ্যাম বিশ্বাস ৩ | এ আই ইউ ডি এফ |
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ 164.100.47.132/LssNew/members/lokprev.aspx
- ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিমগঞ্জ (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৪২৩৮৬৩ (২৩ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।