চলচ্চিত্ৰ পৰিচালক
১০৪ প্ৰবন্ধ
-
দীপা মেহতা
দীপা মেহতা (Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্তমান কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা দীপা মেহতা এগৰাকী চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকো। তেখেতে সৰ্বাধিক পৰিচিতি লাভ কৰে 'উপাদান ত্ৰয়ী' বা 'Elements Trilogy'ৰ নিৰ্মাণৰ বাবে।
-
মীৰা নায়াৰ
মীৰা নায়াৰ (জন্ম ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী ভাৰতীয় আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ প্ৰডাক্টচন কোম্পানী মীৰাবাঈ ফিল্মছ আন্তৰাষ্ট্ৰীয় দৰ্শকক ভাৰতীয় সমাজৰ প্ৰকৃত পৰিচয় দাঙি ধৰাৰ বাবে বিখ্যাত। তেওঁৰ বোলছবি সমূহত ভাৰতীয় সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায়।
-
ৰাজেশ ভূঞা
ৰাজেশ ভূঞা হৈছে অসমৰ এগৰাকী প্ৰবীণ পৰিচালক। ভূঞাই বৰ্তমানলৈকে ৮০ খনতকৈও অধিক ভিচিডি, ছবি আৰু ধাৰাবাহিক পৰিচালনা কৰিছে। অসমৰ হাৰ্থৱ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)ৰো পৰিচালক ৰাজেশ ভূঞা।
-
চাৰ্লি চেপলিন
ছাৰ চাৰ্লছ স্পেনচাৰ `চাৰ্লি চেপলিন (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) আছিল ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে।
-
আকিৰা কুৰোছাৱা
আকিৰা কুৰোছাৱা (Akira Kurosawa জন্ম:২৩ মাৰ্চ, ১৯১০ -- মৃত্যু: ৬ ছেপ্টেম্বৰ, ১৯৮৮), জাপানৰ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। জাপানৰ চলচিত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাই দিয়াৰ উপৰিও বিশ্বৰ চিনেমা ইতিহাসত কুৰোছাৱা এটা লেখত লবলগীয়া নাম।
-
কৰণ জোহৰ
কৰণ কুমাৰ জোহৰক (জন্মতে: ৰাহুল কুমাৰ জোহৰ; ২৫ মে' ১৯৭২), প্ৰায়ে অনানুষ্ঠানিকভাৱে কেজো (KJo) বুলি কোৱা হয়৷ ৷ তেওঁ এজন ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক-যিয়ে প্ৰায়ে হিন্দী ছবিজগতত কাম কৰে৷ তেওঁৰ কোম্পানী ধৰ্ম প্ৰডাকচনৰ অধীনত কেইবাজনো সফল অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাৰ…
-
কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী
কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলী (S. S. Rajamouli, জন্ম: ১০ অক্টোবৰ, ১৯৭৩, পেছাদাৰীভাৱে এছ. এছ. ৰাজামৌলী হিচাপে পৰিচিত) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ বেছিভাগ কৰ্ম তেলুগু ভাষাতে কৰিছে আৰু উচ্চ ফেণ্টাছী আৰু পিৰিয়ড ছবি নিৰ্মাণৰ বাবে সততে পৰিচিত।
-
ষ্টিভেন স্পিলবাৰ্গ
ষ্টিভেন এলান স্পিলবাৰ্গ (Steven Allan Spielberg; জন্ম: ১৮ ডিচেম্বৰ, ১৯৪৬) হৈছে এজন আমেৰিকান ছবি-নিৰ্মাতা। তেওঁক নব্য-হলিউড যুগৰ এজন অন্যতম ৰূপকাৰ বুলি অভিহিত কৰা হয় আৰু ছবি উদ্যোগৰ এজন অগ্ৰগণ্য প্ৰযোজক-পৰিচালক হিচাপে বিভূষিত কৰা হয়।
-
অঞ্জন দত্ত (শিল্পী)
অঞ্জন দত্ত এজন ভাৰতীয় বাঙালী গায়ক, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ সংগীতৰ বাবেহে বেছি পৰিচিত। তেওঁৰ বিখ্যাত গীতসমূহৰ ভিতৰত 'বেলা বোস', 'ৰঞ্জনা আমি আৰ আছবোনা' অন্যতম। তেওঁৰ শৈশৱকাল অতিবাহিত হৈছিল দাৰ্জিলিঙত। অঞ্জন দত্ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।
-
গৌতম ঘোষ
গৌতম ঘোষ (Goutam Ghose); জন্ম ২৪ জুলাই ১৯৫০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ যিজনে মূলতঃ বাংলা ভাষাৰ চিনেমাত কাম কৰে। ১৯৯৭ চনত ইটালীৰ "ভিটৰিঅ' ডি চিকা" বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।
