অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ধুবুৰী লোকসভা সমষ্টি

ধুবুৰী লোকসভা সমষ্টি (Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম লোকসভা সমষ্টি৷ এই সমষ্টিটো নামনি অসমৰ ১১টা বিধানসভা খণ্ডৰে গঠিত, দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু ধুবুৰী জিলাৰ সকলো অংশ; গোৱালপাৰা জিলাৰ কিছু অংশ, বঙাইগাঁও জিলাৰ কিছু অংশ আৰু বৰপেটা…

হালনাগাদ: ২২ জুন ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ধুবুৰী লোকসভা সমষ্টি (Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম লোকসভা সমষ্টি৷ এই সমষ্টিটো নামনি অসমৰ ১১টা বিধানসভা খণ্ডৰে গঠিত,১ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু ধুবুৰী জিলাৰ সকলো অংশ; গোৱালপাৰা জিলাৰ কিছু অংশ, বঙাইগাঁও জিলাৰ কিছু অংশ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি লৈছে৷ আনুমানিক জনসংখ্যা ৫০ লাখ বাসিন্দাৰ সৈতে ধুবুৰী লোকসভা সমষ্টিত ২৬ লাখ পঞ্জীয়নভুক্ত ভোটাৰ আছে। ধুবুৰী লোকসভা সমষ্টি সমগ্ৰ ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ভিতৰতে সৰ্বাধিক জনবসতিপূৰ্ণ সমষ্টি।২

বিধান সভাৰ সমষ্টিসমূহ

ধুবুৰী লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে৩:

  • মানকাচৰ বিধানসভা সমষ্টি
  • শালমাৰা দক্ষিণ বিধানসভা সমষ্টি
  • ধুবুৰী বিধানসভা সমষ্টি
  • গৌৰীপুৰ বিধানসভা সমষ্টি
  • গোলোকগঞ্জ বিধানসভা সমষ্টি
  • বিলাসীপাৰা (পশ্চিম) বিধানসভা সমষ্টি
  • বিলাসীপাৰা (পূব) বিধানসভা সমষ্টি
  • গোৱালপাৰা (পূব) বিধানসভা সমষ্টি
  • গোৱালপাৰা (পশ্চিম) বিধানসভা সমষ্টি
  • জলেশ্বৰ বিধানসভা সমষ্টি

লোক সভাৰ সদস্য

ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১১৯৫১আমজাদ আলিপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
২১৯৫৭আমজাদ আলিপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
৩১৯৬২গিয়াছুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪১৯৬৭জাহানুদ্দিন আহমেদপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
৫১৯৭১মইনুল চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৬১৯৭৭আহমেদ হুচেইনভাৰতীয় জাতীয় কংগ্ৰেছ
৭১৯৮৪আব্দুল হামিদভাৰতীয় জাতীয় কংগ্ৰেছ
৮১৯৯১নুৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
৯১৯৯৬নুৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
১০১৯৯৮আব্দুল হামিদভাৰতীয় জাতীয় কংগ্ৰেছ
১১১৯৯৯আব্দুল হামিদভাৰতীয় জাতীয় কংগ্ৰেছ
১২২০০৪আনোৱাৰ হুচেইনভাৰতীয় জাতীয় কংগ্ৰেছ
১৩২০০৯বদৰুদ্দিন আজমলসৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
১৪২০১৪বদৰুদ্দিন আজমলসৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
১৫২০১৯বদৰুদ্দিন আজমলসৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
১৬২০২৪ৰকিবুল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ ৪

নিৰ্বাচনৰ ফলাফল

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ chanakyya.com/Parliament-Details/Dhubri
  2. ↑ (13 April 2016). More than 90 per cent turnouts mark aggressive Muslim voting in Assam
  3. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
  4. ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টিধুবুৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুবুৰী লোকসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৩৬৮১ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।