-
আৰ মাধৱন
ৰংগনাথন মাধৱন (Ranganathan Madhavan; জন্ম:- ১ জুন ১৯৭০) এজন ভাৰতীয় অভিনেতা, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক৷ তেওঁ প্ৰধানকৈ তামিল আৰু হিন্দী চিনেমাত কাম কৰে।
-
ইংমাৰ বাৰ্গমেন
আৰ্নষ্ট ইংমাৰ বাৰ্গমেন (Ernst Ingmar Bergman) (; ১৪ জুলাই, ১৯১৮ – ৩০ জুলাই, ২০০৭) ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছন-ৰো পৰিচালক। তেখেতক সৰ্বকালৰ অতি কুশলী আৰু প্ৰভাৱশালী পৰিচালকৰ শাৰীত স্থান দিয়া হয়।
-
আলফ্ৰেড হিচকক
চাৰ আলফ্ৰেড জোচেফ হিচকক (Alfred Hitchcock; জন্ম: ১৩ আগষ্ট, ১৮৯৯ - মৃত্যু: ২৯ এপ্ৰিল, ১৯৮০) এজন ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। যুক্তৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগত তেওঁ নিৰ্বাক আৰু সবাক দুই ধৰণৰ ছবি নিৰ্মাণ কৰি তেওঁ সফলতা অৰ্জন কৰিছিল।
-
ষ্টেনলি কুবৰিক
ষ্টেনলি কুবৰিক (Stanley Kubrick; ২৬ জুলাই, ১৯২৮ – ৭ মাৰ্চ, ১৯৯৯) আছিল এজন আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। তেওঁক ছবিজগতৰ এগৰাকী প্ৰভাৱশালী নিৰ্মাতা হিচাপে বিবেচনা কৰা হয়। তেওঁৰ ছবিসমূহ মূলতঃ উপন্যাস আৰু চুটি গল্পৰ আধাৰত নিৰ্মিত।
-
ক্ৰিষ্টোফাৰ ন'লান
ছাৰ ক্ৰিষ্টোফাৰ এডৱাৰ্ড ন'লান (Sir Christopher Edward Nolan; জন্ম:-৩০ জুলাই ১৯৭০) এজন ব্ৰিটিছ আৰু আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা। গাঁথনিগতভাৱে জটিল কাহিনী-কথনৰে সমৃদ্ধ হলিউডৰ ব্লকবাষ্টাৰ ছবিৰ বাবে পৰিচিত ন'লানক একবিংশ শতিকাৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
ছেৰ্গেই আইজেনষ্টাইন
ছেৰ্গেই মিখালোভিচ্ আইজেনষ্টাইন (জানুৱাৰী ২৩, ১৮৯৮ - ফেব্ৰুৱাৰী ১১, ১৯৪৮), এজন ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ তাত্বিক। তেখেতক চলচ্চিত্ৰ সম্পদনাত ব্যৱহৃত মন্তাজ পদ্ধতিৰ জন্মদাতা বুলি কোৱা হয়।
-
মোহিত সূৰী
মোহিত সূৰী (Mohit Suri; জন্ম: ১১ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ মাৰ্ডাৰ ২ (২০১১), মিউজিকেল ৰোমান্সধৰ্মী কথাছবি আশিকি ২ (২০১৩), ৰোমাণ্টিক একশ্যন-থ্ৰিলাৰধৰ্মী কথাছবি আৱাৰাপান (২০০৭), এক ভিলেইন (২০১৪), মালাং (২০২০) আৰু ছাইয়াৰা (২০২৫) আদি পৰিচালনা কৰে।
-
অমোল গুপ্তে
অমোল গুপ্তে (জন্ম ১৯৬২)এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, অভিনেতা, গায়ক আৰু পৰিচালক।২০০৭ চনত মুক্তিলাভ কৰা তাৰে জমিন পৰ (Like Stars on Earth) ছবিখনৰ বাবে অমোল গুপ্তে সৃষ্টিশীল পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপে খ্যাতি লাভ কৰে।
-
এঞ্জেলিনা জলি
এঞ্জেলিনা জলি (Angelina Jolie) (জন্ম: ৪ জুন, ১৯৭৫; এঞ্জেলিনা জলি ভট) এগৰাকী জনপ্ৰিয় আমেৰিকান অভিনেত্ৰী। তেখেতে তিনিবাৰ গোল্ডেন গ্লোব পুৰস্কাৰ, দুবাৰ স্ক্ৰিন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ আৰু এবাৰ একাডেমি পুৰস্কাৰ লাভ কৰিছে।
-
কিৰা মুৰাট'ভা
কিৰা সিঅৰ্হিয়ুইভনা মুৰাট'ভা (Kira Heorhiyivna Muratova; ৫ নৱেম্বৰ ১৯৩৪ – ৬ জুন ২০১৮) ছ'ভিয়েট সংঘ আৰু ইউক্ৰেনীয়ানৰ এগৰাকী পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী আছিল। এই পূৰ্বোত্তৰৰ স্লাভিকিয় নামটোৰ পিতৃৰ ফালৰ নাম হয় জৰ্জিয়ুইভনা আৰু পৰিয়ালৰ নাম হয় কৰটক'ভা/মুৰাট’ভা।
-
ক্লৱি ঝাও
ক্লৱি ঝাও (Chloé Zhao), জন্ম-৩১ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী চীনা ছবি-নিৰ্মাতা। আমেৰিকান স্বাধীন ছবিলৈ (Independent Films) আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত জনাজাত। ক্লৱিৰ প্ৰথমখন কাহিনী-ছবি আছিল Songs My Brothers Taught Me। ছবিখনে ২০১৫ চনত মুক্তিলাভ কৰিছিল আৰু ছানডান্স ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
-
পায়ল কাপাদিয়া
পায়ল কাপাদিয়া (Payal Kapadia; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ এ নাইট অৱ ন'ইং নথিং ছবিৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ গোল্ডেন আই বঁটা লাভ কৰে ২০১৭ চনত তেওঁৰ চুটি ছবি আফটাৰনুন ক্লাউডছ আছিল ৭০ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত একমাত্ৰ ভাৰতীয়…
-
অৰুণ বোস
অৰুণ বোস (Arun Bose) (জন্ম: ২১ ডিচেম্বৰ ১৯৮২) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক আৰু প্ৰযোজক। তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত।
-
ঋষব শেট্টী
প্ৰশান্ত শ্বেট্টী (Prashanth Shetty; জন্ম: ৭ জুলাই ১৯৮৩), পেছাগতভাৱে ঋষব শেট্টী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক যি প্ৰধানকৈ কানাড়া ভাষাৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰে। শ্বেট্টীয়ে টুগলাক (২০১২) নামৰ ছবিখনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
কে জি জৰ্জ
কুলাক্কাত্তিল গীভাৰ্গিজ জৰ্জ (২৪ মে' ১৯৪৬ ২৪ ছেপ্টেম্বৰ ২০২৩) আছিল মালয়ালম চলচ্চিত্ৰ জগতত সক্ৰিয় এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁক কেৰালাই লাভ কৰা অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
জাকিৰ খান
জাকিৰ খান (১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯) বাংলাদেশৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মুঠ ১১ খন বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। ২০১৯ চনৰ ১৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।
-
তিমথি দাস হান্সে
তিমথি দাস হান্সে (Timothy Das Hanse) অসম, ভাৰতৰ এজন চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক আৰু গীতিকাৰ। তেখেতে মূলত: অসমীয়া আৰু কাৰ্বি ছবিজগতত কাম কৰিছিল৷ ১৯৮৫ চনত অসমীয়া ছবিজগতৰ লগত জড়িত হৈ পৰা তিমথি দাস হান্সে পৰৱৰ্তী সময়ত পাহাৰী কন্যা, ৰঙা মদাৰ আৰু ২০০৯ চনত অসম চৰকাৰৰ…
-
মজীদ মজীদী
মজীদ মজীদী (مجید مجیدی,, জন্ম: ১৭ এপ্ৰিল ১৯৫৯) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰায়ে শিশু বা কিশোৰ-কিশোৰীক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে দেখুওৱা হয়; শৈশৱৰ নিষ্পাপতা, পাৰিবাৰিক বন্ধন, দৰিদ্ৰতা, সামাজিক সমস্যা আৰু সংহতিৰ দৰে বিষয় অন্বেষণ কৰা হয়; আৰু এই চলচ্চিত্ৰসমূহ…
-
মাছৌদ কিমিয়াই
মাছৌদ কিমিয়াই (ফাৰ্চী: مسعود کیمیایی; জন্ম ২৯ জুলাই ১৯৪১) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
-
লীনা যাদৱ
লীনা যাদৱ (Leena Yadav), জন্ম- ৬ জানুৱাৰী ১৯৭১) হৈছে এগৰাকী ভাৰতীয় ছবি পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য লেখক আৰু সম্পাদক৷ লীনা যাদৱে টেলিভিছন উদ্যোগত নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পৰৱৰ্তী সময়ত পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে৷ তেখেতৰ প্ৰথমখন আন্তৰ্জাতিক ছবি আছিল পাৰ্চড্৷ ২০১৫ চনত…